সন্তান জীৱনত সফল হোৱাটো সকলো পিতৃ-মাতৃয়েই বিচাৰে। আৰু সফল হ‘বলৈ হ‘লে মনপুতি পঢ়া-শুনা কৰাটোৱেই নিয়ম। তাত কোনো সন্দেহ নাই যদিও পঢ়া-শুনা আৰু খেল-ধেমালিৰ বাহিৰেও আন এক অভ্যাস আছে যিটো সৰুৰে পৰা আয়ত্ত কৰিব পাৰিলে ভৱিষ্যতে পেছাদাৰী আৰু ব্যক্তিগত জীৱনত আটাইতকৈ বেছি সফল আৰু দায়িত্বশীল হোৱাৰ সম্ভাৱনা থাকে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই কথা প্ৰকাশ পাইছে। দীৰ্ঘ ৮৫ বছৰ ধৰি কৰা গৱেষণা আৰু সমীক্ষাত গৱেষকসকলে দাবী কৰিছে যে যি শিশুৱে সৰুৰে পৰা ঘৰৰ কাম-কাজ কৰে, পিতৃ-মাতৃ বা পৰিয়ালৰ লোকক ঘৰৰ কামত সহায় কৰে, তেওঁলোকেই পৰৱৰ্তী সময়ত জীৱনৰ যিকোনো পৰ্যায়ত গৈ সফলতা অৰ্জন কৰে। ব্যক্তিগত জীৱনতো তেওঁলোকেই বেছি সুখী হয়।
ডাঙৰসকলে কি কৰে, কেনেদৰে কথা পাতে, কোনো পৰিস্থিতি কেনেদৰে চম্ভালে, এই সকলোবোৰ শিশুৱে লক্ষ্য কৰে। তেওঁলোকৰ দৰেই সেইবোৰ অনুকৰণ কৰাৰো চেষ্টা কৰে। গৱেষকসকলে জনাইছে যে পিতৃ-মাতৃয়ে দৈনিক কামৰ জৰিয়তেও নিয়মানুৱৰ্তিতাৰ শিক্ষা দিব পাৰে। বহু শিশুৱে সৰুতে পঢ়া-শুনাত সিমান মনোযোগী নহয়। কোনোবা হয়তো পঢ়া-শুনাত ভাল, কোনোবা আকৌ খেল-ধেমালিত। সেয়েহে কেৱল কিতাপৰ পাঠ বা খেল-ধেমালিকেই সফলতা অৰ্জনৰ মাপকাঠি বুলি ভাবিলে ভুল হ‘ব। অমনোযোগী শিশুকো দায়িত্বশীল আৰু আত্মবিশ্বাসী কৰি তুলিব পাৰি, যদিহে তেওঁক ঘৰৰ সৰু সৰু কামৰ দায়িত্ব দিয়া যায়। সৰুৰে পৰাই সেই অভ্যাস কৰালে শিশুৰ মাজত পেছাদাৰিত্বৰ মনোভাব আৰু দায়িত্ববোধ গঢ়ি উঠিব। তেতিয়া তেওঁ পঢ়া-শুনা আৰু অন্যান্য কামতো মন দিব।
গৱেষকসকলে দেখিছে যে সৰুৰে পৰা কাম কৰিলে শিশুৱে বুজি পায় যে ফল পাবলৈ হ‘লে পৰিশ্ৰম কৰা প্ৰয়োজন, যিয়ে তেওঁলোকক ভৱিষ্যতে পেছাদাৰী জীৱনত দায়িত্বশীল আৰু পৰিশ্ৰমী হোৱাত সহায় কৰে। নিজৰ পুতলাবোৰ সজাই ৰখা, বিচনা পৰিষ্কাৰ কৰা বা কাপোৰ-কানি সামৰি ৰখাৰ দৰে সৰু সৰু কামবোৰ ঠিকমতে কৰিব পাৰিলে শিশুৰ আত্মবিশ্বাস বাঢ়ে, যিয়ে ভৱিষ্যতে স্বাৱলম্বী হোৱাত সহায় কৰিব। ইয়াৰ উপৰিও ঘৰৰ যিকোনো কামত পিতৃ-মাতৃ বা পৰিয়ালৰ সদস্যসকলক সহায় কৰিলে তেওঁলোকে বুজিব পাৰে যে প্ৰত্যেকৰে অৱদান গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত আনৰ শ্ৰমৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা বাঢ়ে আৰু ভৱিষ্যতে এইটোৱে তেওঁলোকক দলবদ্ধভাৱে কাম কৰাত সহায় কৰিব।
ঘৰৰ কামৰ অভ্যাস কেনেকৈ কৰাব তাৰো কিছুমান উপায় আছে। বয়স অনুসৰি শিশুক নানা কাম কৰিবলৈ দিব পাৰি। যেনে, প্ৰতিদিনে শুই উঠাৰ পিছত নিজৰ গাৰু আৰু চাদৰখন জাপি ৰখাৰ অভ্যাস কৰোৱা। ওচৰতে সৰু পাচি বা বাকচ এটা ৰাখক আৰু খেলাৰ পিছত পুতলাবোৰ তাত সজাই থ‘বলৈ কওক। আৰম্ভণিতে আপুনি দেখুৱাই দিয়ক কেনেকৈ সজাব লাগে। ভাল কাম কৰিলে প্ৰশংসা কৰক আৰু সৰু সৰু পুৰস্কাৰ দিয়ক। খোৱাৰ আগতে প্লেট সজোৱা বা খোৱাৰ পিছত নিজৰ কাঁহী-বাতি নিৰ্দিষ্ট ঠাইত ৰখাৰ দায়িত্ব দিয়ক। শিশুৰ বাবে সুকীয়া আলমাৰী ৰাখক য‘ত হেঙাৰ ওলোমাই থ‘ব পাৰে। শিশুটোক নিজৰ কাপোৰবোৰ সেই হেঙাৰত ওলোমাই থ‘বলৈ বা আলমাৰীৰ থাকতো জাপি থ‘বলৈ কওক। প্ৰথমতে হয়তো ভাঁজ কৰি ভালদৰে থ‘ব নোৱাৰিব পাৰে, কিন্তু লাহে লাহে অভ্যাস গঢ়ি তোলক। শিশুৰ নিজৰ পঢ়া কোঠা থাকিলে সেয়া পৰিষ্কাৰ ৰখাৰ দায়িত্ব তেওঁক দিয়ক। যদি সুকীয়া কোঠা নাথাকে, তেন্তে পঢ়া ঠাই, টেবুল আৰু কিতাপ-বহী পৰিপাটিকৈ সজাই ৰাখিবলৈ কওক আৰু এই কাম প্ৰতিদিনে কৰিবলৈ দিব। ঘৰত গছ-গছনি থাকিলে তাৰ দায়িত্ব শিশুক দিয়ক। গছত পানী দিয়া, যতন লোৱাৰ পদ্ধতি শিকাই দিয়ক। এই কাম ভাল লাগিলে মোবাইলৰ প্ৰতি থকা আসক্তিও অতি সোনকালেই দূৰ হৈ যাব।
অৱশ্যে অভিভাৱকসকলৰ নিজৰ দায়িত্বও ইয়াতেই শেষ হৈ নাযায়। শুই উঠাৰ পিছত পিতৃ-মাতৃয়ে যদি নিজৰ বিচনা-গাৰু নিজেই সজায়, তেন্তে তেওঁলোকক দেখি শিশুৱেও নিজৰ বিচনা সজাই ৰাখিবলৈ শিকিব। যদি শিশুৱে দেখে যে তেওঁৰ পুতলা বা কিতাপৰ থাকবোৰ সজাই থোৱা নাই, তেন্তে সেইবোৰ সজাই ৰখাৰ আগ্ৰহ তেওঁৰ মাজতো গঢ়ি উঠিব। সেয়েহে প্ৰথমৰে পৰা পিতৃ-মাতৃয়েই বেছি যত্নশীল হ‘ব লাগিব।





