• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তেজপুৰ বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ কৰ্মশালাৰে গণসংযোগ বিভাগৰ ৰূপালী জয়ন্তী উদযাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 8:13 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে আজি এক গৌৰৱোজ্জ্বল ক্ষণত ভৰি দিলে। অসমীয়া কথাছবিৰ ৯১ সংখ্যক বৰ্ষপূতি আৰু বিভাগৰ প্ৰতিষ্ঠাৰ ২৫ বছৰীয়া ৰূপালী জয়ন্তী উপলক্ষে বিশ্ববিদ্যালয়ত এক বিশেষ চলচ্চিত্ৰ বিষয়ক কৰ্মশালা আৰু আলোচনাচক্ৰ সম্পন্ন হয়। এই অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থজিত বৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালিকা ৰীমা দাসে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া ছবিৰ জন্মদাতা জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধা জনোৱাৰ লগতে জয়মতী আৰু ইন্দ্ৰমালতী ছবিৰ কিছু বিৰল দৃশ্য প্ৰদৰ্শন কৰা হয়। বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাই শ্বিলঙৰ পৰা তেজপুৰলৈ ঘূৰি অহাৰ এক দুষ্প্ৰাপ্য ভিডিঅ’ই উপস্থিত সকলোকে আবেগিক কৰি তোলে।

কৰ্মশালাত অংশ লৈ পাৰ্থজিত বৰুৱাই তথ্যচিত্ৰ নিৰ্মাণৰ বিভিন্ন কাৰিকৰী আৰু সৃজনশীল দিশৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এখন ভাল তথ্যচিত্ৰৰ বাবে গভীৰ গৱেষণা আৰু স্পষ্ট দৃষ্টিভংগীৰ খুবেই প্ৰয়োজন। সামাজিক আৰু ৰাজনৈতিক বিষয়ক লৈ নিৰ্মাণ কৰা ছবিয়ে সমাজৰ প্ৰকৃত ছবিখন দাঙি ধৰিব পাৰে বুলি তেওঁ মত পোষণ কৰে। বৰুৱাই লগতে গণসংযোগ বিভাগৰ এই ২৫ বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে যাতে ভৱিষ্যতৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰে। তেওঁ তথ্যচিত্ৰক কেৱল মনোৰঞ্জনৰ মাধ্যম হিচাপে নলৈ জ্ঞান আহৰণ আৰু ইতিহাস সংৰক্ষণৰ আহিলা হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Apply Now

আনহাতে অলপতে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিজৰ নতুন ছবি নট এ হিৰোৰ বাবে সন্মান লাভ কৰা ৰীমা দাসক বিভাগৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা অন্তৰংগ আলাপত তেওঁ কয় যে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে দামী কেমেৰাতকৈও শক্তিশালী কাহিনীৰ অধিক প্ৰয়োজন। যদি কাৰোবাৰ মনত নিষ্ঠা আৰু কিবা এটা কৰাৰ হেঁপাহ থাকে, তেন্তে এটা মোবাইল ফোনেৰেও অস্কাৰ জয় কৰিব পৰা ছবি নিৰ্মাণ কৰিব পাৰি। তেওঁ নিজকে এগৰাকী আকস্মিক পৰিচালক বুলি অভিহিত কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলে কেৱল বঁটা বা সফলতাৰ পিছত দৌৰাতকৈ কামৰ প্ৰতি সততা ৰাখিব লাগে। আঞ্চলিক ছবিসমূহৰ বিশ্ব দৰবাৰত থকা সম্ভাৱনাৰ বিষয়েও তেওঁ বিশদভাৱে আলোচনা কৰে।

অনুষ্ঠানৰ শেষত বিভাগীয় মুৰব্বী ড০ মনোজ দেউৰীয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ২০০১ চনত প্ৰতিষ্ঠা হোৱা এই বিভাগটোৱে যোৱা ২৫ বছৰত উত্তৰ-পূৰ্বাঞ্চলত সাংবাদিকতা আৰু গণসংযোগ শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিছে। ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণিৰ এই দিনটো অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ সৈতে জড়িত হৈ থকাটো এক সুখৰ বিষয়। তেওঁ জানিবলৈ দিয়ে যে আগন্তুক দিনবোৰতো বিভাগৰ তৰফৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলক আমন্ত্ৰণ জনাই এনে ধৰণৰ বহুতো সৃজনশীল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd