• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ; ৰাজ্যসভালৈ যোৱাৰ কথা নুই কৰিলে মন্ত্ৰীগৰাকীয়ে

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , February 28, 2020 3:51 pm

2 min read

3.6k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে শিৱসাগৰত ক’লা পতাকাৰ সন্মুখীন হয় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

এদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীক আছুৱে শিৱসাগৰ অ’এনজিচি ক’লনি গেটৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰে।

পুৱা প্ৰায় ১০ মান বজাত শিৱসাগৰ অ’এনজিচি ক’লনিত হেলিকপ্তাৰৰ পৰা ৱতৰণ কৰিয়েই মন্ত্ৰীগৰাকী বি জি ৰোড হৈ সদ্যপ্ৰয়াত অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ বাসগৃহলৈ নিজা কনভয়েৰে গৈ থকা অৱস্থাত অ’এনজিচি ক’লনি গেটৰ সন্মুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ শতাধিক সদস্যই ক’লা পতাকা প্ৰদৰ্শন কৰে।

প্ৰতিবাদকাৰীসকলে কা’ আমি নামানো, বিজেপি গৌ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক ধ্বনিৰে ৰাজপথ কঁপাই তোলে।

ক’লা পতাকাৰ সন্মুখীন হোৱাৰ পিছতেই মন্ত্ৰীগৰাকী উপস্থিত হয় সদ্য প্ৰয়াত বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ শিৱসাগৰৰ ৰেডক্ৰচস্থিত ৰোডৰ বাসগৃহত।

মন্ত্ৰীগৰাকীয়ে প্ৰণৱ কুমাৰ গগৈৰ প্ৰতিছব্বিত শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মন্ত্ৰী যোগেন মোহন,সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দুৱৰী, নৱনীতা সন্দিকৈ,  বিজেপিৰ ৰাজ্যিক সভাপতি ভবেন মহন, জিলা সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীকে ধৰি বহু বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে।

শিৱসাগৰ উপ নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, ‘’প্ৰণৱ কুমাৰ গগৈৰ বিয়োগৰ পিছত এই উপ নিৰ্বাচন অনুষ্ঠিত হব। এক বেদনা দায়ক পৰিৱেশ সৃষ্টি হোৱা উপ নিৰ্বাচন। গতিকে ইমান বেছি ৰাজনৈতিক কুছকৱাচ চলিব বুলি ভৱা নাই।‘’

ৰাজ্যসভালৈ তেওঁ যাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘’কেনেকে যাৱ আগন্তুক দিনত নিৰ্বাচন আহি আছে। ৰাজ্য সভাৰ দুখন আখন আমি পোৱাটো নিশ্চিত। তাৰে এখন বিপিএফক এৰি দিয়া হ’ব কাৰণ তেওঁলোক আমাৰ সহযোগী দল আৰু এখন আসনত আমাৰ দলৰ প্ৰাৰ্থী হ’ব।‘’

‘’ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে আমাৰ বিশেষ কুছকৱাজ নাই। যিহেতু আমি দুখন আসন পামেই। বিষয়টো সৰল ভাৱে চলি আছে আৰু সৰল ভাৱেই শেষ হব,’’-তেওঁ কয়।

আনহাতে, ‘তৃতীয়খন আসন যিহেতু আমি নাপাও যেতিয়া সেই খন আসনৰ কথা পতাৰ কোনো আগ্ৰহ নাই’ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয়, ‘’তৃতীয়খন আসন কা’ বিৰোধীক দিয়ে বা কা’ সমৰ্থকক দিয়ে বা তেওঁলোকৰ দলৰ কোনো প্ৰাৰ্থীক দিয়ে সেইটো তেওঁলোকৰ কথা।‘’

তেওঁ কয়, ‘’অসমৰ নিৰ্বাচনৰ প্ৰভাৱ যদি দিল্লীত পৰিছিল তেন্তে দিল্লীৰ নিৰ্বাচনৰ প্ৰভাৱ অসমতো পৰিব।‘’

শিৱসাগৰৰ বেতন বঞ্চিত ১৫৩০ গৰাকী শিক্ষকৰ সন্দৰ্ভত তেওঁ কয় যে বিষয়টো মোৰ এজেণ্ডাত ৰাখিছো। এক ইতিবাচক দৃষ্টি ভংগীৰে কিবা এটা কৰাৰ আশ্বাস দিয়ে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd