অসমক পুনৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত গৌৰৱান্বিত কৰিলে বক্সাৰ যমুনা বড়োৱে৷ কাজাখস্তানত অনুষ্ঠিত এলোৰ্ডা কাপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ সম্ভাৱনাপূৰ্ণ বক্সাৰ যমুনা বড়োৱে।কাজাখাস্তানৰ ৰাজধানী চহৰ নুৰ চুলতানত আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত মহিলাৰ ৫৪ কেজি শাখাত যমুনাই ৰূপৰ পদক অৰ্জন কৰে৷
ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰা যমুনা বড়োৱে আগন্তুক ২০২৪ চনৰ পেৰিচ অলিম্পিক গেমছৰ বাবেও প্ৰস্তুতি চলাই গৈছে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত উজলি উঠা যমুনা বড়োক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ঢেকিয়াজুলিৰ বিধায়ক মন্ত্ৰী অশোক সিংহালে অভিনন্দন জ্ঞাপন কৰিছে।
উল্লেখ্য বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ বক্সাৰ যমুনা বড়োৱে দেওবাৰে কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত এলোৰ্ডা কাপত কাজাখস্তানৰ আনেল চাকিশক ছেমিফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।যমুনাই আনেল চাকিশৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ৫৪ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ৫-০ ব্যৱধানত জয়লাভ কৰিছিল। আজি ফাইনেলত যমুনা উজবেকিস্তানৰ নিগিনা উক্তাম’ভাৰ সন্মুখীন হয়।
যমুনাৰ উপৰিও আন তিনিজন ভাৰতীয় বক্সাৰ ক্ৰমে কালাইভানি শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ কিলোগ্ৰাম) আৰু আলফিয়াই (৮১+কিলোগ্ৰাম) আজি ফাইনেলত অৱতীৰ্ণ হয়।আন ভাৰতীয় খেলুৱৈৰ ভিতৰত দুগৰাকী মহিলা বক্সাৰ ক্ৰমে- সাক্ষী (৫৪ কিলোগ্ৰাম) আৰু ছোনিয়া (৫৭ কিলোগ্ৰাম) উজবেকিস্তানৰ নিগিনা উক্তাম’ভা আৰু চিতোৰা তুৰ্দিবেকোভাৰ বিৰুদ্ধে ক্ৰমান্বয়ে ০-৫ আৰু ২-৩ ব্যৱধানত পৰাজিত হৈ অভিযান সমাপ্ত কৰে।
পুৰুষৰ শাখাত ভাৰতীয় বক্সাৰৰ অভিযান ছেমি ফাইনেলতে সমাপ্ত হৈছে। পুৰুষৰ শাখাত কুলদীপ (৪৮ কিলোগ্ৰাম) আৰু জুগনু (৯২ কিলোগ্ৰাম) ক্ৰমে কাজাখাস্তানৰ বক্সাৰ আচিলবেক জালিলভ আৰু আইবেক অৰেলবেৰ হাতত পৰাজিত হয়।