• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলকাতাত চিকিৎসকক ধৰ্ষণ কৰি হত্যাঃ চিবিআইক তদন্তৰ দায়িত্ব অৰ্পণ, অপৰাধস্থলীৰ সমীপত প্ৰমাণ হেৰাফেৰিৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 3:51 pm
261
VIEWS
Share on FacebookShare on Twitter

বাওঁ গোট আৰু বিজেপিয়ে মঙলবাৰে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ কৰ্তৃপক্ষই কেম্পাছত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত প্ৰমাণৰ লগত হেৰাফেৰি কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে চিপিআই (এম)ৰ সৈতে জড়িত ভাৰতীয় ডেম’ক্ৰেটিক ইউথ ফেডাৰেচন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচন-(এছ এফ আই)এ চিকিৎসালয়খনৰ জৰুৰীকালীন ভৱনৰ গেটত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে অভিযোগ কৰে যে প্ৰমাণ ধ্বংস কৰি প্ৰকৃত দোষীক লুকুৱাই ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছে।

ইফালে বাওঁপন্থী সংগঠন জইণ্ট ফ’ৰাম অৱ ডাক্তৰছৰ সৈতে জড়িত এজন চিকিৎসকে দাবী কৰিছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কিছু তথ্যৰ পৰা অনুমান কৰা হৈছে যে ভুক্তভোগীগৰাকীক এজনতকৈ অধিক লোকে ধৰ্ষণ কৰিব পাৰে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখাৰ সময়ত ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থকা ডাঃ সুৱৰ্ণ গোস্বামীয়ে কয় যে- ‘এইটো স্পষ্ট যে এইটো এজন ব্যক্তিৰ কাম নহয়… তাইক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।’

৩১ বছৰীয়া এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসামৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক।

এই গোচৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বহু চিকিৎসালয়ৰ চিকিৎসকে প্ৰতিবাদ সাব্যস্ত কৰিছে।

মঙলবাৰে আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদত অংশগ্ৰহণ কৰি ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক মীনাক্ষী মুখাৰ্জীয়ে কয় যে, ‘আমি বিশ্বাস কৰোঁ যে টি এম চি চৰকাৰে প্ৰকৃত দোষীক লুকুৱাবলৈ চেষ্টা কৰিছে। আমি চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ বিষয়াসকলক গোচৰৰ প্ৰমাণৰ লগত খেলা-ধূলা কৰিবলৈ নিদিওঁ। এই কাম কৰিবলৈ তেওঁলোকে অহৰহ চেষ্টা কৰি আছে।’

সূত্ৰ অনুসৰি, শনিবাৰে চিকিৎসালয় কৰ্তৃপক্ষই এটা কোঠা আৰু কাষৰ মহিলাৰ শৌচাগাৰটো ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল – যিটো দুয়োটা চেমিনাৰ কক্ষৰ পৰা মাত্ৰ কেইফুটমান দূৰত আছিল। তেওঁ কয় যে বুকুৰ চিকিৎসা বিভাগত ছাত্ৰ-ছাত্ৰীসকলে জিৰণি লোৱা ঠাইৰ দাবীৰ পিছতে এই কাম কৰা হৈছে।

কিন্তু চিকিৎসকৰ মৃতদেহ উদ্ধাৰৰ মাত্ৰ এদিন পাছতে অট্টালিকাটো ভাঙি পেলোৱাৰ নিৰ্দেশ অহাৰ লগে লগে কৰ্তৃপক্ষই প্ৰমাণৰ লগত খেলা-ধূলা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিজেপিৰ বিধায়ক তথা বিধানসভাৰ বিৰোধী নেতা সুবেন্দু অধিকাৰীয়ে কয়, ‘ইতিমধ্যে তেওঁলোকে বহু প্ৰমাণৰ লগত খেলা কৰিছে। অনতিপলমে চিবিআইয়ে গোচৰটো হাতত ল’ব লাগে। আমি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবী জনাইছো।

আৰ জি কৰ মেডিকেল কলেজত পোষ্ট কৰা এজন আৰক্ষী বিষয়াই কয়, ‘মঙলবাৰে পুৱা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দল পি অ’ (অপৰাধস্থলী) চাবলৈ আহিছিল। অপৰাধস্থলীৰ সমীপত নিৰ্মাণ কাৰ্য চলি থকা দেখি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পাছত অলপ সময়ৰ পিছতে SFI-DYFI সমৰ্থকসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

পৰিয়ালৰ অধিবক্তা তথা চিপিআই (এম) নেতা বিকাশ ৰঞ্জন ভট্টাচাৰ্যই কয়, ‘পিডব্লিউডি (ৰাজহুৱা কাম বিভাগ)ৰ সহায় আৰু ৰাজ্য চৰকাৰৰ সেউজ সংকেত অবিহনে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই একো ভাঙিব বা নিৰ্মাণ কৰিব নোৱাৰে। গতিকে এই পদক্ষেপৰ আঁৰত যে ৰাজ্য চৰকাৰ আছিল সেয়া স্পষ্ট।

যোৱা কেইদিনমানৰ পৰা বিজেপি আৰু চিপিআই (এম)ৰ নেতাসকলে অভিযোগ উত্থাপন কৰি আহিছে যে ধৃত অভিযুক্ত সঞ্জয় ৰায়হে চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত একমাত্ৰ ব্যক্তি নহয়। ইয়াৰ লগত জড়িত আন লোকসকলক বচাবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে টিএমচিয়ে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd