• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ পৰা গৃহৰাজ্য মিজোৰামলৈ ঘূৰি যোৱাৰ বাবে আৰোপিত চৰ্ত পূৰণ হোৱাৰ পিছতো আগ্ৰহ নাই ব্ৰু শৰণাৰ্থীৰ

NE NOW NEWS পান্না ঘোষ
ধৰ্মনগৰ , August 18, 2018 9:11 pm

2 min read

Bru-refugees
117
VIEWS
Share on FacebookShare on Twitter

স্বৰাজ্যলৈ ঘূৰি যোৱাৰ বাবে নিজৰ আৰোপিত চৰ্ত পূৰণ হোৱাৰ পিছতো আৰু প্ৰত্যাৱৰ্তনৰ সময় সমাগত হোৱা সত্ত্বেও ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ মাত কোনো উৎসাহ পৰিলক্ষিত হোৱা নাই।

উল্লেখযোগ্য যে অহা ২৫ আগষ্টৰ পৰা ত্ৰিপুৰাত যোৱা দুই দশকৰো অধিক কাল বাস কৰি অহা ৰিয়াং বা ব্ৰু শৰণাৰ্থীসকলক তেওঁলোকৰ গৃহৰাজ্য মিজোৰামলৈ প্ৰত্যাৱৰ্তনৰ বাবে সময় ধৰি দিয়া হৈছিল। এই প্ৰত্যাৱৰ্তনৰ সকলো যাৱতীয় ব্যৱস্থা আৰু চৰ্তাৱলী নিৰ্ধাৰণ কৰা হৈছিল কেন্দ্ৰ, মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰ সৈতে মিজোৰাম ব্ৰু শৰণাৰ্থী মঞ্চৰ ত্ৰিপাক্ষিক বৈঠকত। বৈঠকৰ পিছত কেন্দ্ৰ আৰু

বৈঠকৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি যোৱা ৩ জুলাইত নতুন দিল্লীত এখন ত্ৰিপাক্ষিক চুক্তি কৰা হৈছিল, য’ত ব্ৰু শৰণাৰ্থীসকলে গৃহৰাজ্য মিজোৰামলৈ ঘূৰি যাবলৈ আৰোপ কৰা চৰ্তবোৰ মানি লোৱা হৈছিল।

এই চুক্তিমতে অহা ২৫ আগষ্টৰ পৰা এই এটা নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে এই শৰণাৰ্থীসকল মিজোৰামলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথা। প্ৰত্যাৱৰ্তন কৰা প্ৰতিটো পৰিয়ালক ৪ লাখকৈ টকা এককালীন সাহায্য হিচাপে দিয়া হ’ব। তাৰোপৰি মিজোৰাম চৰকাৰে এইসকলৰ নাম ৰাজ্যখনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব।

কিন্তু এইবোৰ সকলো প্ৰয়োজনীয় চৰ্তৰ বাবে চৰকাৰ সাজু থকাৰ সময়ত শৰণাৰ্থীসকলৰ মাজত নিজ ৰাজ্যলৈ ঘূৰি যোৱাৰ আগ্ৰহ নোহোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে গোষ্ঠী সংঘৰ্ষৰ বলি হৈ ১৯৯৭ চনতে মিজোৰামৰ পৰা প্ৰায় ৩০ হাজাৰ ৰিয়াং বা ব্ৰু জনজাতিৰ লোক ত্ৰিপুৰালৈ ভাগি গৈছিল। তাৰ পিছৰ পৰা এই লোকসকল যোৱা দুই দশক ধৰি ত্ৰিপুৰাৰ বিভিন্ন অস্থায়ী শিবিৰত বাস কৰি আহিছে।

শেহতীয়া চুক্তি অনুসৰি ত্ৰিপুৰাৰ অস্থায়ী শিবিৰত বাস কৰি অহা ৫,৪০৭টা পৰিয়ালৰ মিজোৰামলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথা। তেওঁলোকৰ মিজোৰাম গমনৰ লগে লগে ত্ৰিপুৰাত থকা অস্থায়ী শিবিৰসমূহ বন্ধ কৰি দিয়াৰ কথা। কিন্তু এতিয়াও শৰণাৰ্থীসকলৰ মাজত প্ৰত্যাৱৰ্তনৰ বাবে নাম পঞ্জীয়নৰ আগ্ৰহ দেখা পোৱা নাই। এই পৰ্য্যন্ত ৬টা শিবিৰৰ ২০০ লোকেহে নাম পঞ্জীয়ন কৰিছে।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd