• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অন্ত পৰিল বোকাখাত পৌৰসভাৰ কাৰ্যকাল; পৰৱৰ্তী নিৰ্বাচন নোহোৱালৈকে দণ্ডাধীশে চলাব

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , April 8, 2020 7:26 pm

1 min read

অন্ত পৰিল বোকাখাত পৌৰসভাৰ কাৰ্যকাল; পৰৱৰ্তী নিৰ্বাচন নোহোৱালৈকে দণ্ডাধীশে চলাব
396
VIEWS
Share on FacebookShare on Twitter

দেশত ল’কডাউন চলি থকাৰ মাজতে আজি বোকাখাত পৌৰসভাৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰে। চাৰিটা ৱাৰ্ডেৰে গঠিত বোকাখাত পৌৰসভাই এইখন সমিতিৰ কাৰ্যকালতে নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হৈছিল।

আজি কাৰ্যকাল সমাপ্তি হোৱা সমিতিৰ পৌৰপতি আছিল চিত্ৰা কাৰ্ডং। এওঁ নগৰখনৰ ১ নং ৱাৰ্ডক প্ৰতিনিধিত্ব কৰিছিল। সমিতিখনৰ উপ পৌৰপতি আছিল সঞ্জীৱ শইকীয়া আৰু এওঁ নগৰৰ ৩ নং ৱাৰ্ডক প্ৰতিনিধিত্ব কৰিছিল। বাকী দুজন ৱাৰ্ড মেম্বাৰ আছিল ২ নং ৱাৰ্ডৰ পিকংলা ছেত্ৰী আৰু ৪ নং ৱাৰ্ডৰ ৰাণাদেৱ নাথ।

চিত্ৰা কাৰ্ডং আৰু সঞ্জীৱ শইকীয়াই বেচৰকাৰী সংগঠন বোকাখাত নিৰ্মাণ গোটৰ পৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে ৰাণা দেৱ নাথে বিজেপি আৰু পিংকলা ছেত্ৰীয়ে কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিল যদিও পৌৰপতি চিত্ৰা কাৰ্ডং আৰু উপ পৌৰপতি সঞ্জীৱ শইকীয়াই পৰৱৰ্তী সময়ত অগপত যোগদান কৰে।

আজি কাৰ্যকাল শেষ হোৱাৰ অন্তত পৰৱৰ্তী নিৰ্বাচন নোহোৱা পৰ্য্যন্ত বোকাখাতৰ ৰাজহ বিভাগৰ চক্ৰ বিষয়াৰ পৰিচালনাত চলিব পৌৰসভাখন। বিদায়ী পৌৰসভাখনৰ কাৰ্যকালত বোকাখাত নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হ’লেও চাৰিটা ৱাৰ্ডৰ পৰা ৮ বা ১০টা ৱাৰ্ডলৈ সম্প্ৰসাৰিত নহ’ল পৌৰসভাৰ পৰিসৰ ৷

আনহাতে পৌৰসভাখনৰ কৰ্মচাৰীসকলে ১৩ মাহৰ দৰমহা পাবলৈ আছে। ল’কডাউনৰ মাজতে কাৰ্যকাল শেষ হোৱাৰ বাবে বিদায় সভা আয়োজন নকৰি পৌৰসভাৰ কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ পৌৰসভাৰ সদস্যসকলক বিদায় সম্ভাষণ জনায়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd