NORTHEAST NOW (Assamese)

তেজৰ ব্যৱসায় : শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এক ইউনিট তেজৰ দাম ২০০০ টকা

September 20, 2018 6:31 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: September 20, 2018 7:08 am

যি সময়ত শিৱসাগৰত বহুকেইটা স্বেচ্ছাসেৱী সংগঠনে বিনামূলীয়া কৈ  ৰোগীক ৰক্ত দান কৰি মানৱ সেৱাত জড়িত হৈ আহিছে সেই সময়তে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চলিছে ৰঙা তেজৰ এক ৰমৰমীয়া বেপাৰ।

এই ৰমৰমীয়া বেপাৰত খুদ চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে জড়িত। এই কথা প্ৰমাণ কৰে দীৰ্ঘদিনৰ অভিযোগৰ ভিত্তিত বুধবাৰে ৰোগীৰ আত্মীয়ক তেজ বিক্ৰী কৰি চিকিৎসালয় খনৰ ব্লাড বেংকৰ কৰ্মচাৰী চুকাফা বুঢ়াগোহাঁই হাতে-লোটে ধৰা পৰা কাৰ্যই।

উল্লেখযোগ্য যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত দীৰ্ঘদিন ধৰি তেজৰ মুকলি বেহা চলি থকা বুলি এক অভিযোগ উত্থাপিত হৈ আহিছিল। ৰোগীৰ আত্মীয়ই যদি ব্লাড বেংকত তেজ বিচাৰি আহে সদায় ব্লাড বেংকৰ কৰ্মচাৰী চুকাফা এণ্ড কোম্পানীৰ এটাই উত্তৰ ষ্টক খালী, তেজ নাই।

কিন্তু মন কৰিব লগীয়া যে ৰোগীৰ আত্মীয়ই যদি ২০০০ টকাৰ নোট লৈ আহে তেতিয়া তৎমূহূৰ্ততে পায় বিচাৰি অহা যিকোনো গ্ৰুপৰ তেজ। প্ৰতি ইউনিট তেজৰ মূল্য ২০০০ টকাকৈ ফিক্সড দৰ ধাৰ্য্য কৰা আছে চুকাফা বুঢ়াগোহাঁইৰ অধীনৰ চৰকাৰী ব্লাড বেংকত।

শিৱসাগৰৰ দৰিদ্ৰ জনতাৰ একমাত্ৰ ভৰসাৰ স্থল এই চৰকাৰী চিকিৎসালয়ত ব্লাড বেংকত কৰ্মচাৰীৰ নামত থিতাপি লৈছে চুকাফা, উপেন নামৰ তেজ বেপাৰীয়ে। ব্লাড বেংকৰ তত্ত্বাৱধায়ক ডাঃ অখিল হাজৰিকাৰ চকুৰ সন্মুখতেই চলি আছে এই ৰঙা তেজৰ ক’লা বেপাৰ।

অৱশ্যে দুৰ্ভাগ্যজনকভাৱে বুধবাৰে শিৱসাগৰ জিলাৰ বিহুবৰ লক্ষ্মীজানৰ নিৰ্মল কঁয়া নামৰ দৰিদ্ৰ লোকজনক ২০০০ টকাৰ বিনিময়ত এক ইউনিট তেজ বিক্ৰী কৰোতেই হাতে-লোটে ধৰা পৰিল চুকাফা বুঢ়াগোহাঁই।

ঘটনাৰ বিৱৰণি মতে নিৰ্মল কাঁয়াৰ ভনীয়েক সংগীতা কাঁয়াক সন্তান জন্মদিয়াৰ বাবে মংগলবাৰে ভৰ্তি কৰোৱা হৈছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। প্ৰসূতি গৰাকীক তেজৰ প্ৰয়োজন হোৱাত ভাতৃ নিৰ্মল কাঁয়ে কাষ চাপিছিল ব্লাড বেংকৰ কৰ্মচাৰী চুকাফা এণ্ড কোম্পানীৰ ।

সেই সময়তে চুকাফা বুঢ়াগোহাঁইয়ে তেজ বিক্ৰী কৰি টকা লওঁতেই হাতে লোটে ধৰা পেলায় বীৰ লাচিত সেনাৰ সদস্যই। লগে লগে চুকাফা বুঢ়াগোহাঁইক চমজাই দিয়ে চিকিৎসালয়ৰ অধীক্ষকৰ হাতত।

লগতে সংগঠনটোৱে চুকাফাৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ লগতে এই ক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰে।

Related News