• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কোনবোৰ শিশু ভৱিষ্যতে আটাইতকৈ সফল আৰু সুখী হ’ব? পঢ়া-শুনা আৰু খেল-ধেমালিৰ বাহিৰেও গোপন ৰহস্য জনালে গৱেষকসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2026 6:40 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্তান জীৱনত সফল হোৱাটো সকলো পিতৃ-মাতৃয়েই বিচাৰে। আৰু সফল হ‘বলৈ হ‘লে মনপুতি পঢ়া-শুনা কৰাটোৱেই নিয়ম। তাত কোনো সন্দেহ নাই যদিও পঢ়া-শুনা আৰু খেল-ধেমালিৰ বাহিৰেও আন এক অভ্যাস আছে যিটো সৰুৰে পৰা আয়ত্ত কৰিব পাৰিলে ভৱিষ্যতে পেছাদাৰী আৰু ব্যক্তিগত জীৱনত আটাইতকৈ বেছি সফল আৰু দায়িত্বশীল হোৱাৰ সম্ভাৱনা থাকে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই কথা প্ৰকাশ পাইছে। দীৰ্ঘ ৮৫ বছৰ ধৰি কৰা গৱেষণা আৰু সমীক্ষাত গৱেষকসকলে দাবী কৰিছে যে যি শিশুৱে সৰুৰে পৰা ঘৰৰ কাম-কাজ কৰে, পিতৃ-মাতৃ বা পৰিয়ালৰ লোকক ঘৰৰ কামত সহায় কৰে, তেওঁলোকেই পৰৱৰ্তী সময়ত জীৱনৰ যিকোনো পৰ্যায়ত গৈ সফলতা অৰ্জন কৰে। ব্যক্তিগত জীৱনতো তেওঁলোকেই বেছি সুখী হয়।

ডাঙৰসকলে কি কৰে, কেনেদৰে কথা পাতে, কোনো পৰিস্থিতি কেনেদৰে চম্ভালে, এই সকলোবোৰ শিশুৱে লক্ষ্য কৰে। তেওঁলোকৰ দৰেই সেইবোৰ অনুকৰণ কৰাৰো চেষ্টা কৰে। গৱেষকসকলে জনাইছে যে পিতৃ-মাতৃয়ে দৈনিক কামৰ জৰিয়তেও নিয়মানুৱৰ্তিতাৰ শিক্ষা দিব পাৰে। বহু শিশুৱে সৰুতে পঢ়া-শুনাত সিমান মনোযোগী নহয়। কোনোবা হয়তো পঢ়া-শুনাত ভাল, কোনোবা আকৌ খেল-ধেমালিত। সেয়েহে কেৱল কিতাপৰ পাঠ বা খেল-ধেমালিকেই সফলতা অৰ্জনৰ মাপকাঠি বুলি ভাবিলে ভুল হ‘ব। অমনোযোগী শিশুকো দায়িত্বশীল আৰু আত্মবিশ্বাসী কৰি তুলিব পাৰি, যদিহে তেওঁক ঘৰৰ সৰু সৰু কামৰ দায়িত্ব দিয়া যায়। সৰুৰে পৰাই সেই অভ্যাস কৰালে শিশুৰ মাজত পেছাদাৰিত্বৰ মনোভাব আৰু দায়িত্ববোধ গঢ়ি উঠিব। তেতিয়া তেওঁ পঢ়া-শুনা আৰু অন্যান্য কামতো মন দিব।

Apply Now

গৱেষকসকলে দেখিছে যে সৰুৰে পৰা কাম কৰিলে শিশুৱে বুজি পায় যে ফল পাবলৈ হ‘লে পৰিশ্ৰম কৰা প্ৰয়োজন, যিয়ে তেওঁলোকক ভৱিষ্যতে পেছাদাৰী জীৱনত দায়িত্বশীল আৰু পৰিশ্ৰমী হোৱাত সহায় কৰে। নিজৰ পুতলাবোৰ সজাই ৰখা, বিচনা পৰিষ্কাৰ কৰা বা কাপোৰ-কানি সামৰি ৰখাৰ দৰে সৰু সৰু কামবোৰ ঠিকমতে কৰিব পাৰিলে শিশুৰ আত্মবিশ্বাস বাঢ়ে, যিয়ে ভৱিষ্যতে স্বাৱলম্বী হোৱাত সহায় কৰিব। ইয়াৰ উপৰিও ঘৰৰ যিকোনো কামত পিতৃ-মাতৃ বা পৰিয়ালৰ সদস্যসকলক সহায় কৰিলে তেওঁলোকে বুজিব পাৰে যে প্ৰত্যেকৰে অৱদান গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত আনৰ শ্ৰমৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা বাঢ়ে আৰু ভৱিষ্যতে এইটোৱে তেওঁলোকক দলবদ্ধভাৱে কাম কৰাত সহায় কৰিব।

ঘৰৰ কামৰ অভ্যাস কেনেকৈ কৰাব তাৰো কিছুমান উপায় আছে। বয়স অনুসৰি শিশুক নানা কাম কৰিবলৈ দিব পাৰি। যেনে, প্ৰতিদিনে শুই উঠাৰ পিছত নিজৰ গাৰু আৰু চাদৰখন জাপি ৰখাৰ অভ্যাস কৰোৱা। ওচৰতে সৰু পাচি বা বাকচ এটা ৰাখক আৰু খেলাৰ পিছত পুতলাবোৰ তাত সজাই থ‘বলৈ কওক। আৰম্ভণিতে আপুনি দেখুৱাই দিয়ক কেনেকৈ সজাব লাগে। ভাল কাম কৰিলে প্ৰশংসা কৰক আৰু সৰু সৰু পুৰস্কাৰ দিয়ক। খোৱাৰ আগতে প্লেট সজোৱা বা খোৱাৰ পিছত নিজৰ কাঁহী-বাতি নিৰ্দিষ্ট ঠাইত ৰখাৰ দায়িত্ব দিয়ক। শিশুৰ বাবে সুকীয়া আলমাৰী ৰাখক য‘ত হেঙাৰ ওলোমাই থ‘ব পাৰে। শিশুটোক নিজৰ কাপোৰবোৰ সেই হেঙাৰত ওলোমাই থ‘বলৈ বা আলমাৰীৰ থাকতো জাপি থ‘বলৈ কওক। প্ৰথমতে হয়তো ভাঁজ কৰি ভালদৰে থ‘ব নোৱাৰিব পাৰে, কিন্তু লাহে লাহে অভ্যাস গঢ়ি তোলক। শিশুৰ নিজৰ পঢ়া কোঠা থাকিলে সেয়া পৰিষ্কাৰ ৰখাৰ দায়িত্ব তেওঁক দিয়ক। যদি সুকীয়া কোঠা নাথাকে, তেন্তে পঢ়া ঠাই, টেবুল আৰু কিতাপ-বহী পৰিপাটিকৈ সজাই ৰাখিবলৈ কওক আৰু এই কাম প্ৰতিদিনে কৰিবলৈ দিব। ঘৰত গছ-গছনি থাকিলে তাৰ দায়িত্ব শিশুক দিয়ক। গছত পানী দিয়া, যতন লোৱাৰ পদ্ধতি শিকাই দিয়ক। এই কাম ভাল লাগিলে মোবাইলৰ প্ৰতি থকা আসক্তিও অতি সোনকালেই দূৰ হৈ যাব।

অৱশ্যে অভিভাৱকসকলৰ নিজৰ দায়িত্বও ইয়াতেই শেষ হৈ নাযায়। শুই উঠাৰ পিছত পিতৃ-মাতৃয়ে যদি নিজৰ বিচনা-গাৰু নিজেই সজায়, তেন্তে তেওঁলোকক দেখি শিশুৱেও নিজৰ বিচনা সজাই ৰাখিবলৈ শিকিব। যদি শিশুৱে দেখে যে তেওঁৰ পুতলা বা কিতাপৰ থাকবোৰ সজাই থোৱা নাই, তেন্তে সেইবোৰ সজাই ৰখাৰ আগ্ৰহ তেওঁৰ মাজতো গঢ়ি উঠিব। সেয়েহে প্ৰথমৰে পৰা পিতৃ-মাতৃয়েই বেছি যত্নশীল হ‘ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd