• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 5:04 pm
129
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰবিবাৰে অনুষ্ঠিত হৈ যোৱা নীট ইউজি ৰি-এক্সামত অৰ্থাৎ পুনৰ পৰীক্ষাত প্ৰায় ২২ লাখতকৈও অধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই পৰীক্ষাৰ মাজতে ৰাজস্থানৰ আজমেৰৰ এটা পৰীক্ষা কেন্দ্ৰত বোৰ্খা পিন্ধি অহাৰ বাবে এগৰাকী ছাত্ৰীক প্ৰৱেশ কৰাত বাধা দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ বোৰ্খা পিন্ধি পৰীক্ষা দিবলৈ আহিছিল বাবে তেওঁক কেন্দ্ৰটোৰ ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাছিল। ছাত্ৰীগৰাকীৰ মতে যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা প্ৰথম পৰীক্ষাতো তেওঁ একে সাজপাৰ পিন্ধিয়েই পৰীক্ষা দিছিল আৰু তেতিয়া তেওঁক কোনো ধৰণৰ বাধা দিয়া হোৱা নাছিল।

Apply Now

নেচনেল টেষ্টিং এজেন্সী অৰ্থাৎ এনটিএ-ৰ নিয়ম অনুসৰি পৰীক্ষাৰ্থীসকলে ধৰ্মীয় পোছাক বা প্ৰতীক পিন্ধি পৰীক্ষা কেন্দ্ৰলৈ আহিব পাৰে, কিন্তু তাৰ বাবে তালাচী প্ৰক্ৰিয়াৰ সুবিধাৰ্থে তেওঁলোক নিৰ্ধাৰিত সময়তকৈ বহু পূৰ্বে কেন্দ্ৰত উপস্থিত হ’ব লাগে।

কুলচুম বানো নামৰ এই ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে পৰীক্ষা কেন্দ্ৰৰ সুৰক্ষা কৰ্মীয়ে প্ৰথমে তেওঁক ওৰণিখন খুলিবলৈ কয় আৰু পিছত বোৰ্খাও খুলিবলৈ বাধ্য কৰে। ছাত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে যদি এনটিএ-ৰ নিয়মত ধৰ্মীয় পোছাক পিন্ধাৰ অনুমতি আছে, তেন্তে তেওঁক কিয় বাধা দিয়া হ’ল। ইয়াৰ লগতে ছাত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে পৰীক্ষাতকৈ তেওঁৰ বাবে বৰ্খাহে বেছি গুৰুত্বপূৰ্ণ আৰু এই পোছাক খুলি তেওঁ পৰীক্ষাত বহিব নোখোজে।

ছাত্ৰীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়ে যে তেওঁৰ কন্যাই যোৱা ৩ মে’ৰ পৰীক্ষাতো বোৰ্খা পিন্ধিয়েই অংশ লৈছিল আৰু নিয়ম অনুসৰি ধৰ্মীয় পোছাক পিন্ধাৰ অনুমতি আছে। তেওঁলোকে সুৰক্ষা কৰ্মীক অনুৰোধ কৰিছিল যাতে কোনো মহিলা কৰ্মীৰ দ্বাৰা ছাত্ৰীগৰাকীক ভালদৰে তালাচী কৰা হয় আৰু কোনো গোপন স্থানত বোৰ্খা খুলিবলৈ দিয়া হয়, কিন্তু কৰ্তৃপক্ষই এই অনুৰোধত মান্তি হোৱা নাছিল। অৱশ্যে এই বিতৰ্কৰ মাজতে নেচনেল টেষ্টিং এজেন্সীয়ে জনায় যে ছাত্ৰীগৰাকীক শেষত কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ আৰু পৰীক্ষাত বহিবলৈ অনুমতি দিয়া হয়।

আজমেৰ উত্তৰ অঞ্চলৰ চাৰ্কল অফিচাৰ শিৱম যোশীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমক কয় যে নিয়মৰ কিছু অস্পষ্টতাৰ বাবেই এই খেলিমেলিৰ সৃষ্টি হৈছিল, কিন্তু উচ্চপদস্থ বিষয়াসকলে কথাটো স্পষ্ট কৰাৰ পিছত সমস্যাটোৰ সমাধান হয়। এই ঘটনাটোৰ বাহিৰে বাকী সকলো শিক্ষাৰ্থীয়ে শান্তিপূৰ্ণভাৱে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰে বুলি তেওঁ জনায়।

উল্লেখ্য যে যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষাটো বাতিল কৰা হৈছিল আৰু সেইবাবেই দেওবাৰে এনটিএ-ই নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি এই পুনৰ পৰীক্ষাৰ আয়োজন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd