• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজৰ ব্যৱসায় : শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এক ইউনিট তেজৰ দাম ২০০০ টকা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 20, 2018 6:31 am
1.7k
VIEWS
Share on FacebookShare on Twitter

যি সময়ত শিৱসাগৰত বহুকেইটা স্বেচ্ছাসেৱী সংগঠনে বিনামূলীয়া কৈ  ৰোগীক ৰক্ত দান কৰি মানৱ সেৱাত জড়িত হৈ আহিছে সেই সময়তে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চলিছে ৰঙা তেজৰ এক ৰমৰমীয়া বেপাৰ।

এই ৰমৰমীয়া বেপাৰত খুদ চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে জড়িত। এই কথা প্ৰমাণ কৰে দীৰ্ঘদিনৰ অভিযোগৰ ভিত্তিত বুধবাৰে ৰোগীৰ আত্মীয়ক তেজ বিক্ৰী কৰি চিকিৎসালয় খনৰ ব্লাড বেংকৰ কৰ্মচাৰী চুকাফা বুঢ়াগোহাঁই হাতে-লোটে ধৰা পৰা কাৰ্যই।

উল্লেখযোগ্য যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত দীৰ্ঘদিন ধৰি তেজৰ মুকলি বেহা চলি থকা বুলি এক অভিযোগ উত্থাপিত হৈ আহিছিল। ৰোগীৰ আত্মীয়ই যদি ব্লাড বেংকত তেজ বিচাৰি আহে সদায় ব্লাড বেংকৰ কৰ্মচাৰী চুকাফা এণ্ড কোম্পানীৰ এটাই উত্তৰ ষ্টক খালী, তেজ নাই।

কিন্তু মন কৰিব লগীয়া যে ৰোগীৰ আত্মীয়ই যদি ২০০০ টকাৰ নোট লৈ আহে তেতিয়া তৎমূহূৰ্ততে পায় বিচাৰি অহা যিকোনো গ্ৰুপৰ তেজ। প্ৰতি ইউনিট তেজৰ মূল্য ২০০০ টকাকৈ ফিক্সড দৰ ধাৰ্য্য কৰা আছে চুকাফা বুঢ়াগোহাঁইৰ অধীনৰ চৰকাৰী ব্লাড বেংকত।

শিৱসাগৰৰ দৰিদ্ৰ জনতাৰ একমাত্ৰ ভৰসাৰ স্থল এই চৰকাৰী চিকিৎসালয়ত ব্লাড বেংকত কৰ্মচাৰীৰ নামত থিতাপি লৈছে চুকাফা, উপেন নামৰ তেজ বেপাৰীয়ে। ব্লাড বেংকৰ তত্ত্বাৱধায়ক ডাঃ অখিল হাজৰিকাৰ চকুৰ সন্মুখতেই চলি আছে এই ৰঙা তেজৰ ক’লা বেপাৰ।

অৱশ্যে দুৰ্ভাগ্যজনকভাৱে বুধবাৰে শিৱসাগৰ জিলাৰ বিহুবৰ লক্ষ্মীজানৰ নিৰ্মল কঁয়া নামৰ দৰিদ্ৰ লোকজনক ২০০০ টকাৰ বিনিময়ত এক ইউনিট তেজ বিক্ৰী কৰোতেই হাতে-লোটে ধৰা পৰিল চুকাফা বুঢ়াগোহাঁই।

ঘটনাৰ বিৱৰণি মতে নিৰ্মল কাঁয়াৰ ভনীয়েক সংগীতা কাঁয়াক সন্তান জন্মদিয়াৰ বাবে মংগলবাৰে ভৰ্তি কৰোৱা হৈছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। প্ৰসূতি গৰাকীক তেজৰ প্ৰয়োজন হোৱাত ভাতৃ নিৰ্মল কাঁয়ে কাষ চাপিছিল ব্লাড বেংকৰ কৰ্মচাৰী চুকাফা এণ্ড কোম্পানীৰ ।

সেই সময়তে চুকাফা বুঢ়াগোহাঁইয়ে তেজ বিক্ৰী কৰি টকা লওঁতেই হাতে লোটে ধৰা পেলায় বীৰ লাচিত সেনাৰ সদস্যই। লগে লগে চুকাফা বুঢ়াগোহাঁইক চমজাই দিয়ে চিকিৎসালয়ৰ অধীক্ষকৰ হাতত।

লগতে সংগঠনটোৱে চুকাফাৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ লগতে এই ক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd