অসমবাসীৰ বহু প্ৰত্যাশিত চূড়ান্ত এন আৰ চিক ১৯’ৰ লোকসভা নিৰ্বাচনৰ পিছলৈ ঠেলি এক নতুন নিৰ্দেশনা জাৰি কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।
ভাৰতৰ মহাপঞ্জীয়ক শৈলেশৰ দ্বাৰা প্ৰকাশ কৰা জাননীখনত কোৱা হৈছে যে অসমৰ নাগৰিকসকলৰ নাগৰিকত্বৰ এখন তালিকা চূড়ান্ত এনআৰচিখন ২০১৮’ৰ ৩১ ডিচেম্বৰত নিৰ্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা সম্ভৱ নহয়।
‘’কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে যে ১৯৫১চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াটো ২০১৯ চনৰ ৩০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব,’’-ভাৰতৰ মহাপৰিদৰ্শক শৈলেশৰ জাননীখনত কোৱা হৈছে।
উল্লেখযোগ্য যে এনআৰচিৰ খচৰাখন যোৱা ৩০ জুলাইত প্ৰকাশ কৰা হৈছিল আৰু ইয়াত ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ২.৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল। এনআৰচিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ প্ৰসংগকলৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে।
আনহাতে, অহা ৩১ ডিচেম্বৰত খচৰা এনআৰচিৰ দাবী-আপত্তিৰ চলি থকা প্ৰক্ৰিয়াটোৰ অন্ত পৰিব আৰু ইয়াৰ পাছতে চূড়ান্ত এনআৰচি প্ৰকাশ পোৱাৰ আশা কৰা হৈছে।