• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ পাঁচ জিলাক ক’ভিড-১৯ হটস্পট ঘোষণা কেন্দ্ৰৰ

Nenow এন ই নাও নিউজ
নতুন দিল্লী , April 15, 2020 10:39 pm

2 min read

1537 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

1.9k
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে অসমৰ পাঁচখন জিলাক ক’ভিড-১৯ হটস্পটৰূপে বুধবাৰে ঘোষণা কৰিছে।

অসমৰ গোলাঘাট, মৰিগাওঁ, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰীক একেলগে হটস্পটৰূপে ঘোষণা কৰা হৈছে।

ক’ভিড-১৯ হটস্পটৰূপে ঘোষণা কৰা দেশৰ ২০৭খন জিলাৰ মাজত অসমৰ এই জিলাকেইখনো আছে।

আনহাতে অসমৰ কামৰূপ, কামৰূপ মহানগৰ, লখিমপুৰ, কাছাৰ, হাইলাকান্দি, দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জক একেলগে ক’ভিড-১৯ নন হটস্পট জিলাৰূপে ঘোষণা কৰা হৈছে।

একেদৰে অৰুণাচল প্ৰদেশৰ লোহিত, মেঘালয়ৰ ইষ্ট খাছি হিলছ, মিজোৰামৰ আইজল, ত্ৰিপুৰাৰ গোমতি আৰু নৰ্থ ত্ৰিপুৰা জিলাক নন হটস্পট জিলাৰূপে ঘোষণা কৰা হৈছে।

এই জিলাসমূহত ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদনে এই সন্দৰ্ভত জিলাসমূহৰ অন্তৰ্ভুক্তিৰে এক বিস্তাৰিত পৰিকল্পনা বুধবাৰে ৰাজ্যসমূহৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰিছে।

মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা পত্ৰত সুদনে সকলো ৰাজ্যক বৰ্ধিত লকডাউন সময়ৰ সৰ্বোচ্চ উপযোগিতাৰে হটস্পটসমূহ (ৰেড) অৰেঞ্জ আৰু গ্ৰীন জ’নলৈ পৰিৱৰ্তিত কৰিবলৈ আহ্বান জনাইছে।

মঙলবাৰে ২১ দিনীয়া লকডাউনৰ অন্ত পৰাৰ পিছত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন পুনৰ ৩ মে’লৈকে বঢ়াই দিয়ে।

অসমত বুধবাৰে দুগৰাকী ক’ভিড-১৯ ৰোগী সুস্থ হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

বৰ্তমান অসমত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২৯ গৰাকী। আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

Tags: COVID-19

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

Indian_National_Flag_EPS

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd