হাংগেৰী-ব্ৰিটিছ লেখক ডেভিদ শ্বালাই লণ্ডনত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁৰ উপন্যাস “ফ্লেছ”ৰ বাবে সন্মানীয় বুকাৰ বঁটা লাভ কৰিছে। উপন্যাসখনত এজন নিৰ্যাতিত হাংগেৰিয়ান অনুপ্ৰৱেশকাৰীৰ কাহিনী কোৱা হৈছে যিয়ে ধন ঘটে আৰু সেয়া হেৰুৱায়ো পেলায়।
৫১ বছৰীয়া শ্বালাইয়ে আন পাঁচজন চৰ্টলিষ্ট কৰা প্ৰাৰ্থীক পৰাস্ত কৰি ৫০ হাজাৰ পাউণ্ড (৬৫৫০০ ডলাৰ) পুৰস্কাৰ লাভ কৰে। ২০২৫ চনৰ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা আন প্ৰাৰ্থীসকলৰ ভিতৰত আছিল ভাৰতীয় লেখিকা কিৰণ দেশাই আৰু ব্ৰিটেইনৰ এণ্ড্ৰু মিলাৰো।
শ্বালাইৰ কিতাপখন সহজ, সংক্ষিপ্ত ভাষাত লিখা হৈছে। ইয়াত মৌন স্বভাৱৰ ইষ্টভানৰ জীৱনৰ কাহিনী কোৱা হৈছে। কাহিনীটো আৰম্ভ হয় কিশোৰ অৱস্থাত এগৰাকী বয়সস্থ মহিলাৰ সৈতে ইষ্টভানৰ সম্পৰ্কৰ পৰা, তাৰ পিছত ব্ৰিটেইনত সংগ্ৰামী অনুপ্ৰৱেশকাৰী হিচাপে তেওঁৰ যাত্ৰাৰ পৰা আৰু শেষ হয় লণ্ডনৰ উচ্চ সমাজৰ সদস্য হিচাপে।
লণ্ডনত বুকাৰ বঁটাৰ আয়োজকসকলে এক বিবৃতিত কয় যে “ফ্লেছ” হৈছে শ্ৰেণী, ক্ষমতা, ঘনিষ্ঠতা, প্ৰব্ৰজন আৰু পুৰুষত্বৰ ওপৰত গভীৰভাৱে চিন্তাশীল ৰচনা। ইয়াত এজন মানুহৰ জীৱন আৰু তেওঁৰ সমগ্ৰ জীৱন গঢ় দিয়া গুৰুত্বপূৰ্ণ অভিজ্ঞতাসমূহৰ সন্ধান কৰা হৈছে।
লণ্ডনৰ ওল্ড বিলিংছগেটত পুৰস্কাৰ গ্ৰহণ কৰি শ্বালাইয়ে কয় যে, “মই এখন সমস্যাপূৰ্ণ উপন্যাস লিখিব বিচাৰিছিলো। বিচাৰকসকলে সেই কথা স্বীকাৰ কৰিছে। তাৰ বাবে মই কৃতজ্ঞ।‘
শ্বালাইয়ে তেওঁৰ কিতাপখনৰ সম্পাদকক সুধিছিল, “ফ্লেছ নামৰ উপন্যাস এখনে বুকাৰ বঁটা লাভ কৰাটো আপুনি কল্পনা কৰিব পাৰেনে?” শ্বালাইয়ে ক’লে, “ আপোনালোকৰ উত্তৰ আপোনালোকৰ হাততে আছে।”
বিজয়ীয়ে ৫০ হাজাৰ পাউণ্ড লাভ কৰাৰ বিপৰীতে চূড়ান্ত প্ৰতিযোগী আৰু অনুবাদকে ২৫০০ পাউণ্ড প্ৰত্যেকেই লাভ কৰে। এই পুৰস্কাৰে লেখকসকলৰ সুনাম বৃদ্ধি কৰাৰ লগতে কিতাপৰ বিক্ৰীও বৃদ্ধি কৰে।
১৫৩খন উপন্যাসৰ পৰা নিৰ্বাচিত হৈছিল শ্বালাইৰ উপন্যাসখন। জুৰীৰ ভিতৰত আছিল আইৰিছ লেখক ৰডী ডয়েল আৰু “চেক্স এণ্ড দ্য চিটি”ৰ অভিনেত্ৰী চাৰা জেচিকা পাৰ্কাৰ।
ডয়েলে কয়, ‘ফ্লেছ হৈছে এনে এখন কিতাপ যিয়ে জীৱনৰ কাহিনী আৰু জীৱনৰ আটাইতকৈ অদ্ভুত দিশবোৰৰ কাহিনী কয়। পাঁচ ঘন্টাৰ আলোচনাৰ অন্তত বিচাৰকসকলৰ ঐক্যমতত উপন্যাসখন নিৰ্বাচিত হয়।
ডয়েলে এক বিবৃতিত কয় যে আমি আগতে কেতিয়াও এনেকুৱা কিতাপ পঢ়া নাই। বহু দিশত ই দুখ আৰু মলিনতাপূৰ্ণ ভাৱৰ যদিও পঢ়িবলৈ আনন্দদায়ক।
ডয়েলে লগতে কয়, “মই নাভাবো যে মই কেতিয়াও এনেকুৱা উপন্যাস পঢ়া নাই যিয়ে পৃষ্ঠাসমূহৰ বগা ঠাইখিনি ইমান ভালদৰে ব্যৱহাৰ কৰে। “লেখকে পাঠকক সেই ঠাইখিনি পূৰণ কৰি চৰিত্ৰটো চাবলৈ সুযোগ দিছে – আনকি নিজৰ সৈতে মিলাই চৰিত্ৰটো সৃষ্টি কৰাত সহায় কৰিছে।”
কানাডাত জন্মগ্ৰহণ কৰা, ব্ৰিটেইনত ডাঙৰ-দীঘল হোৱা আৰু এতিয়া ভিয়েনাত বাস কৰা শ্বালাই ২০১৬ চনত তেওঁৰ উপন্যাস “অল ডেট মেন ইজ”ৰ বাবে বুকাৰৰ চূড়ান্ত প্ৰতিযোগী আছিল, যিটো নটা পৃথক পুৰুষ চৰিত্ৰৰ কাহিনী সংকলন। ফ্লেছ তেওঁৰ ষষ্ঠ উপন্যাস।
বিবিচি ৰেডিঅ’ক শ্বালাইয়ে কয় যে যদিও মোৰ দেউতা হাংগেৰিয়ান, হাংগেৰীত মই কেতিয়াও সম্পূৰ্ণ আৰাম অনুভৱ কৰা নাছিলো। “মই সদায় অলপ বাহিৰৰ মানুহ অনুভৱ কৰিছিলো। দীৰ্ঘদিন ধৰি ব্ৰিটেইন আৰু লণ্ডনৰ বাহিৰত থকাৰ বাবে লণ্ডনৰ প্ৰতি মোৰ একে অনুভৱ আছিল।”
১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা বুকাৰ বঁটাই লেখকসকলৰ কেৰিয়াৰত এক ডাঙৰ টাৰ্নিং পইণ্ট আনে। বিগত বিজয়ীসকলৰ ভিতৰত আছে ছলমান ৰুশ্বডি, ইয়ান মেকইৱান, অৰুন্ধতী ৰয়, মাৰ্গাৰেট এটউড আৰু সামান্থা হাৰ্ভি। মহাকাশ কেন্দ্ৰৰ বিষয়ে লিখা ‘অৰ্বিটাল’ৰ কাহিনীৰ বাবে হাৰ্ভেই ২০২৪ চনৰ বঁটা লাভ কৰিছিল।”
ভাৰতীয় লেখিকা তথা কৰ্মী বানু মুস্তাকক মে’ মাহত এটা সুকীয়া শিতানত আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁৰ উপন্যাস ‘হাৰ্ট লেম্প’ত দক্ষিণ ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ ১২ গৰাকী মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে।


