• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হেৰাই গৈছে শ্বীনা বৰাৰ দেহৰ অৱশিষ্ট অংশ! আদালতত অধিবক্তাৰ দাবীক কেন্দ্ৰ কৰি তোলপাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2024 1:09 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰটোৱে নতুন মোৰ লৈছে। শ্বীনা বৰাৰ বুলি দাবী কৰা হাড় আৰু দেহৰ অৱশিষ্ট অংশৰ সন্ধান নাই। শুকুৰবাৰে আদালতত এই দাবী কৰে চৰকাৰী অধিবক্তাগৰাকীয়ে।

২০১৫ চনত এটা ব্যক্তিগত সংবাদ মাধ্যমৰ মুৰব্বী ইন্দ্ৰাণী মুখাৰ্জীৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি হৈছিল। তেওঁৰ বিৰুদ্ধে নিজৰ কন্যা শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগ উঠিছিল। কিন্তু ২০২২ চনত তেওঁ জামিন লাভ কৰে।

শুকুৰবাৰে গোচৰৰ শুনানিৰ সময়ত চৰকাৰী অধিবক্তাসকলৰ ফালৰ পৰা জনোৱা হয় যে শ্বীনাৰ হাড় আৰু দেহৰ অৱশিষ্টৰ পেকেট দুটাৰ কোনো সন্ধান নাই।

Apply Now

যোৱা ৭ মে’ত ফৰেনছিক বিশেষজ্ঞ ডা. জেবা খানক চিবিআইয়ে সোধা-পোছা কৰে। ২০১২ চনত উদ্ধাৰ হোৱা হাড়ৰ ফৰেনছিক পৰীক্ষা কৰিছিল জেবা খানে। উদ্ধাৰ হোৱা অৱশিষ্ট আৰু হাড়বোৰ কোনো মানুহৰ বুলি তেওঁ প্ৰথমে নিশ্চিত কৰিছিল। এই গোচৰত তেওঁ ৯১ সংখ্যক সাক্ষী।

লগতে পঢ়কঃ ‘উচটনিমূলক ভাষণ’! প্ৰসিদ্ধ লেখিকা অৰুন্ধতী ৰয়ৰ বিৰুদ্ধে ইউএপিএৰ অধীনত গোচৰ তৰাৰ অনুমতি

তেওঁক জেৰা কৰাৰ সময়ত হাড় আৰু অৱশিষ্ট দেহাংশৰ পেকেটৰ প্ৰয়োজন হয়। কিন্তু সেইবোৰ বিচাৰি পোৱা নগ’ল। এই পৰিস্থিতিত চিবিআইৰ অধিবক্তাই এই কথা জানিবলৈ সময় বিচাৰে। অৱশেষত শুকুৰবাৰে হাড় আৰু অৱশিষ্ট দেহাংশৰ কোনো সন্ধান পোৱা নগ’ল বুলি জনায়। সেইবোৰৰ অবিহনেই জেবা খানক জেৰা কৰাৰ অনুমতি বিচাৰে আদালতত।

উল্লেখ্য যে শ্বীনা বৰা হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল। ইন্দ্ৰানীৰ বিৰুদ্ধে নিজৰ সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰথম শুনা গৈছিল যে শ্বীনা ইন্দ্ৰানীৰ ভনীয়েক। কিন্তু পিছত গম পোৱা যায় যে শ্বীনা ইন্দ্ৰাণী আৰু তেওঁৰ প্ৰথম স্বামী সঞ্জীৱ খান্নাৰ সন্তান। ২০০২ চনত সঞ্জীৱৰ সৈতে বিচ্ছেদ ঘটাই ইন্দ্ৰানীয়ে পিটাৰ মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

প্ৰথমতে ইন্দ্ৰানীয়ে নিজৰ কন্যাক ভনীয়েক হিচাপে পিটাৰ মুখাৰ্জীৰ লগত চিনাকি কৰাই দিছিল। পিটাৰৰ পুত্ৰ ৰাহুলৰ সৈতেও শ্বীনাৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। অভিযোগ অনুসৰি ২০১২ চনৰ পৰা ৰাহুলে শ্বীনাৰ কোনো খৱৰ পোৱা নাই। মাথোঁ তেওঁৰ ফোনত শ্বীনাৰ পৰা এটা ব্ৰেকআপ মেছেজ আহিছিল। সেই সময়ত ইন্দ্ৰানীয়ে কৈছিল যে শ্বীনা আমেৰিকালৈ গৈছে।

লগতে পঢ়কঃ T-20 World Cup 2024: শিহৰণকাৰী মেচত দক্ষিণ আফ্ৰিকাই ১ ৰানত পৰাস্ত কৰিলে নেপালক

২০১৫ চনত ইন্দ্ৰানীৰ গাড়ী চালক শ্যাম ৰায়ক সুকীয়া গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে শ্বীনাৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে। সেই বছৰৰ আগষ্ট মাহত শ্বীনা বৰাৰ হত্যাৰ গোচৰত ইন্দ্ৰাণী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছত ২০২২ চনত ইন্দ্ৰানীয়ে ৬ বছৰ ধৰি বিচাৰাধীন হৈ থকাৰ পিছত জামিন লাভ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd