• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

NEET প্ৰশ্নকাকত ফাদিলত গ্ৰেপ্তাৰ! মোটেগাওঁকাৰ ছাৰৰ কোচিং চেণ্টাৰ আছিল ‘ডাক্তৰ বনোৱা কাৰখানা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 7:56 am
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘ৰেণুকাই কেৰিয়াৰ চেণ্টাৰ’ বা আৰ চি চি আছিল এক সপোনৰ দৰে। কোনোবাই আগতে ‘ডাক্তৰ বনোৱা কাৰখানা’ বুলি কৈছিল, কোনোবাই ‘মোটেগাওঁকাৰ ছাৰৰ ক্লাছ’ বুলি কৈছিল। কিন্তু এতিয়া সেই আস্থাৰ দেৱালখনত এক বহল ফাট মেলিলে।

২০২৬ চনৰ NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত চিবিআইৰ জালত পৰিছে এই প্ৰখ্যাত প্ৰশিক্ষক শৃংখলৰ মুৰব্বী শিৱৰাজ ৰঘুনাথ মোটেগাওঁকাৰ। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই লাটুৰৰ শিৱনগৰ অঞ্চলৰ বিলাসী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি ৯ দিনৰ জিম্মাত লৈছে। NEET কেলেংকাৰিৰ এয়া দশমটো গ্ৰেপ্তাৰ।

Apply Now

তদন্তকাৰীয়ে কয় যে মোটেগাওঁকাৰ কেৱল এজন শিক্ষক নহয়, তেওঁ এটা সুসংগঠিত প্ৰশ্নকাকত ফাদিল ছিণ্ডিকেটৰ অতি গুৰুত্বপূৰ্ণ সদস্য। চিবিআইৰ দাবী যে পৰীক্ষাৰ সমগ্ৰ প্ৰশ্নকাকত মোটেগাওঁকাৰৰ মোবাইল ফোনত উদ্ধাৰ হৈছে।

পৰীক্ষাটো ৩ মে’ত হ’ব লগা আছিল, কিন্তু ১০ দিন আগতে অৰ্থাৎ ২৩ এপ্ৰিলত প্ৰশ্নকাকত তেওঁৰ ওচৰ পায়হি! তেওঁৰ ফোনটো ফৰেনছিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে। তদন্তকাৰীসকলে দাবী কৰে যে তেওঁ এই প্ৰশ্ন আৰু উত্তৰসমূহ এজনতকৈ অধিক লোকৰ মাজত প্ৰচাৰ কৰিছিল।

১৯৮০ চনত জন্মগ্ৰহণ কৰা শিৱৰাজ মোটেগাঁওকাৰ ৰসায়ন বিজ্ঞানৰ স্বৰ্ণ পদক বিজয়ী। ২০০৩ চনত তেওঁ লাটুৰত সৰু পৰিসৰত আৰ চি চি আৰম্ভ কৰিছিল যদিও ১৯ বছৰত ই এক বিশাল সাম্ৰাজ্যলৈ ৰূপান্তৰিত হৈছিল। তেওঁৰ কোচিং চেইনৰ শাখা মহাৰাষ্ট্ৰৰ পুনে, নাছিক, ঔৰংগাবাদ, নন্দদকে ধৰি ৮খন চহৰত আছে।

তেওঁলোকে দাবী কৰে যে যোৱা ১৯ বছৰত তেওঁলোকে ১৫ হাজাৰৰো অধিক চিকিৎসক তৈয়াৰ কৰিছে। বাৰ্ষিক ১.২ লাখৰ পৰা ২.৪ লাখ টকাৰ মাচুল লোৱা এই প্ৰতিষ্ঠানটোৱে প্ৰায় ৮০ হাজাৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰে। মোটেগাওঁকাৰে আগতে নিজকে ‘ভিজনাৰী এডুকেটৰ’ বা স্বপ্নদ্ৰষ্টা শিক্ষক হিচাপে উপস্থাপন কৰিছিল, যাৰ উদ্দেশ্য আছিল গাঁৱৰ সুদূৰ চুকত থকা ল’ৰা-ছোৱালীকো শিক্ষা প্ৰদান কৰা। কিন্তু আজি তেওঁৰ বিৰুদ্ধে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত খেলা কৰাৰ অভিযোগ উঠিছে।

এই বৃহৎ দুৰ্নীতিৰ জঁট প্ৰথমে ভাঙিছিল লাটুৰত নহয়, ৮০০ কিলোমিটাৰ দূৰৈৰ ৰাজস্থানৰ ছিকাৰত। ৩ মে’ত পৰীক্ষা শেষ হোৱাৰ ঠিক পিছতেই এজন শিক্ষকে এনটিএক ইমেইল কৰিলে। তেওঁ কয় যে পৰীক্ষাৰ আগদিনা ৰাতি তেওঁ হোৱাটছএপত কিছুমান পিডিএফ পাইছিল, যিবোৰ প্ৰকৃত প্ৰশ্নকাকতৰ লগত হুবহু মিল আছে।

ইয়াৰ লগে লগে লাটুৰৰ এজন অভিভাৱকেও অভিযোগ কৰে যে আৰ চি চিৰ ‘মক টেষ্ট’ৰ ৪২টা প্ৰশ্ন NEET পৰীক্ষাৰ প্ৰকৃত প্ৰশ্নকাকতৰ সৈতে হুবহু একে। ইয়াৰ পিছতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ব্যৱস্থা গ্ৰহণ কৰে। ১২ মে’ত চিবিআইয়ে সমগ্ৰ গোচৰৰ তদন্তৰ দায়িত্ব লয় আৰু সেইদিনা পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে।

তদন্তত গভীৰ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহিছে। এই দুৰ্নীতিৰ মূলতে এন টি এৰ প্ৰশ্নকাকত প্ৰস্তুত কৰা পেনেলৰ দুজন সদস্য থকাৰ অভিযোগ। ইয়াৰে এজন হৈছে পুনেৰ উদ্ভিদ বিজ্ঞানৰ শিক্ষক মনীষ গুৰুনাথ মান্ধাৰে আৰু আনজন হৈছে লাটুৰৰ অৱসৰপ্ৰাপ্ত ৰসায়ন বিজ্ঞানৰ শিক্ষক পি ভি কুলকাৰ্ণী, যাক চিবিআইয়ে এই চক্ৰৰ ‘কিংপিন’ বা মূল কাণ্ডাৰী বুলি কৈছে। জানিব পৰা মতে, গোপন প্ৰশিক্ষকৰ জৰিয়তে তেওঁলোকে আগতীয়াকৈ প্ৰশ্নকাকত ফাদিল কৰিছিল।

এতিয়ালৈকে এই চক্ৰটো মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু দিল্লীকে ধৰি পাঁচখন ৰাজ্যত পোৱা গৈছে। পুনেৰ মনীষা ৱাঘমাৰে নামৰ এগৰাকী বিউটি পাৰ্লাৰৰ মালিকো এই বিতৰণ নেটৱৰ্কৰ অন্যতম মূল চৰিত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd