• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰহস্যজনক; পেট্ৰ’ল পাম্পৰ লকাৰৰ পৰা অন্তৰ্ধান হ’ল ৭লাখৰো অধিক টকা

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , October 9, 2019 8:41 pm

2 min read

Screenshot_20191009_175809

ফটো : নৰ্থ-ইষ্ট নাও

2.2k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এটা পেট্ৰ’ল পাম্পত আজি সংঘটিত হোৱা এক ৰহস্যজনক চুৰি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি ইণ্ডিয়ান অইল কোম্পানিৰ মাৰ্ঘেৰিটা চাংলাং তিনিআলিস্থিত ‘ইষ্টাৰ্ণ উড প্ৰডাক’ নামৰ পেট্ৰ’ল পাম্পটোৰ টকা জমা ৰখা লকাৰৰ পৰা প্ৰায় ৭লাখৰো অধিক ধন হৰলুকী হয়।

উল্লেখ্য যে পূজা উপলক্ষে বেংক বন্ধ থকাৰ বাবে সমস্ত ধন পেট্ৰ’ল পাম্পটোৰ লকাৰত ৰাখিছিল। কিন্তু আজি পুৱা পেট্ৰ’ল পাম্পটোৰ মালিকে ধন সমূহ বেংকত জমা দিবৰ বাবে পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰীক নিৰ্দেশ দিয়াতহে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ঘটনাৰ খবৰ পাই মাৰ্ঘেৰিটা আৰক্ষীয়ে পেট্ৰ’ল পাম্পটোৰ মেনেজাৰক থানালৈ সোধা পোচাৰ বাবে আনিছিল যদিও পৰৱৰ্তী সময়ত পাম্পটোৰ মালিকে মাৰ্ঘেৰিটা আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী জিম্মাৰ পৰা মেনেজাৰক মুকলি কৰে।

মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰাথমিক তদন্তত এই বৃহৎ পৰিমাণৰ টকা চুৰি ঘটনাত পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰিছিল যদিও মালিকৰ কৰ্ম-কাণ্ডই ৰহস্যৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি বাতৰি প্ৰেৰণ কৰালৈকে পেট্ৰ’ল পাম্পৰ মালিকপক্ষই কোনো ধৰণৰ এজাহাৰ দাখিল কৰা নাই।

আনহাতে সংবাদ মাধ্যমে সমগ্ৰ ঘটনা জানিব পাৰি পাম্প কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত কৰ্মচাৰীয়ে সংবাদ পৰিৱেশন নকৰিবলৈ অনুৰোধ কৰাৰ লগতে ধনেৰে মেনেজ কৰাৰ চেষ্টা কৰে সাংবাদিক সকলক। যাৰ বাবে ঘটনাটো এতিয়া অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

উল্লেখ্য যে প্ৰায় ডেৰ বছৰে উক্ত পেট্ৰ’ল পাম্পটোৰ চিচি টিভি কেমেৰাও বিকল হৈ আছে। মাৰ্ঘেৰিটা আৰক্ষীয়ে কেইবাবাৰো চিচি টিভি কেমেৰা সক্ৰিয় কৰিবলৈ কৈ আহিছিল যদিও মালিক পক্ষই এইক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

আন এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি কিছুদিন পূৰ্বে  ‘ইষ্টাৰ্ণ উড প্ৰডাক’ নামৰ পেট্ৰ’ল পাম্পটোৰ স্বত্বাধিকাৰিক অজ্ঞাত উগ্ৰপন্থীয়ে ফোন যোগে ধন দাবী কৰিছিল। এই ঘটনাও ৰহস্যজনক ভাৱে সংবাদ মাধ্যমৰ পৰা গোপনে ৰাখিছিল পেট্ৰ’ল পাম্পটোৰ মালিকপক্ষই।

ইফালে চোৰাং কয়লা মাফিয়াই এই পেট্ৰ’ল পাম্পটোৰ জৰিয়তে চোৰাং কয়লা সৰবৰাহত ব্যৱহাৰ হোৱা বিভিন্ন গাড়ীত তেল ভৰাই ব্যৱসায় কৰাৰ অভিযোগ থকাৰ লগতে পাম্পটোৰ মালিকৰ বহু অবৈধ ব্যৱসায় আছে বুলিও আন একাংশই অভিযোগ আনিছে।

এনে বহু ৰহস্যজনক কাৰণতে চিচি টিভি সমূহ বিকল কৰি ৰখাৰ লগতে কেচু খান্দোতে সাপ ওলোৱাৰ ভয়তেই ৰহস্যজনকভাৱে পেট্ৰ’ল পাম্পটোৰ চুৰি কাণ্ডটো গাপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে মালিকপক্ষই।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd