NORTHEAST NOW (Assamese)

শ্লোভানিয়াত ক’ৰ’নাৰ সমাপ্তিৰ পাছত ক’ৰ’না শূন্য কম্বোদিয়া

May 16, 2020 2:08 pm · এন ই নাও নিউজ

কম্বোদিয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে শনিবাৰে দেশখনৰ একমাত্ৰ ক’ৰ’না আক্ৰান্ত ৰোগী গৰাকী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি উল্লেখ কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে বৰ্তমান দেশখনক ক’ৰ’না মুক্ত বুলিও ঘোষণা কৰে।

কম্বোদিয়াত ১২ এপ্ৰিলতে শেষৰ গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগী চিনাক্ত হৈছিল।

চীনৰ য়ুহান প্ৰদেশত ক’ৰ’না ভাইৰাছৰ প্ৰাদূৰ্ভাৱ আৰম্ভ হোৱাৰ পাছৰে পৰা কম্বোদিয়ালৈ এই ৰোগ সিচৰি যোৱাৰ পাছতো কম্বোদিয়াত কোনো লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা নায়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ইউৰোপৰ প্ৰথমখন দেশ হিচাপে শ্লোভানিয়া চৰকাৰে দেশখনত ক’ৰ’না মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা কৰিছিল।

শ্লোভানিয়াত বিগত দুসপ্তাহৰ ধৰি প্ৰতিদিনে সাত গৰাকীতকৈ কম লোক ক’ৰ’না ভাইৰাছত নতুনকৈ আক্ৰান্ত হোৱাৰ পাছত দেশখনৰ চৰকাৰে শ্লোভানিয়াত ক’ৰ’না ভাইৰাছৰ মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা কৰে।

আনহাতে, দেশখনৰ চৰকাৰে যিসকল বিদেশী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখাপোৱা গৈছে তেওঁলোকক শ্লোভানিয়াত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নাই বুলি কয়।

শ্লোভানিয়াত ১৫০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা ইউৰোপ আৰু আমেৰিকা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

Related News