জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত চিবিআইৰ জেৰাৰ সন্মুখীন লীনা দলে

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাৰ মৃত্যুক লৈ চিবিআইয়ে আৰক্ষী অধীক্ষক লীনা দলেক জেৰা কৰাৰ খবৰ পোহৰলৈ আহিছে।

উল্লেখ্য যে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত জোনমণি ৰাভাৰ মাতৃয়ে দাখিল কৰা এজাহাৰত নগাঁৱৰ তদানীন্তন অধীক্ষক লীনা দলেৰ নাম উল্লেখ আছিল।

এজাহাৰত জোনমণই ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই দাবী কৰিছিল যে, ‘মই নিশ্চিত যে তাইৰ মৃত্যু কোনো দুৰ্ঘটনাৰ ফলত নহয়, পূৰ্ব পৰিকল্পিত হত্যাকাণ্ডৰ ফলতহে হৈছে।”

এজাহাৰ খনত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ প্ৰধান অভিযুক্ত হিচাপে ভিতৰত লীনা দলেক অভিযুক্ত কৰা হৈছিল।

বিশেষ সূত্ৰৰ খবৰ অনুসৰি, চিবিআই-এ জোনমণি ৰাভাৰ লগতে নগাঁৱৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু আৰক্ষী পৰিদৰ্শক ৰূপজ্যোতি কলিতাক সোধা-পোছাৰ বাবে মাতি নিছে।

অৱশ্যে তদন্তৰ সবিশেষ চিবিআইৰ দলে প্ৰকাশ কৰা নাই।

সূত্ৰ অনুসৰি, গুৱাহাটীৰ এটা অতিথিশালাত অতি গোপনে লীনা দলেক জেৰা কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা ১৪ জুনত অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ হাতত দিয়া হৈছিল।

যোৱা ১২ জুনত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে নতুন দিল্লীৰ চিবিআইৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ পিছতে এই গোচৰটো চিআইডি পৰা তদন্তকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

লগতে পঢ়কঃ কটনত কোনে দেখুৱালে নাজী বাহিনীৰ প্ৰতীক, নাজী চেলুটেৰে নিজকে ফেচিষ্ট হিচাপে ঘোষণা একাংশ শিক্ষাৰ্থীৰ