• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

NEET-ৰ প্ৰস্তুতি চলাই থকা ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, প্ৰাক্তন আইপিএছৰ ঘৰত তালাচী চিবিআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2026 11:22 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা মাহত পাটনাৰ এটা হোষ্টেলত নিট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী ছাত্ৰীৰ সন্দেহজনক মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই গোচৰৰ গুৰুত্ব উপলব্ধি কৰি শেহতীয়াকৈ চিবিআইয়ে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু শনিবাৰৰ পৰা তেওঁলোকে সক্ৰিয়ভাৱে অভিযান আৰম্ভ কৰিছে। জেহানাবাদ জিলাৰ বাসিন্দা ১৭ বছৰীয়া ছাত্ৰীগৰাকীয়ে পাটনাৰ চিত্ৰগুপ্ত নগৰ থানাৰ অন্তৰ্গত এটা হোষ্টেলত থাকি মেডিকেলৰ প্ৰৱেশ পৰীক্ষাৰ বাবে কোচিং কৰি আছিল। যোৱা মাহত হোষ্টেলৰ ভিতৰতে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ পৰিয়াল আৰু স্থানীয় ৰাইজে গভীৰ ৰহস্যৰ গোন্ধ পাইছিল।

তদন্তৰ অংশ হিচাপে চিবিআইৰ এটা দল শনিবাৰে ভুক্তভোগী ছাত্ৰীগৰাকী থকা হোষ্টেলত উপস্থিত হয়। তেওঁলোকে পূৰ্বে এই গোচৰটো তদন্ত কৰা বিশেষ তদন্তকাৰী দলৰ সৈতে হোষ্টেলৰ চৌহদটো পৰিদৰ্শন কৰে। তদন্তকাৰী বিষয়াসকলে হোষ্টেলৰ ভিতৰত আৰু বাহিৰত চকু ফুৰাই বিভিন্ন ফটো সংগ্ৰহ কৰাৰ লগতে দৃশ্যমান প্ৰমাণসমূহ পুনৰ পৰীক্ষা কৰে। সেই সময়ত অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তদন্তত সহায় কৰিবলৈ যথেষ্ট সংখ্যক মহিলা আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল। চিবিআইৰ বাহন দেখাৰ লগে লগে স্থানীয় বাসিন্দাসকলে হোষ্টেলৰ কাষত ভিৰ কৰি গোচৰটোৰ শেহতীয়া অগ্ৰগতিৰ বুজ লয়।

Apply Now

প্ৰথম অৱস্থাত স্থানীয় আৰক্ষীয়ে দাবী কৰিছিল যে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছে, কিয়নো তেওঁৰ কোঠাত টোপনিৰ বড়ি উদ্ধাৰ হৈছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ছাত্ৰীগৰাকী যৌন নিৰ্যাতনৰ বলি হোৱাৰ সম্ভাৱনাক নুই নকৰাৰ পিছতে ঘটনাটোৱে নতুন পাক লয়। ৰাইজৰ তীব্ৰ প্ৰতিবাদ আৰু ক্ষোভৰ বাবে শেষত চৰকাৰে এই তদন্ত চিবিআইক অৰ্পণ কৰিবলৈ বাধ্য হয়। চিবিআইয়ে নতুনকৈ গোচৰ ৰুজু কৰি ইতিমধ্যে জিলা আৰক্ষীৰ পৰা সকলো ফাইল সংগ্ৰহ কৰিছে আৰু তদন্তত সহায় হ’বলৈ এছ আই টিৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিছে।

ইফালে এই সমগ্ৰ ঘটনাত এক নাটকীয় পৰিৱেশৰ সৃষ্টি হয় যেতিয়া আৰক্ষীৰ এটা দলে চাৰ্চ ৱাৰেণ্ট লৈ ১৯৯৪ চনৰ বেচৰ প্ৰাক্তন আইপিএছ বিষয়া অমিতাভ কুমাৰ দাসৰ বাসগৃহত উপস্থিত হয়। প্ৰাক্তন বিষয়াগৰাকীয়ে পূৰ্বে দাবী কৰিছিল যে ছাত্ৰীগৰাকীৰ মৃত্যুৰ লগত এজন প্ৰভাৱশালী ৰাজনীতিবিদৰ পুত্ৰ জড়িত থকাৰ তেওঁৰ হাতত পৰ্যাপ্ত তথ্য আছে। আৰক্ষীয়ে তেওঁৰ পাটলিপুত্ৰ কলনীৰ ঘৰত তালাচী চলোৱাৰ সময়ত দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। দাসে অভিযোগ কৰে যে ৰাজনৈতিক নেতাৰ গোপন কথা ফাদিল কৰাৰ বাবেই তেওঁক জোৰকৈ গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰা হৈছে।

তালাচী অভিযানৰ মাজতে প্ৰাক্তন বিষয়াগৰাকী অসুস্থ হৈ পৰাত তেওঁক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰ পূৰ্বে আৰক্ষীয়ে একাংশ ইউটিউবাৰ আৰু এই প্ৰাক্তন আইপিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্তৰ দিশ বিপথে চলোৱাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰিছিল। বৰ্তমান চিবিআইৰ তদন্ত আৰু প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ বিষ্ফোৰক দাবীয়ে এই সমগ্ৰ গোচৰটোক অধিক জটিল কৰি তুলিছে। ছাত্ৰীগৰাকীৰ পৰিয়ালে এতিয়াও ন্যায়ৰ বাবে অপেক্ষা কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd