দেশৰ ৰাজধানী নতুন দিল্লীৰ সীমান্তত প্ৰচণ্ড শীতকো নেওচি কৃষক বিক্ষোভে সৃষ্টি কৰা উত্তাপত খুঁটি লৰিছে কেন্দ্ৰৰ। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ কোনো আশ্বাসে কৃষকসকলক সেও মনাব পৰা নাই।
ইয়াৰ বিপৰীতে দিনে দিনে কৃষক বিক্ষোভে অধিক শক্তিশালী ৰূপতহে আত্মপ্ৰকাশ কৰিলে। এনে পৰিস্থিতিত আজিয়েই কৃষক সংগঠনসমূহৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব বিচাৰিছে কেন্দ্ৰই।
কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ ৩২ টা সংগঠনৰ সৈতে আলোচনা কৰাৰ বাবে আজিয়েই আমন্ত্ৰণ জনাইছে। আজি বিয়লি ৩ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত কৃষক প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰই অহা ৩ ডিচেম্বৰত কৃষক সংগঠনসমূহৰ সৈতে আলোচনাত বহাৰ কথা আছিল।
দেশৰ ৰাজধানী চহৰখনৰ সীমান্তত হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে। লাহে লাহে প্ৰতিবাদকাৰী কৃষকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে প্ৰতিবাদো প্ৰবল ৰূপত গঢ়ি উঠিছে।
কৃষকৰ সমস্যা কিদৰে মীমাংসা কৰা যায় তাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ তোমৰে সঘনে বৈঠকত মিলিত হোৱাৰ পাছতে আজিয়েই কৃষক নেতাসকলক বৈঠকৰ বাবে মতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আজিৰ বৈঠকত নীতি আয়োগৰ অৰ্থনীতিবিদসকলে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। কিন্তু নিজৰ স্থিতিত অটল কৃষকসকলক কেন্দ্ৰৰ নেতাসকলে কেনেদৰে সৈমান কৰিব সেয়া লক্ষণীয় হৈ পৰিছে।