• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ ২৭ নং নাগ্ৰীজুলি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা

মই নেতা হ'ব নিবিচাৰো, ৰাইজৰ বেটা হৈ কাম কৰিব বিচাৰো : আলাউদ্দিন আহমেদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
December 1, 2020 4:01 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী আছে আৰু ইয়াকে লৈ বৰ্তমান তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ।

সোমবাৰে তামুলপুৰ মহকুমাৰ অধীনস্থ ২৭ নম্বৰ নাগ্ৰীজুলি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদৰ সমৰ্থনত সমষ্টিটোৰ কালিপুৰত অনুষ্ঠিত হয় এখন বিশাল নিৰ্বাচনী সভা।

Apply Now

নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি দীপক কটুৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদে কয়, ‘নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত এইবাৰ বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে। সমষ্টিটোৰ ৰাইজক পৰিত্ৰাণ লাগে নেতৃত্বৰ পৰা, পৰিৱৰ্তন লাগে উন্নয়নৰ বাবে। সেয়েহে এইবেলি পৰিত্ৰাণ আৰু পৰিবৰ্তনৰ বাবে ৰাইজে মোক বিপুল ভোটত জয়ী কৰাই সমষ্টিটোৰ ৰাইজৰ সেৱা কৰাৰ সুবিধা দিব’।

সমষ্টিটোৰ প্ৰাক্তন এম চি এল এ ধৰ্মনাৰায়ন দাস আৰু বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাসক তীব্ৰ সমালোচনা কৰি আলাউদ্দিন আহমেদে কয় যে বিগত সময়ত এই দুগৰাকী জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে একো কৰিব নোৱাৰিলে। সেয়ে এইবাৰ এই দুগৰাকী প্ৰাৰ্থীক ৰাইজে প্ৰত্যাখ্যান কৰিব।

নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদে ৰাইজক সম্বোধি কয় যে মই নেতা হব নিবিচাৰোঁ, মই ৰাইজৰ মাজৰ কাৰোবাৰ বেটা, কাৰোবাৰ দাদা, কাৰোবাৰ ভাই হ’ব বিচাৰো আৰু আটাইৰে আশীৰ্বাদ লৈ সমষ্টিৰ উন্নয়ন কৰিব বিচাৰো। মোক ৰাইজৰ মৰম, ভালপোৱা আৰু আশীৰ্বাদ লাগে। এই আশীৰ্বাদ শিৰত লৈ মই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছোঁ।

সভাত ভাষণ ৰাখি নিৰ্দলীয় প্ৰাৰ্থী গৰকীয়ে কয়, ‘মই নিৰ্বাচনত অৱতীৰ্ণ হৈ সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে পণ লৈছো। মই এমচিএলএ হিচাপে নিৰ্বাচিত হ’লে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে এলএডি ফাণ্ডৰ ধন আবন্টন দিয়াৰ লগতে সমষ্টিটোৰ সকলো ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানলৈ পঞ্চাশ হাজাৰ টকাকৈ আৱন্টন দিম’।

‘সমষ্টিটোৰ জ্বলন্ত নিবনুৱা সমস্যা উদ্যোগীকৰণৰ জৰিয়তে সমাধান, মহিলা সৱলীকৰণ, হাতী-মানুহৰ সংঘাত দূৰীকৰণ, কৃষকৰ সমস্যা সমাধান কৰা, দক্ষতা বিকাশকে ধৰি কেইবাটাও ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি সদৰী কৰি এই প্ৰতিশ্ৰুতি সমূহ ডিজিটেল স্বাক্ষৰৰ জড়িয়তে ৰাইজৰ মাজত প্ৰতিশ্ৰুতি পত্ৰ বিতৰণ কৰিছো’, এইদৰে কয়।

তেওঁ পুনৰ কয়, ‘মই ৰাইজৰ মৰম লৈ ৰাইজৰ প্ৰতিনিধি হিচাপে জয়ী হ’লে মই কেতিয়াও ৰাইজৰ শিৰত বদনাম ল’বলৈ নিদিওঁ।

সভাত উপস্থিত থাকি গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উপেন ছেত্ৰীয়ে ভাষণ ৰাখি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বিশ্বাস আৰু এমচিএলএ ধৰ্মনাৰায়ন দাসক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ ধন আত্মসাৎ কৰা ওকৰ পতন অনিবাৰ্য বলি কয়।

সভাত নিৰ্বাচন পৰিচালনা সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰণয় সৰকাৰেও ভাষণ ৰাখি বিজেপি আৰু বিপিএফ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

সুদীৰ্ঘ পোন্ধৰটা বছৰত দুগৰাকীকৈ জন প্ৰতিনিধি ৰাইজে পালে যদিও তেওঁলোকৰ ব্যক্তিগত উন্নয়নৰ  চিন্তাৰ বাবে ৰাইজৰ উন্নয়ন নহ’ল বুলি উল্লেখ কৰি এইবাৰ ৰাইজৰ বাবে উপযুক্ত নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদক কাপ-প্লেটৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়।

আলাউদ্দিন ৰাইজৰ বাবে উপযুক্ত প্ৰাৰ্থী বুলি উল্লেখ কৰি প্ৰণয় সৰকাৰে পুনৰ কয় যে নিৰ্বাচন অনুষ্ঠিত হ’লে আলাউদ্দিন আহমেদে সোতৰ হাজাৰতকৈ অধিক ভোট লাভ কৰি কোকৰাঝাৰৰলৈ নিৰ্বাচিত হ’ব।

সভাত উপস্থিত থাকে নিৰ্বাচন পৰিচালনা সমিতিৰ মুখ্য সম্পাদক লাজাৰুছ মূৰ্মু, নিৰ্বাচন পৰিচালনা সমিতিৰ উপ-সভাপতি লবৰাম হাসদা আৰু ভক্ত বাহাদুৰ লিম্বু, সম্পাদক ক্ষীতিশ হাজোৱাৰী, যুৱ নেতা মীন দেউৰী, জোন দাস, ক্ষীতিশ দাস, বিনন বসুমতাৰী, খেমা দেৱী, জিলিমা বেগম প্ৰমুখ্যে ভালে সংখ্যক গণ্য-মান্য ব্যক্তি আৰু তিনি সহস্ৰাধিক সমৰ্থক।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd