• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ : ১ কোটি টকাৰো অধিক গ্ৰন্থ বিক্ৰী!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2021 8:53 pm
index.jpgp
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্রকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত আজি পৰিলক্ষিত হয় বিপুল জনস্ৰোত। দিনৰ পৰা নিশালৈকে হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমীৰ সমবেত হৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে।

ইফালে গ্রন্থ বিক্ৰীৰ পৰিমাণো সন্তোষজনক বুলি সদৰি কৰিছে প্রকাশন গোষ্ঠীসমূহে৷ আজিৰ দিনটোত প্রায় ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে অসম প্রকাশন পৰিষদে৷ পৰিষদৰ বিপণীত আজিও সৰ্বাধিক বিক্ৰী হয় বিপুলজোতি শইকীয়া সম্পাদিত “হীৰেন ভটাচা্য ৰচনাৱলী’। বিশেষকৈ তৰণ প্ৰজন্মই ‘হীৰেন ভটাচাৰ্য ৰচনাৱলী’ বিচাৰি প্রকাশন পৰিষদৰ বিপণীত ভিৰ কৰা পৰিলক্ষিত হয়। পৰিষদে এইবেলি নতুনকৈ প্ৰকাশ কৰা আন গ্ৰন্থসমূহো পঢ়ুৱৈৰ মাজত সমাদৃত হৈছে।

Apply Now

ইপিনে আজিও গ্রন্থমেলাত কেবাখনো গুৰুতবপৰ্ণ আলোচনা সত্ৰ অনুগ্ঠিত হয়। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে ‘উত্তৰ ক’ভিড কালত গ্ৰন্থ উদ্যো : প্ৰত্যাহ্বান আৰু সম্ভাৱনা’ শীৰ্ষক আলোচনা সত্ৰ।

আলোচনা সত্ৰখনৰ উদ্বোধনী ভাষণ প্ৰসংগত বিশিষ্ট সাহিত্যিক তথা পুথি প্রকাশক নবীন বৰুৱই ক’ভিডৰ পৰিণতিত গ্ৰন্থ উদ্যোগ বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে।

অৱশ্যে শেহতীয়াকৈ পৰিস্থিতি কিছু পৰিমাণে উন্নত হোৱাত গ্ৰন্থ উদ্যোগলৈ পুনৰ উদ্যম ঘূৰি অহা বুলি উল্লেখ কৰি বৰুৱাই কয়— “সকলো জাগতিক ঘটনাৰ ইতিবাচক দিশো থাকে। ক’ভিডে গ্ৰন্থ বিক্ৰীৰ ক্ষেত্রত নতুন বাটো মুকলি কৰিছে। সেই মৰ্মে আমাজ’ন, স্পেপডীলত গ্ৰন্থ উপলব্ধ হৈছে। এয়া আশাৰ বতৰা৷

আলোচনা সত্ৰখনৰ পৰিচালক বিশিষ্ট সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই কয়— ‘ক’ভিডৰ পৰিণতিত কেৱল গ্রন্থ উদ্যোগেই নহয় ছপা মাধ্যম বিশেষকৈ বাতৰি কাকতৰ অপূৰণীয় ক্ষতিৰ গ্ৰাসত পৰিছে। অসমতে বহু সাংবাদিকে এই সময়ছোৱাত কৰ্ম হেৰুৱাবলগীয়া হোৱাটো দু্ভাগ্যজনক। এই ক্ষেত্ৰত বাতৰি কাকত বিৰোধী, গ্ৰন্থ বিৰোধী অপশক্তিৰো জড়িত হৈ আছে।’

 

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ আগশাৰীৰ প্রকাশন প্রতিষ্ঠান পাঞ্চঞ্জন্যৰ স্বত্বাধিকাৰ ধীৰাজ কুমাৰ লহকৰে ক’ভিডৰ ফলত গ্ৰন্থ বিতৰণ এতিয়াও সুচল হৈ উঠা নাই বুলি উল্লেখ কৰি কয় যে মেলা, পূজা আদিত গ্ৰন্থ বিক্ৰীৰ প্ৰক্ৰিয়াটো বন্ধ হৈ পৰিছে।’

এই ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰহথমেলাই যথেষ্ট ইতিবাচক পৰিৱেশ ৰচনা কৰা বুলিও কয় লহকৰে।

ৰাজ্যখনৰ আন এটা অভিজাত প্রকাশন প্রতিষ্ঠান ‘বনলতা’ৰ মনিষ হাজৰিকাই কয় যে ক’ভিডৰ ফলত নিৰাশাজনক পৰিবেশৰ সৃষ্টি হৈছে যদিও এই সময়ছোৱাত বহু লেখকে ভাল গ্ৰন্থ ৰচনা কৰিছে। এয়া লেখক-প্রকাশক আৰু পাঠকৰ বাবে আশাবাঞ্জ্যক।

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰকাশক প্ৰীতিমা কৌশিক বৰুৱায়ো ক’ভিডৰ সময়ছোৱাত অনলহ্ন পাঠকৰ সংখ্য বৃদ্ধি পোৱা বুলি মন্তব্য কৰি ইয়াৰ মাজত নতুন সম্ভাৱনা থকা বুলি কয়।

আলোচনা সত্ৰখনত বিপুল দেউৰী, অমৃত কুমাৰ উপাধ্যায়, বুলজিৎ বুঢ়াগোহাঞিকে ধৰি কেবাগৰাকী লেখক-সাহিত্যিক-প্রকাশকে অংশগ্ৰহণ কৰে।

ইপিনে আজি গ্রন্থমেলাৰ বেণু মিশ্ৰ সোঁৱৰণী প্ৰেক্ষাগৃহত কিতাপ গোট’ৰ উদ্যোগত অনুষ্ঠিত হয় ‘কিতাপৰ চৈ দিয়া নাও’ শীৰ্ষক অনুষ্ঠান। ইয়াত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক ডঃ  ৰীতা চৌধুৰী, অনুৰাধা শৰ্ম৷ পূজাৰী আৰু বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে।

আজি বিয়লি গ্রন্থমেলাত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হয় দেশ-বিদেশ ২০২০ ‘শীৰ্ষক ‘কুইজ-আলাপ’। জ্যেষ্ঠ অসামৰিক বিষয়া ভাৰতভূষণ দেৱচৌধুৰী আৰু ডাঃ সমূজ্জ্বল ভৰদ্বাজৰ পৰিচালনাত অনুষ্ঠিত এই কুইজত প্ৰশ্নসমূহৰ উত্তৰৰ বিপৰীতে নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

আনহাতে গ্রস্থমেলাৰ অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত উন্মোচিত হয় গিৰিধৰ মহন্তৰ ত্ৰিধাৰা’ শীৰ্ষক এখনি নৃত্য-নাটিকা। অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বন্তি প্রজ্বলনেৰে আৰম্ভ কৰা ইয়াৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক-সাহিত্যিক বিপুল দেউৰী,  প্ৰফুল্ল বৰ্মন, উৎপল দত্ত, নম্ৰতা দত্ত, বিশিষ্ট অভিনেতা কপিল বৰা আদি।

গ্ৰন্থমেলা বাকৰিত আজি প্ৰতিশ্ৰুতি প্রকাশনৰো তিনিখন গ্ৰন্থ উন্মোচন হয়। একেদৰে গগনচন্দ্ৰ অধিকাৰী সোঁৱৰণী প্ৰেক্ষাগৃহত ২০১৯ বৰ্ষৰ বাবে স্বৰ্ণলিপি কাব্য বঁটা প্ৰদান কৰ| হয় বিশিষ্ট কৰি গংগামোহন মিলিক।

ইয়াৰ লগত সংগতি ৰাখি ‘স্বৰ্ণলিপি’ৰ উদ্যোগত অনুষ্ঠিত কবি সন্মিলনত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক ডঃ আনন্দ বৰমুদৈ আৰু মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প নাথে।

তদুপৰি বেণু মিশ্ৰ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় জনগোষ্ঠীয় বহুভাষিক কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনৰ এক অনু্ঠান।

সন্ধিয়ালৈ আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক সুশীল কুমীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd