কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ কাৰ্যকালত তদানীন্তন ৰে’লমন্ত্ৰী লালু প্ৰসাদ যাদৱসহ তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চাকৰি কেলেংকাৰী সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ তদন্ত কৰি থকা চিবিআইয়ে শুকুৰবাৰে চাৰ্জশ্বীট দাখিল কৰিছে।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে লালু যাদৱৰ লগতে তেওঁৰ পত্নী ৰাবড়ী দেৱী, দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱসহ ১৬ গৰাকী লোকৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰে।
উল্লেখ্য যে চিবিআই- এ ১৮ মে’ত কেলেংকাৰীৰ গোচৰত লালু যাদৱৰ পৰিয়ালৰ সদস্য কেইগৰাকীৰ লগতে ৰে’লৱেত চাকৰি পোৱা ১২ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। অভিযুক্তসকলৰ অধিকাংশই বৰ্তমান জামিনত কাৰাগাৰৰ বাহিৰত আছে।
চিবিআইৰ অভিযোগ অনুসৰি ৰে’ল মন্ত্ৰীত্বৰ কালত লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ৰে’লৱেৰ চাকৰি দিয়াৰ বাবে ভূমি আৰু আন সম্পত্তি উৎকোচ হিচাপে গ্ৰহণ কৰিছিল।
আনহাতে লালুৰ দল আৰজেডি- এ ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ স্বৰূপে লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ বিৰুদ্ধে এই অভিযোগ আনিছে বুলি দাবী কৰিছে। শেহতীয়াকৈ লালু পুত্ৰ তেজস্বী যাদৱে বিহাৰত বিজেপিৰ সংগত্যাগী নীতিশ কুমাৰৰ সৈতে চৰকাৰ গঠন কৰাৰ পিছত বিজেপি লালু পৰিয়ালৰ বিৰুদ্ধে অধিক আগ্ৰাসী হৈ পৰিছে বুলি অভিযোগ কৰিছে।
উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত ১৩৯ কোটি টকাৰ ডৰাণ্ডা ট্ৰেজাৰী কেলেংকাৰী গোচৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালুক জামিন প্ৰদান কৰিছিল। চিবিআইৰ এখন বিশেষ আদালতে ফেব্ৰুৱাৰীত উক্ত গোচৰত পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে ৬০ লাখটকাৰ জৰিমনা আৰোপ কৰিছিল।