সমগ্ৰ ৰাজ্য এতিয়া ৰঙালীৰ উলাহত উখল-মাখল হৈ পৰিছে। ব’হাগ কেৱল এক উৎসৱ নহয়, ই অসমীয়া জাতিৰ প্ৰাণস্পন্দন, আৰম্ভণি অসমীয়া নৱবৰ্ষৰ।
সাত দিন ধৰি উদযাপন কৰা বাবে ‘সাতবিহু’ নামেৰে পৰিচিত বৰ্ণিল উদযাপন। এই এসপ্তাহজোৰা উৎসৱৰ প্ৰতিটো দিনৰে নিজস্ব সুকীয়া ৰীতি-নীতি, পৰম্পৰা আৰু তাৎপৰ্য আছে, যিয়ে অসমীয়া সমাজ জীৱনৰ চহকী কৃষিভিত্তিক আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে। সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো পৰম্পৰাগত ৰীতি-নীতিৰে এই সাতোটা দিন উলহ-মালহেৰে পালন কৰি অসমীয়া কৃষ্টি-সংস্কৃতিক সজীৱ কৰি ৰখা হৈছে।
সাতবিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়, যিটো কৃষিৰ প্ৰধান অংগ গো-ধনৰ প্ৰতি উছৰ্গিত। এই দিনটোত পুৱা গৰুক নৈ বা পুখুৰীলৈ নি মাহ-হালধিৰে গা ধুওৱা হয় আৰু দীঘলতী-মাখিয়তীৰ কোব দি লাউ-বেঙেনা খুৱাই দীঘল আয়ুস কামনা কৰা হয়। ইয়াৰ লগতে গধূলি গোহালিত জাগ দি নতুন পঘাৰে গৰুক বন্ধা হয়। ইয়াৰ পিছৰ দিনটো হৈছে মানুহ বিহু আৰু এই দিনটোকে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন হিচাপে গণ্য কৰা হয়। মানুহ বিহুৰ দিনা ৰাইজে মাহ-হালধিৰে গা ধুই নতুন সাজ-পাৰ পৰিধান কৰে আৰু বয়োজ্যেষ্ঠসকলক বিহুৱান বা গামোচা উপহাৰ দি সন্মান জনোৱাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে।
উৎসৱৰ তৃতীয় দিনটো গোসাঁই বিহু হিচাপে উদযাপন কৰা হয়। এই দিনটোত ৰাইজে নামঘৰ আৰু মঠ-মন্দিৰলৈ গৈ পৰিয়াল তথা সমাজৰ মংগল কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। চতুৰ্থ দিনা পালন কৰা হয় কুটুম বিহু। এই দিনটোত আত্মীয়-স্বজন আৰু বন্ধু-বৰ্গৰ ঘৰলৈ গৈ খবৰ লোৱাৰ লগতে পাৰস্পৰিক সম্পৰ্ক আৰু সামাজিক বান্ধোন অধিক সুদৃঢ় কৰাৰ প্ৰয়াস কৰা হয়। পঞ্চম দিনটো চেনেহী বিহু হিচাপে জনাজাত। এই দিনটো মূলতঃ প্ৰেম আৰু আদান-প্ৰদানৰ প্ৰতীক, য’ত যুৱক-যুৱতীসকলে হুঁচৰি আৰু বিহু নৃত্যৰ মাজেৰে বসন্তৰ মাদকতা উপভোগ কৰে আৰু পৰস্পৰৰ মাজত উপহাৰৰ আদান-প্ৰদান কৰে।
সাতবিহুৰ ষষ্ঠ দিনটো মেলা বিহু হিচাপে পালন কৰা হয়। এই দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুমেলা আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন খেল-ধেমালিৰ আয়োজন কৰা হয়, যিয়ে সমাজৰ সকলো শ্ৰেণীৰ মানুহক একতাৰ ডোলেৰে বান্ধি ৰাখে। এসপ্তাহজোৰা এই বৰ্ণিল উৎসৱৰ সামৰণি পৰে সপ্তম দিনা, যাক চেৰা বিহু বুলি কোৱা হয়। চেৰা বিহুৰ দিনা ৰাইজে পিঠা-পনা আৰু দৈ-চিৰা খাই বিহুৰ সামৰণি মাৰে। অহা বছৰলৈ পুনৰ আদৰাৰ প্ৰতিশ্ৰুতিৰে ব’হাগক বিদায় জনোৱাৰ মাজেৰে অসমীয়া জাতিয়ে এই সাতদিনত নিজৰ লোক-পৰম্পৰাক অনন্য ৰূপত তুলি ধৰে।





