NORTHEAST NOW (Assamese)

আজিৰে পৰা আৰম্ভ বাজেট অধিৱেশন; কুম্ভ মেলাৰ ঘটনা, ৱাকফ বিলক লৈ সংসদ উত্তপ্ত হোৱাৰ সম্ভাৱনা

January 31, 2025 11:49 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: January 31, 2025 11:50 am

আজিৰে (শুকুৰবাৰ) পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন। কাইলৈ ​​শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। শুকুৰবাৰে সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দি অধিৱেশনৰ আৰম্ভণি কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

একাধিক সূত্ৰৰ মতে, বিৰোধীয়ে মহাকুম্ভৰ দুৰ্ঘটনা আৰু ৱাকফ বিধেয়কৰ বিষয়টো সংসদত উত্থাপন কৰিব। কংগ্ৰেছকে ধৰি কেইবাটাও দলে সৰ্বসন্মতিক্ৰমে কুম্ভমেলাৰ কাণ্ডৰ বাবে চৰকাৰী ব্যৰ্থতাক জগৰীয়া কৰিছে।

আনহাতে, বিৰোধীয়ে ৱাকফ বিধেয়কক লৈও সৰৱ হৈ পৰিছে। সংসদীয় সমিতিৰ প্ৰায়বোৰ বিৰোধী সাংসদৰ মতামতক আওকাণ কৰি ইয়াৰ অধ্যক্ষ বিজেপি সাংসদ জগদাম্বিকা পালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক এই বিধেয়ক সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে।

বিৰোধী নেতাসকলৰ মতে চৰকাৰে সংখ্যাগৰিষ্ঠতাৰে পুনৰ সংসদত বিধেয়কখন দাখিল কৰি গৃহীত কৰাৰ চেষ্টা কৰিব। বিৰোধীয়ে বিধেয়কখন গৃহীত হ’ব নোৱাৰাকৈয়ে প্ৰতিবাদত যোগদান কৰিব বুলি উল্লেখ কৰিছে যদিও ঐক্যবদ্ধ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব নে নহয় সেই সন্দৰ্ভত সন্দেহ আছে।

কুম্ভমেলাৰ ঘটনাৰ দায়িত্ব পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নপৰে। কিন্তু বিৰোধী দলসমূহে কয় যে ইমান বৃহৎ সমাৱেশ সঠিকভাৱে পৰিচালনাৰ ক্ষেত্ৰত কেন্দ্ৰ যথেষ্ট সক্ৰিয় নাছিল।

সূত্ৰ অনুসৰি বৃহস্পতিবাৰৰ বৈঠকত জেডিইউ আৰু এলজিপিৰ দৰে এনডিএৰ কেইবাটাও অংশীদাৰ দলে তেওঁলোকক অধিৱেশনত ভাষণ দিবলৈ অনুমতি দিয়াৰ দাবী জনাইছে। কিয়নো, তেওঁলোক যেনেকৈ চৰকাৰৰ অংশীদাৰ, সেইদৰে দলৰ কৰ্মী, সমৰ্থক তথা সংসদীয় সমষ্টিৰ বাসিন্দাৰ প্ৰতিও তেওঁলোকৰ দায়িত্ব আছে।

Related News