বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অধীনত তথা লেংটিছিঙা আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ডুমেৰগুৰীত আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই প্ৰায় বৃহৎ পৰিমাণৰ ভাঙৰ খেতি নষ্ট কৰে ৷
উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াই এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত এই ভাং খেতি খিনি নষ্ট কৰা হয় ৷
উল্লেখ্য যে নিজ ঘৰৰ সমীপতে ভাঙৰ খেতি কৰা এই ঘটনা সন্দৰ্ভত লক্ষণ সৰকাৰ ( ৬৩ ) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা ৫০০ গ্ৰাম গাঞ্জাও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷