• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বিত বঙাইগাঁওৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 10:57 am
বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন। ফাইল ফটো।

বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন। ফাইল ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ৰাজ্য চৰকাৰে বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক কৰ্তব্যৰ গাফিলতিৰ বাবে নিলম্বিত কৰিছে। এক আনুষ্ঠানিক অধিসূচনা অনুসৰি বিদ্যালয় শিক্ষা বিভাগে মাধ্যমিক শিক্ষা সঞ্চালকৰ পৰা এক প্ৰতিবেদন লাভ কৰে য’ত অভিযুক্ত বিদ্যালয় পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনে অকৰ্তৃত্বশীলভাৱে মুখ্য কাৰ্যালয়ত অনুপস্থিত আছিল।

তদুপৰি, এইটোও চৰ্চালৈ আহিছে যে ৰাজ্যিক শৈক্ষিক পৰিষদ, অসমৰ অষ্টম, নৱম, আৰু দশম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষা, ২০২৩ চনৰ ৩১ ডিচেম্বৰত (দেওবাৰ) অনুষ্ঠিত হৈছিল আৰু সেই অনুসৰি বৰ্মনক জিলা পৰীক্ষা নিয়ন্ত্ৰক তথা নিৰীক্ষকৰ দায়িত্বৰ লগতে গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মাণ্ডলিক তত্বাৱধায়ক হিচাপে নিযুক্তি দিয়া হৈছিল।

বিদ্যালয়সমূহৰ পৰিদৰ্শকক প্ৰেৰণ কৰা জাননীখনত লিখা আছে, “পূৰ্বতে উল্লেখ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২৭/১২/২০২৩ তাৰিখে অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ পৰা বিশেষ দূতৰ জৰিয়তে জ’ন ভিত্তিক গোপনীয় পৰীক্ষাৰ সামগ্ৰীসমূহ নিযুক্ত সকলো জ’নলৈ প্ৰেৰণ কৰা হৈছিল।

Apply Now

লগতে পঢ়কঃ আলফা-স্বাধীনৰ কমাণ্ডাৰ ইন চীফ পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা প্ৰত্যাহাৰ নিৰাপত্তা বাহিনী

অৱশ্যে বঙাইগাওঁৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনক মুখ্য কাৰ্যালয়ত উপৰোক্ত গোপনীয় সামগ্ৰী গ্ৰহণ কৰিবলৈ বিচাৰি পোৱা নগ’ল।

“জ্যোৎস্না ৰাণী বৰ্মনে কোনো ধৰণৰ ছুটীৰ বাবে আবেদন কৰা নাছিল আৰু তেওঁৰ অনুপস্থিতিৰ সন্দৰ্ভত সঞ্চালকক অৱগত কৰা নাছিল। তদুপৰি, বঙাইগাঁৱৰ  বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনে অকৰ্তৃত্বশীল অনুপস্থিতিৰ সময়ত বঙাইগাঁৱৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ দায়িত্ব কোনো অনুমোদিত ব্যক্তিক অৰ্পণ কৰা নাছিল।”

এই কথা উল্লেখ কৰি বিদ্যালয় শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীক কৰ্তব্যৰ গাফিলতিৰ বাবে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন অবিহনে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ বাবে নিলম্বিত কৰে।

লগতে পঢ়কঃ কেন্সাৰৰ চিকিৎসাত আশাৰ পোহৰ! আই আই টি কানপুৰৰ গৱেষকসকলে খুলিছে সম্ভাৱনাৰ নতুন দুৱাৰ

উল্লেখ্য যে ২০২০ চনত নলবাৰী জিলাত কৰ্মৰত অৱস্থাত একেগৰাকী বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনক উৎকোচৰ গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

সেইবাৰ জ্যোৎস্নাক দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই ১৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতেলোটে ধৰা পেলাইছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd