• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ চাউখোৱাৰ গৰুৰ কুখ্যাত চোৰাং কাৰবাৰী মিণ্টু আলীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2018 11:19 am
Thief

কুখ্যাত গৰুৰ চোৰাং কাৰবাৰী মিন্টু আলী। ফাইল ফটো

224
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ চাউলখোৱাৰ কুখ্যাত গৰু চোৰ মিণ্টু আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় আৰক্ষীয়ে শনিবাৰে তিনিচুকীয়াৰ ন পুখুৰী ৰোডৰ পৰা মিন্টু আলীক গ্ৰেপ্তাৰ কৰে। কুখ্যাত গৰু চোৰ মিণ্টু আলী, চিণ্টু আলী, ৰৌচন আলী আৰু চনু আলীয়ে শুকুৰবাৰে দিন দুপৰতে চেলিম আলী নামৰ এজন লোকক দাৰে ঘপিয়াই হত্যা কৰিছিল।

উক্ত ঘটনাৰ পিছতে পলাতক হৈ থকা মিন্টু আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হ’ল যদিও ঘটনাৰ সৈতে জড়িত চিণ্টু আলী আৰু চনু আলী বৰ্তমানেও পলাতক হৈ আছে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ চাউখোৱাত গৰুৰ কুখ্যাত চোৰাং কাৰবাৰী মিণ্টু আলীয়ে চেলিম আলী (৫০) নামৰ লোকজনক শুকুৰবাৰে হত্যা কৰাৰ বাতৰি প্ৰকাশ পাইছিল। স্থানীয় লোকে জনোৱা মতে অভিযুক্ত মিণ্টুৱে চেলিম আলীক ডিঙি কাটি হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

গুৰুতৰভাৱে আহত চেলিম আলীক স্থানীয় লোকসকলে ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক বাটতেই মৃত্যু হোৱা বুলি ঘোষণা কৰে।

উল্লেখ্য যে গৰুৰ কুখ্যাত চোৰাং কাৰবাৰী মিণ্টু আলীক বহুবাৰ গৰুভৰ্তি ট্ৰাকসহ ধৰা পেলায়ো উপযুক্ত তথ্যৰ অভাৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল।

স্থানীয় লোকৰ অভিযোগ যে আৰক্ষীয়ে সকলে জানিও চকুমুদা কুলিৰ ভূমিকা পালন কৰি আহিছে। মিণ্টু আলীয়ে স্থানীয় যুৱকসকলক তেওঁৰ দলত যোগদান কৰাৰ বাবে ভাবুকি দি আহিছিল বুলিও স্থানীয় ৰাইজে প্ৰকাশ কৰিছে।

আন এক সূত্ৰই জানিব দিয়া মতে, ‘‘মিণ্টু আলীয়ে বহু বছৰ ধৰি গৰুৰ চোৰাং কাৰবাৰ কৰি আহিছে। উজনি অসমৰ গৰু চোৰৰ সৈতে মিন্টু আলীৰ এটা যোগসূত্ৰ আছে। আলীয়ে কচাইখানাত চোৰাংগৰু বিক্ৰী কৰে আৰু নিশা গৰাকী নোহোৱা গৰুবোৰ বাটৰ পৰা তুলি লৈ যায়।’’

চেলিম আলীক হত্যা কৰাৰ পিছত স্থানীয় লোকসকলে প্ৰায় এঘণ্টা ধৰি লাহোৱাল থানা ঘেৰাও কৰি দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd