• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কলকাতাত চিকিৎসকক ধৰ্ষণ কৰি হত্যাঃ চিবিআইক তদন্তৰ দায়িত্ব অৰ্পণ, অপৰাধস্থলীৰ সমীপত প্ৰমাণ হেৰাফেৰিৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 3:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাওঁ গোট আৰু বিজেপিয়ে মঙলবাৰে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ কৰ্তৃপক্ষই কেম্পাছত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত প্ৰমাণৰ লগত হেৰাফেৰি কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে চিপিআই (এম)ৰ সৈতে জড়িত ভাৰতীয় ডেম’ক্ৰেটিক ইউথ ফেডাৰেচন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচন-(এছ এফ আই)এ চিকিৎসালয়খনৰ জৰুৰীকালীন ভৱনৰ গেটত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে অভিযোগ কৰে যে প্ৰমাণ ধ্বংস কৰি প্ৰকৃত দোষীক লুকুৱাই ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছে।

ইফালে বাওঁপন্থী সংগঠন জইণ্ট ফ’ৰাম অৱ ডাক্তৰছৰ সৈতে জড়িত এজন চিকিৎসকে দাবী কৰিছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কিছু তথ্যৰ পৰা অনুমান কৰা হৈছে যে ভুক্তভোগীগৰাকীক এজনতকৈ অধিক লোকে ধৰ্ষণ কৰিব পাৰে।

Apply Now

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখাৰ সময়ত ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থকা ডাঃ সুৱৰ্ণ গোস্বামীয়ে কয় যে- ‘এইটো স্পষ্ট যে এইটো এজন ব্যক্তিৰ কাম নহয়… তাইক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।’

৩১ বছৰীয়া এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসামৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক।

এই গোচৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বহু চিকিৎসালয়ৰ চিকিৎসকে প্ৰতিবাদ সাব্যস্ত কৰিছে।

মঙলবাৰে আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদত অংশগ্ৰহণ কৰি ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক মীনাক্ষী মুখাৰ্জীয়ে কয় যে, ‘আমি বিশ্বাস কৰোঁ যে টি এম চি চৰকাৰে প্ৰকৃত দোষীক লুকুৱাবলৈ চেষ্টা কৰিছে। আমি চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ বিষয়াসকলক গোচৰৰ প্ৰমাণৰ লগত খেলা-ধূলা কৰিবলৈ নিদিওঁ। এই কাম কৰিবলৈ তেওঁলোকে অহৰহ চেষ্টা কৰি আছে।’

সূত্ৰ অনুসৰি, শনিবাৰে চিকিৎসালয় কৰ্তৃপক্ষই এটা কোঠা আৰু কাষৰ মহিলাৰ শৌচাগাৰটো ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল – যিটো দুয়োটা চেমিনাৰ কক্ষৰ পৰা মাত্ৰ কেইফুটমান দূৰত আছিল। তেওঁ কয় যে বুকুৰ চিকিৎসা বিভাগত ছাত্ৰ-ছাত্ৰীসকলে জিৰণি লোৱা ঠাইৰ দাবীৰ পিছতে এই কাম কৰা হৈছে।

কিন্তু চিকিৎসকৰ মৃতদেহ উদ্ধাৰৰ মাত্ৰ এদিন পাছতে অট্টালিকাটো ভাঙি পেলোৱাৰ নিৰ্দেশ অহাৰ লগে লগে কৰ্তৃপক্ষই প্ৰমাণৰ লগত খেলা-ধূলা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিজেপিৰ বিধায়ক তথা বিধানসভাৰ বিৰোধী নেতা সুবেন্দু অধিকাৰীয়ে কয়, ‘ইতিমধ্যে তেওঁলোকে বহু প্ৰমাণৰ লগত খেলা কৰিছে। অনতিপলমে চিবিআইয়ে গোচৰটো হাতত ল’ব লাগে। আমি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবী জনাইছো।

আৰ জি কৰ মেডিকেল কলেজত পোষ্ট কৰা এজন আৰক্ষী বিষয়াই কয়, ‘মঙলবাৰে পুৱা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দল পি অ’ (অপৰাধস্থলী) চাবলৈ আহিছিল। অপৰাধস্থলীৰ সমীপত নিৰ্মাণ কাৰ্য চলি থকা দেখি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পাছত অলপ সময়ৰ পিছতে SFI-DYFI সমৰ্থকসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

পৰিয়ালৰ অধিবক্তা তথা চিপিআই (এম) নেতা বিকাশ ৰঞ্জন ভট্টাচাৰ্যই কয়, ‘পিডব্লিউডি (ৰাজহুৱা কাম বিভাগ)ৰ সহায় আৰু ৰাজ্য চৰকাৰৰ সেউজ সংকেত অবিহনে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই একো ভাঙিব বা নিৰ্মাণ কৰিব নোৱাৰে। গতিকে এই পদক্ষেপৰ আঁৰত যে ৰাজ্য চৰকাৰ আছিল সেয়া স্পষ্ট।

যোৱা কেইদিনমানৰ পৰা বিজেপি আৰু চিপিআই (এম)ৰ নেতাসকলে অভিযোগ উত্থাপন কৰি আহিছে যে ধৃত অভিযুক্ত সঞ্জয় ৰায়হে চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত একমাত্ৰ ব্যক্তি নহয়। ইয়াৰ লগত জড়িত আন লোকসকলক বচাবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে টিএমচিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd