NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচনৰ পূৰ্বে হ’ব কাৰ্যকৰী! প্ৰস্তুত CAAৰ ধাৰা; অনলাইনত কৰিব পাৰিব আবেদন

January 3, 2024 11:52 am · এন ই নাও নিউজ, নতুন দিল্লী
কা বিৰোধী আন্দোলন। ফাইল ফটো।

বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ হিন্দুকে ধৰি ৬টা সংখ্যালঘু জনগোষ্ঠীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী আইনখন অনা হৈছিল। সংসদৰ অনুমোদন সাপেক্ষে ২০১৯ চনত প্ৰণয়ন কৰা হৈছিল এই আইন। কিন্তু এই আইনৰ নিয়মাৱলী ইমানদিনে প্ৰস্তুত হোৱা নাছিল। কিন্তু এইবাৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে CAA সম্পৰ্কীয় নিয়ম প্ৰণয়ন কৰা হৈ গৈছে। এই পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক কাৰ্যকৰী কৰা হ’ব।

বাতৰি অনুসৰি, নাম প্ৰকাশত অনিচ্ছুক কৰিব নিবিচৰা এগৰাকী চৰকাৰী জ্যেষ্ঠ বিষয়াই জনাইছে যে CAAৰ অধীনত নাগৰিকত্বৰ বাবে অনলাইনযোগে আৱেদন কৰিব পৰা যাব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়কঃ মৰ্মান্তিক! দেৰগাঁৱত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত কমেও ১৪ জন নিহত, আহত ২৫ জন

ইয়াৰ পূৰ্বে বিগত ৪ বছৰে কেন্দ্ৰীয় চৰকাৰে CAAক লৈ হোহকা পিছলা কৰি আহিছে। কোভিডৰ পূৰ্বে সমগ্ৰ দেশতে CAA বিৰোধী আন্দোলন আৰম্ভ হৈছিল। এই পৰিস্থিতিত আইনখন কাৰ্যকৰী আছিল যদিও বলবৎ কৰা হোৱা নাছিল। শ্বাহে দাবী কৰিছিল যে কোভিড শেষ হোৱাৰ পিছতহে CAA ক নিয়ম প্ৰণয়ন কৰি কাৰ্যকৰী কৰা হ’ব।

ইপিনে, ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্রতিবেদন অনুসৰি চৰকাৰী জ্যেষ্ঠ বিষয়াগৰাকীয়ে জনাইছে যে লোকসভা নির্বাচনৰ বহু আগতেই কেন্দ্রীয় চৰকাৰে ‘কা’ কার্যকৰী কৰিবলৈ অধিসূচনা জাৰি কৰিবলৈ ওলাইছে৷

আমোলাগৰাকীয়ে লগতে জনায় যে ইতিমধ্যে নিয়মাৱলী তৈয়াৰ কৰা হৈছে আৰু অনলাইন পৰ্টেলও প্ৰস্তুত কৰা হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়া অনলাইনযোগে কৰা হ’ব। তাত আবেদনকাৰীয়ে নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা বছৰটোহে উল্লেখ কৰিব লাগিব। তেওঁলোকৰ পৰা কোনো নথি-পত্ৰ বিচৰা নহ’ব।

লগতে পঢ়কঃ কেন্দ্ৰৰ আশ্বাসত প্ৰতিবাদ সামৰিলে ট্ৰাক চালকসকলে; আজি উভতিব কামলৈ

আনহাতে, ঘৰত বহিয়েই কোনো নথি পত্ৰ জমা নিদিয়াকৈ মোবাইলতে CAA ৰ বাবে আবেদন কৰিব পাৰিলেও সেই ব্যক্তিৰ দাবীৰ বিষয়টো সংশ্লিষ্ট জিলা প্ৰশাসনে চোৱাচিতা কৰিব। এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ ৰাখিব। পৰ্টেলৰ জৰিয়তে আবেদন কৰাৰ নিয়ম থকাৰ বাবে ই স্বচ্ছ হ’ব বুলিও আশা কৰা হৈছে। 

Related News