কাষ্ট্ৰো যুগৰ অন্ত পৰিবলৈ উলাইছে কিউবাত।
কমিউনিষ্ট দেশখনত পৰিবৰ্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে।
শাসনাধীস্থ কমিউনিষ্ট পাৰ্টিৰ শীৰ্ষ নেতৃত্ব এৰি দিলে ৰাউল কাষ্ট্ৰোই।
ককায়েক তথা কিংম্বদন্তী বিপ্লৱী নেতা ফিডেল কাষ্ট্ৰোৰ পৰা তেওঁ পাৰ্টিৰ শাসনভাৰ হাতত লৈছিল।
ৰাউল কাষ্ট্ৰোই এইক্ষেত্ৰত তেওঁৰ উত্তৰসূৰী হিচাপে বিবেচিত কৰে মিগুৱেল ডিয়াজ-কানেলক।
উল্লেখযোগ্য যে ২০১৯ চনৰ ১০ অক্টোবৰৰ পৰাই দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মিগুৱেল ডিয়াজে।
এইবাৰ তেওঁৰ হাততেই অৰ্পন কৰা হ’ল পাৰ্টিৰ নেতৃত্ব।
পাৰ্টিৰ শীৰ্ষ পদ ফাৰ্ষ্ট ছেক্ৰেটাৰীৰ দায়িত্ব ৰাউল কাষ্ট্ৰোই শনিআৰে তেওঁৰ হাতত তুলি দিব।
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা পাৰ্টি কংগ্ৰেছৰ পাঁচ বছৰীয়া বৈঠকত ৮৯ বৰ্ষীয় ৰাউল কাষ্ট্ৰোই ঘোষণা কৰে যে তেওঁ দলৰ শীৰ্ষ পদৰ এৰিব বিচাৰে।
উল্লেখযোগ্য যে ফিডেল কাষ্ট্ৰো ১৯৫৯ চনত কিউবান বিপ্লৱৰ যোগেৰে দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
২০০৮ চনত ফিডেলে ভাতৃ ৰাউলৰ হাতত দেশৰ শাসনভাৰ অৰ্পন কৰে।
২০১৮ চনলৈকে ৰাউল কাষ্ট্ৰোই দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাস কৰি আছিল।
৬০ বৰ্ষীয় বৰ্তমানৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ হৈছে কাষ্ট্ৰো যুগৰ পৰৱৰ্তী প্ৰজন্ম।
আধুনিক প্ৰযুক্তিৰ স’তে আসক্তি থকা মিগুৱেল ডিয়াজৰ সম্মুখত এইক্ষেত্ৰত প্ৰতাহ্বান হ’ব দেশখনৰ অৰ্থনৈতিক সংকটক নিয়ন্ত্ৰণ কৰা।
বৰ্তমান কিউবাৰ অৰ্থনীতি ঋণত ডুবি আছে।