বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী আছে আৰু ইয়াকে লৈ বৰ্তমান তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ।
সোমবাৰে তামুলপুৰ মহকুমাৰ অধীনস্থ ২৭ নম্বৰ নাগ্ৰীজুলি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদৰ সমৰ্থনত সমষ্টিটোৰ কালিপুৰত অনুষ্ঠিত হয় এখন বিশাল নিৰ্বাচনী সভা।
নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি দীপক কটুৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদে কয়, ‘নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত এইবাৰ বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে। সমষ্টিটোৰ ৰাইজক পৰিত্ৰাণ লাগে নেতৃত্বৰ পৰা, পৰিৱৰ্তন লাগে উন্নয়নৰ বাবে। সেয়েহে এইবেলি পৰিত্ৰাণ আৰু পৰিবৰ্তনৰ বাবে ৰাইজে মোক বিপুল ভোটত জয়ী কৰাই সমষ্টিটোৰ ৰাইজৰ সেৱা কৰাৰ সুবিধা দিব’।
সমষ্টিটোৰ প্ৰাক্তন এম চি এল এ ধৰ্মনাৰায়ন দাস আৰু বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাসক তীব্ৰ সমালোচনা কৰি আলাউদ্দিন আহমেদে কয় যে বিগত সময়ত এই দুগৰাকী জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে একো কৰিব নোৱাৰিলে। সেয়ে এইবাৰ এই দুগৰাকী প্ৰাৰ্থীক ৰাইজে প্ৰত্যাখ্যান কৰিব।
নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদে ৰাইজক সম্বোধি কয় যে মই নেতা হব নিবিচাৰোঁ, মই ৰাইজৰ মাজৰ কাৰোবাৰ বেটা, কাৰোবাৰ দাদা, কাৰোবাৰ ভাই হ’ব বিচাৰো আৰু আটাইৰে আশীৰ্বাদ লৈ সমষ্টিৰ উন্নয়ন কৰিব বিচাৰো। মোক ৰাইজৰ মৰম, ভালপোৱা আৰু আশীৰ্বাদ লাগে। এই আশীৰ্বাদ শিৰত লৈ মই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছোঁ।
সভাত ভাষণ ৰাখি নিৰ্দলীয় প্ৰাৰ্থী গৰকীয়ে কয়, ‘মই নিৰ্বাচনত অৱতীৰ্ণ হৈ সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে পণ লৈছো। মই এমচিএলএ হিচাপে নিৰ্বাচিত হ’লে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে এলএডি ফাণ্ডৰ ধন আবন্টন দিয়াৰ লগতে সমষ্টিটোৰ সকলো ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানলৈ পঞ্চাশ হাজাৰ টকাকৈ আৱন্টন দিম’।
‘সমষ্টিটোৰ জ্বলন্ত নিবনুৱা সমস্যা উদ্যোগীকৰণৰ জৰিয়তে সমাধান, মহিলা সৱলীকৰণ, হাতী-মানুহৰ সংঘাত দূৰীকৰণ, কৃষকৰ সমস্যা সমাধান কৰা, দক্ষতা বিকাশকে ধৰি কেইবাটাও ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি সদৰী কৰি এই প্ৰতিশ্ৰুতি সমূহ ডিজিটেল স্বাক্ষৰৰ জড়িয়তে ৰাইজৰ মাজত প্ৰতিশ্ৰুতি পত্ৰ বিতৰণ কৰিছো’, এইদৰে কয়।
তেওঁ পুনৰ কয়, ‘মই ৰাইজৰ মৰম লৈ ৰাইজৰ প্ৰতিনিধি হিচাপে জয়ী হ’লে মই কেতিয়াও ৰাইজৰ শিৰত বদনাম ল’বলৈ নিদিওঁ।
সভাত উপস্থিত থাকি গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উপেন ছেত্ৰীয়ে ভাষণ ৰাখি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাস আৰু এমচিএলএ ধৰ্মনাৰায়ন দাসক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ ধন আত্মসাৎ কৰা ওকৰ পতন অনিবাৰ্য বলি কয়।
সভাত নিৰ্বাচন পৰিচালনা সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰণয় সৰকাৰেও ভাষণ ৰাখি বিজেপি আৰু বিপিএফ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
সুদীৰ্ঘ পোন্ধৰটা বছৰত দুগৰাকীকৈ জন প্ৰতিনিধি ৰাইজে পালে যদিও তেওঁলোকৰ ব্যক্তিগত উন্নয়নৰ চিন্তাৰ বাবে ৰাইজৰ উন্নয়ন নহ’ল বুলি উল্লেখ কৰি এইবাৰ ৰাইজৰ বাবে উপযুক্ত নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদক কাপ-প্লেটৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়।
আলাউদ্দিন ৰাইজৰ বাবে উপযুক্ত প্ৰাৰ্থী বুলি উল্লেখ কৰি প্ৰণয় সৰকাৰে পুনৰ কয় যে নিৰ্বাচন অনুষ্ঠিত হ’লে আলাউদ্দিন আহমেদে সোতৰ হাজাৰতকৈ অধিক ভোট লাভ কৰি কোকৰাঝাৰৰলৈ নিৰ্বাচিত হ’ব।
সভাত উপস্থিত থাকে নিৰ্বাচন পৰিচালনা সমিতিৰ মুখ্য সম্পাদক লাজাৰুছ মূৰ্মু, নিৰ্বাচন পৰিচালনা সমিতিৰ উপ-সভাপতি লবৰাম হাসদা আৰু ভক্ত বাহাদুৰ লিম্বু, সম্পাদক ক্ষীতিশ হাজোৱাৰী, যুৱ নেতা মীন দেউৰী, জোন দাস, ক্ষীতিশ দাস, বিনন বসুমতাৰী, খেমা দেৱী, জিলিমা বেগম প্ৰমুখ্যে ভালে সংখ্যক গণ্য-মান্য ব্যক্তি আৰু তিনি সহস্ৰাধিক সমৰ্থক।