অলপ দিন নহয়, ওঠৰ মাহৰ আগৰে পৰা অষ্ট্ৰেলিয়াৰ এগৰাকী যুৱতীয়ে নিজৰ বিবাহৰ বিষয়ে আত্মীয়ক অৱগত কৰিছিল। তাৰ পিছতো বহুতেই বিয়ালৈ নাহিল। এইবাৰ কইনাগৰাকীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ ব্যৱস্থা কৰিলে। অতিথিসকলৰ পৰা কইনাগৰাকীয়ে শকত পৰিমানৰ জৰিমনা বিচাৰিলে। কিয়নো মতাৰ পিছতো বিয়াঘৰলৈ নহাৰ শাস্তি এইটোৱেই!
সাধাৰণতে সকলোৱে বিয়াৰ অনুষ্ঠানলৈ অতি চিনাকি বন্ধু বা আত্মীয়ক নিমন্ত্ৰণ কৰে। বিয়াৰ দিনা তেওঁ উপস্থিত থাকিব বুলিও বহুতে আশা কৰে। কিন্তু তাৰ পিছতো যদি কোনো নাহে তেন্তে বহুতে অভিমান কৰে।
কেৱল সেয়াই নহয়, কিছুমানে বন্ধু-বান্ধৱী বা আত্মীয়ক তাৰ বাবে কথা শুনাবলৈও নাপাহৰে। কিন্তু অষ্ট্ৰেলিয়াৰ এই ঘটনাই সেই সকলোবোৰ অতিক্ৰম কৰিলে। তাতো কইনাগৰাকীৰ বৰ খং উঠিল। কিন্তু নিজৰ সেই খঙ বেলেগ ধৰণে প্ৰকাশ কৰিলে। দেখা গ’ল যে কইনাগৰাকীয়ে ইয়াৰ বাবে অতিথিসকলক জৰিমনা দিবলৈ কৈছে। তাকো শকত অংকৰ জৰিমনা।
লগতে পঢ়কঃ জঘণ্য কাণ্ড! পত্নীৰ হাত ধৰি চেপি ধৰিছিল স্বামীয়ে, দলবদ্ধ ধৰ্ষণ কৰিলে দুই বন্ধুৱে!
সংবাদ মাধ্যমত সেই কথা বিতংভাৱে জনাইছে যুৱতীগৰাকীয়ে। তেওঁৰ মতে, বিয়াৰ বাবে তেওঁ বহু টকা খৰচ কৰিব লগা হৈছিল। ইতিমধ্যে কোন কোন অতিথি বিয়ালৈ আহিব পাৰিব সেয়া সুধি পুছি ৰাখিছিল। সেই সময়ত সকলোৱে আহিব বুলি ক’লে।
কিন্তু বিয়াৰ আগদিনা ১০ জন লোকে আহিব নোৱাৰো বুলি ক’লে। কাৰণ তেওঁলোকে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবলৈ বহুত খৰচ কৰিব লাগিব। ইপিনে কইনাই তেওঁলোকৰ অভ্যৰ্থনাৰ বাবে ডাঙৰ ব্যৱস্থা কৰি বহি আছে।
শেষ মুহূৰ্তত অতিথিৰ অজুহাত শুনি কইনাৰ খং মূৰত উঠিল। তেওঁ সিদ্ধান্ত ল’লে যে অতিৰিক্ত খৰচ অতিথিসকলৰ পৰাই আদায় কৰা হ’ব।
লগতে পঢ়কঃকৰ’না ৰিপ’ৰ্ট পজিটিভ আহিলেই পঠাব লাগিব জিন’ম ছিকুৱেন্সিঙৰ বাবে; ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ
সংবাদ মাধ্যমৰ আগত কইনাগৰাকীয়ে অতিথিসকলৰ বাবে সকলো ব্যৱস্থা কৰা হৈছিল বুলি জানিবলৈ দিয়ে। আসন বুকিঙৰ পৰা বিশেষ খাদ্যৰ ব্যৱস্থালৈকে সকলো কৰা হৈছিল। ইয়াৰ বাবে বহুত টকা খৰচ হয়। এইবাৰ কইনাগৰাকীয়ে সেই লোকচান অতিথিক জৰিমনাৰ জৰিয়তে পূৰণ কৰিব বিচাৰিছে।