DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত পোষণ অভিযান উপলক্ষে থলুৱা সাংস্কৃতিক অনুষ্ঠান

উপায়ুক্তৰ দ্বাৰা জিলাখনৰ পোষণ অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাক সম্বৰ্ধনা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2019 8:30 am
WhatsApp Image 2019-09-28 at 5.48.50 PM

শিৱসাগৰত পোষণ অভিযান উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য ৰখাৰ সময়ত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া। ফটো : নৰ্থইষ্ট নাও

1.8k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনে পোষণ অভিযানক জন আন্দোলন ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে তথা ৰাইজক পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি অধিক সচেতন কৰি তোলাৰ বাবে প্ৰখ্যাত এথলিট অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাক জিলাখনৰ “ব্ৰেণ্ড এম্বেছেডৰ” ৰূপে ঘোষণা কৰিছে।

জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে শনিবাৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আয়োজিত থলুৱা সাংস্কৃতিক অনুষ্ঠানত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই পোষণ মাহৰ ব্ৰেণ্ড এম্বেছেডৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনায়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে জিলাখনৰ লগতে ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আহ্বানত ৰাইজে পুষ্টিহীনতাৰ নিৰ্মূলৰ বাবে আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে, ব্ৰেণ্ড এম্বেছেডৰ ৰূপে শ্ৰী বৰুৱাক পোৱাটো সকলোৰে বাবে গৌৰৱৰ বিষয়। শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ আহাৰ যোগান ধৰাৰ বাবে এতিয়া জনসাধাৰণ আৰু অধিক সচেতন হ’ব বুলি উপায়ুক্ত গৰাকীয়ে দৃঢ় মত পোষণ কৰে।

ব্ৰেণ্ড এম্বেছেডৰ ভোগেশ্বৰ বৰুৱাই উপস্থিত সকলোকে পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগ হৈ পোষণ অভিযানৰ জন আন্দোলন ৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

অনুষ্ঠানটিত জিকিৰ, বিয়ানাম, চুটি নাট আদি প্ৰদৰ্শনৰ মাধমেৰে বিভিন্ন সামাজিক সমস্যা আৰু পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।

অনুষ্ঠানত থলুৱা ফলমূল, জলপান, আহাৰ, ব্যঞ্জন আদিৰো এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে উদ্দেশ্যে ব্যাখ্যা কৰা অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বুধিন মিশ্ৰ, মহিলা সমিতিৰ সভানেত্ৰী মণিকা শইকীয়া, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় উপস্থিত থাকে।

তদুপৰি, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক প্ৰৱক্তা, ছাত্ৰ-ছাত্ৰী, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, পশুপালন আদি বিভাগৰ বিষয়া, আশাকৰ্মী, আংগনৱাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজো অনুষ্ঠানত উপস্থিত থাকে।

Recent News

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

Sangeet shree Prabhat Sarma award সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা,২০২২ নুপুৰ জ্যোতি মেধিলৈ

Sangeet shree Prabhat Sarma award সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা,২০২২ নুপুৰ জ্যোতি মেধিলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd