NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ ফল ঘোষণাৰ নিশাই হাইলাকান্দিৰ মছজিদত বোমা বিস্ফোৰণ

May 24, 2019 10:16 pm · ৰাহুল চক্ৰবৰ্তী
Updated: May 24, 2019 10:19 pm

কিছুদিন পূৰ্বে নামাজক লৈ সাম্প্ৰদায়িক সংঘাত সৃষ্টি হোৱা হাইলাকান্দিৰ এটা মছজিদত আজি বোমা বিস্ফোৰণ হয়।

ঘটনাটো ঘটে অসম-মিজোৰামৰ সীমান্তৰ কচুৰথল নামৰ ঠাইত ২৩ মে’ৰ একেবাৰে পুৱতি নিশাতে।

অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীয়ে নিশ্চিত কৰে।

আজি দিনৰ ভাগত বিস্ফোৰণথলী পৰিদৰ্শন কৰি জিলাৰ উপায়ুক্ত কীৰ্থি জল্লী আৰু আৰক্ষী অধীক্ষক মনীশ মিশ্ৰই ঘটনাৰ বুজ লয়। ভ্ৰমণকালত উপায়ুক্তগৰাকীয়ে মিজোৰামৰ ক’লাশিব জিলাৰ উপায়ুক্ত আৰু জিলাখনৰ আৰক্ষী অধীক্ষকৰ সৈতেও কথা পাতে।

স্থানীয় লোকৰ সন্দেহমতে, পুৱতি নিশাতেই মিজো দুষ্কৃতিকাৰীয়ে এই কাণ্ড কৰিব পাৰে।

তদন্তৰ লগতে সীমান্তৰ দুয়োপাৰৰ পৰা দুষ্কৃতিকাৰীক ধৰিবলৈ চেষ্টা চলি আছে যদিও ঘটনা সন্দৰ্ভত এই পৰ্য্যন্ত কাকো গ্ৰেপ্তাৰ কৰা নাই, আৰক্ষীৰ সূত্ৰটোৱে কয়।

অসামৰিক প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো লোকক শান্তি বজাই ৰাখি সম্প্ৰীতিৰে বাস কৰিবলৈ আহ্বান জনাইছে।

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ আহ্বানত পথ অৱৰোধ কৰা স্থানীয় লোকসকলে সেয়া প্ৰত্যাহাৰ কৰে। তেওঁলোকে মছজিদটোৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ দাবী কৰে।

আনহাতে কাথলিচেৰাৰ বিধায়ক ছুজাম উদ্দিন লস্কৰেও ঘটনাস্থলী ভ্ৰমণ কৰি স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

Related News