• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেব উত্থাপনৰ সময়ত সদনত থকাৰ নিৰ্দেশ সকলো বিজেপি সাংসদক, ক্ষুব্ধ মোদী

নতুন দিল্লীত বিজেপিৰ সংসদীয় গোটৰ বৈঠক সমাপ্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 8:09 pm
CAB in parliament: Rajnath Singh asks BJP MPs to be present

ৰাজনাথ সিঙৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমকে ধৰি উত্তৰ-পূবৰ দল-সংগঠনে নাগৰিকত্ব বিধেয়কক লৈ প্ৰতিবাদ কৰি অহাৰ মাজতে কেন্দ্ৰই সংসদত ইয়াক উত্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

খবৰমতে, বিজেপিৰ সংসদীয় উপ দলপতি ৰাজনাথ সিঙে নাগৰিকত্ব বিধেয়ক উত্থাপনৰ সময়ত সদনত উপস্থিত থকা বাবে দলৰ সকলো সাংসদকে মঙলবাৰে নিৰ্দেশ দিছে।

Apply Now

খবৰমতে, প্ৰধান মন্ত্ৰী মোদী একাংশ বিজেপি সাংসদৰ সদনত অনিয়মীয়া উপস্থিতিক লৈ ক্ষুব্ধ হৈছে। আৰু মঙলবাৰে নতুন দিল্লীত দলটোৰ সংসদীয় গোটৰ বৈঠকত এই কথা আলোচনা হৈছে।

গৃহ মন্ত্ৰী অমিত শ্বাহে সংসদত বিধেয়কখন উত্থাপন কৰাৰ সময়ত সৰ্বোচ্চসংখ্যক নিজা সাংসদৰ উপস্থিতি শাসক দলটোৱে নিশ্চিত কৰিব খুজিছে।

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে বিধেয়কখন জম্মু-কাশ্মীৰ বিষয়ক সংবিধানৰ ৩৭০নং অনুচ্ছেদ বাতিলৰ দৰেই অতি গুৰুত্বপূৰ্ণ বুলি সাংসদসকললৈ বাৰ্তা প্ৰেৰণ কৰিছে।

উত্তৰ-পূবত প্ৰতিবাদৰ সন্মুখীন হোৱা কেবৰ লগতে আন কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক ১৩ ডিচেম্বৰলৈকে চলিব লগা শীতকালীন অধিৱেশনতে চৰকাৰে গৃহীত কৰোৱাৰ কথা।

গৃ্হ মন্ত্ৰী শ্বাহে উত্তৰ-পূবৰ ৰাজনৈতিক নেতা, নাগৰিক সমাজৰ প্ৰতিনিধি, ছাত্ৰ নেতাকে ধৰি বিভিন্ন অংশীদাৰীৰ সৈতে দিল্লীত কেবক লৈ এলানি আলোচনা চলাই আছে।

ভাৰতৰ নাগৰিকত্ব আইন, ১৯৫৫ত সংশোধনী আনিব খোজা বিধেয়কখন ২০১৬ত তদানীন্তন গৃহ মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথমে উত্থাপন কৰিছিল।

চলিত লোক সভা অধিৱেশনত উত্থাপন হ’ব লগা বিধেয়ক পূৰ্বতকৈ পৃথক হ’ব বুলি চৰকাৰী পক্ষই সদৰী কৰি আহিছে যদিও তাৰ কোনো স্পষ্ট ৰূপ ৰাজহুৱা হোৱা নাই।

নাগৰিকত্ব বিধেয়ক, ২০১৬ই ভাৰতৰ চুবুৰীয়া পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান ধৰ্মীয় সংখ্যালঘু (হিন্দু, বৌদ্ধ, জেন, পাৰ্ছি, শিখ আৰু খ্ৰীষ্টান)ৰ ভাৰতীয়কৰণৰ চৰ্ত শিথিল কৰিব খুজিছিল।

বিজেপি নেতৃত্বাধীন যোৱা চৰকাৰে লোক সভাত বিধেয়কখন গৃহীত কৰিছিল যদিও ইয়াক ৰাজ্য সভাত দাখিলৰ পৰা অন্তিম মুহূৰ্তত বিৰত আছিল।

বিধেয়কক লৈ গঠিত যুটীয়া সংসদীয় সমিতিয়ে ইয়াক গৃহীত কৰাৰ বাবে যোৱা জানুৱাৰিত পৰামৰ্শ আগবঢ়াইছিল।

“যুটীয়া সংসদীয় সমিতিয়ে পৰামৰ্শ দিয়ে যে সংশোধন কৰা ৰূপত বিধেয়কখন গৃ্হীত কৰিব লাগে আৰু আন মন্তব্য/ পৰামৰ্শসমূহ বিবেচনা কৰিব লাগে,” যোৱা ৪ জানুৱাৰিত অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে স্বাক্ষৰ কৰা প্ৰতিবেদনত উল্লেখ।

বিধেয়কখন গ্ৰহণৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি” আগবঢ়োৱা বিজেপি বৰ্তমান উচ্চ, নিম্ন দুয়ো সদনতে সৰ্বাধিক সদস্য থকা দল।

বিৰোধী কংগ্ৰেছে শ্বাহৰ বৈঠক বয়কট কৰিছে। অন্তিমবাৰ বিধেয়কখন সদনত উত্থাপন হওঁতে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছিল।

কংগ্ৰেছৰ পৰা চি পি আই (এম)লৈকে দলসমূহে সদনত বিধেয়কখনৰ বিৰোধিতাৰ আশ্বাস দি আহিছে।

বিৰোধী দলকেইটাই তেওঁলোকৰ শাসনাধীন ৰাজ্যৰ চৰকাৰ (যেনে– ৰাজস্থান, কেৰালা)ৰপৰা বিধেয়কৰ বিৰুদ্ধে কেন্দ্ৰক কোনো প্ৰস্তাৱ দিয়াৰ খবৰ পোৱা হোৱা নাই।

সংখ্যাৰ জোৰত বিজেপি চৰকাৰে বিধেয়কখন পাছ কৰিব বুলি অসমৰ বহু প্ৰতিবাদীয়ে আশংকা কৰিছে আৰু উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলোৱাৰ বাবে সাজু হৈছে।

প্ৰতিবাদকাৰীসকলে “ভাৰতীয় সংবিধান আৰু মৌলিক অধিকাৰ” খৰ্বকাৰী বুলি অভিহিত কৰা বিধেয়কখন গ্ৰহণ হ’লেও উচ্চতম ন্যায়ালয়লৈ যোৱাৰ এক পথ থাকিব।

সংসদে বিধেয়ক গৃহীতকৰণেৰে যুগুত কৰা আইনৰ সাংবিধানিক বৈধতাক ভাৰতৰ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ ব্যৱস্থা আছে।

উত্তৰ-পূবৰ বিধেয়কবিৰোধী প্ৰতিবাদী সংগঠনসমূহে কোনো ৰূপতেই ইয়াক গ্ৰহণ নকৰে বুলি ভাৰত চৰকাৰক জনাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd