DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনমতলৈ কেৰেপ নকৰি নাগৰিকত্ব বিধেয়কত কেবিনেটৰ অনুমোদন; কাইলৈ লোকসভাত পাছ হোৱাৰ সম্ভাৱনা

সংসদত পাছ হ'লে কেৱল আদালতহে থাকিবগৈ নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ঠাই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2019 5:12 pm
Public hearing JPC

জেপিচিয়ে অসমলৈ আহি জনসাধাৰণৰ মত লোৱাৰ দৃশ্য। ফাইল ফটো।

766
VIEWS
Share on FacebookShare on Twitter

অসমবাসীৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ বিৰোধিতা সত্ত্বেও আজি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। আজি ইয়াৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখনৰ সপক্ষে প্ৰতিবেদন দাখিল কৰাৰ পিছতে কেবিনেটে সেইখনত অনুমোদন জনায়।

কাইলৈ সংসদৰ চলিত অধিৱেশনৰ অন্তিম দিন। গতিকে কাইলৈ লোকসভাত বিধেয়কখন গৃহীত কৰাৰ চেষ্টা চলাব শাসক দল বিজেপিয়ে। জনতাৰ স্তৰত বিধেয়কখনৰ তীব্ৰ বিৰোধিতাৰ উপৰি কেইবাটাও দলৰ বিৰোধিতা সত্ত্বেও বিজেপিয়ে বিধেয়কখন গৃহীত কৰিবলৈ যি তৎপৰতা দেখুৱাইছে তাৰ পৰা অনুমান কৰিব পাৰি যে বিজেপিয়ে ইয়াক যিকোনো প্ৰকাৰে আইনত পৰিণত কৰিবলৈ বদ্ধপৰিকৰ।

উল্লেখযোগ্য যে লোকসভাত বিধেয়কখন সহজেই পাছ হোৱাৰ সম্ভাৱনা অতি প্ৰবল। কিয়নো লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে। অৱশ্যে ৰাজ্যসভাত বিধেয়কখন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যসভাত শাসক দলৰ সংখ্যাগৰিষ্ঠতা নাই।

ইপিনে আজি বিধেয়কখনত কেন্দ্ৰীয় কেবিনেতে অনুমোদন জনোৱাৰ লগে লগে আঞ্চলিক দল অগপই পূৰ্বে কোৱাৰ দৰে অসমত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছে। কিন্তু প্ৰশ্ন উঠিছে তেওঁলোকৰ এই মিত্ৰতা ভংগই কিমান কাম দিব পাৰে? যদিহে বিধেয়কখন দুয়ো সদনত পাছ হৈ যায়, তেতিয়া অগপৰ মিত্ৰতা ভংগৰ পৰা একো লাভ অসমৰ ৰাইজে পাবলৈ সক্ষম নহ’ব।

এনে ক্ষেত্ৰত কেৱল আদালতহে থাকিবগৈ বিধেয়কখনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ঠাই। ধৰ্মীয় অনুকম্পাৰ ভিত্তিত নাগৰিকত্ব দিয়াটো যিহেতু সংবিধানৰ বৈশিষ্ট্যৰ পৰিপন্থী, আদালতত ইয়াক প্ৰত্যাহ্বান জনাব পৰা যাব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আজি যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে দাখিল কৰা ৪৪০ পৃষ্ঠাজোৰা চূড়ান্ত প্ৰতিবেদনখনত সমিতিৰ বিৰোধী সদস্যসকলে কৰা সংশোধনীৰ প্ৰস্তাৱবোৰক গুৰুত্ব দিয়া হোৱা নাই।

 

Recent News

Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd