কেন্দ্ৰীয় চৰকাৰে সোমবাৰে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ পৰা আঢ্যৱন্ত শ্ৰেণীক (ক্ৰীমি লেয়াৰ) সংৰক্ষণৰ সা-সুবিধাৰ পৰা বাদ দিয়াৰ বিষয়ত সিদ্ধান্ত ল’বলৈ এখন বৃহত্তৰ বিচাৰপীঠ গঠনৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন জনাইছে।
উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে। দুসপ্তাহৰ পাছত বিষয়টোৰ শুনানি গ্ৰহণ কৰা হ’ব।
সোমবাৰে এটৰ্ণি জেনেৰেল কে কে বেনুগোপালে শীৰ্ষ আদালতক কয় যে পদোন্নতিত সংৰক্ষণৰ বাবে এছ চি/এছ টি সম্প্ৰদায়ৰ আঢ়্যৱন্ত শ্ৰেণীক বাদ দিয়াৰ নিৰ্দেশ দিয়া ২০১৮’ৰ জাৰ্ণাইল সিঙৰ গোচৰটোৰ পুনৰীক্ষণৰ বাবে এখন ৭ জনীয়া বিচাৰপীঠ গঠন কৰা উচিত।
উক্ত ৰায়টোত “ক্ৰীমি লেয়াৰ’ৰ লোকসকলে কলেজত নামভৰ্তি তথা চৰকাৰী চাকৰিৰ সুবিধা পাব নোৱাৰে বুলি কোৱা হৈছিল।
২০১৮’ৰ ৰায়টোত ১২ বছৰ পূৰ্বে দিয়া এটা ৰায়ৰ সৈতে সম্পৰ্কিত হৈ আছে।
২০০৬’ত দিয়া ৰায়টোত কোৱা হৈছিল যে এছ চি/এছ টি সম্প্ৰদায়ৰ কৰ্মচাৰীয়ে তেতিয়াহে নিশ্চিত পদোন্নতি লাভ কৰিব যদি চৰকাৰে “শক্তিশালী কাৰণ’ দৰ্শাই তথ্যপাতি দাখিল কৰিব পাৰে।
উচ্চতম ন্যায়ালয়ে যোৱাবছৰ ২০০৬ বৰ্ষৰ ৰায়টোৰ পুনৰীক্ষণৰ বাবে বৃহত্তৰ বিচাৰপীঠ জনোৱা অনুৰোধ প্ৰত্যাখ্যান কৰিছিল যদিও ইতিবাচক ব্যৱস্থা গ্ৰহণৰ বাবে সম্প্ৰদায়কেইটাৰ প্ৰয়োজনীয়তা দৰ্শাই “মাত্ৰাধিক তথ্য’ আগবঢ়োৱাৰ প্ৰয়োজন নাই বুলি নিৰ্দেশ দিছিল।
চৰকাৰে এছ চি/এছ টি সম্প্ৰদায়ৰ বাবে সংৰক্ষণ অব্যাহত ৰখাত শক্তিশালীভাৱে সমৰ্থন কৰিছিল। চৰকাৰৰ ফালৰ পৰা যুক্তি দৰ্শাইছিল যে এই সম্প্ৰদায়ে বছৰ বছৰ ধৰি সামাজিক বৈষম্য ভোগ কৰি আহিছে আৰু তেওঁলোকক পাছপৰা সম্প্ৰদায় হিচাপে ধৰি চৰকাৰী চাকৰিৰ পদোন্নতি বাহাল ৰাখিব লাগে।
“ক্ৰীমি লেয়াৰ’ হৈছে পাছপৰা শ্ৰেণীসমূহৰ আঢ্যৱন্ত লোকসকল যিসকল মণ্ডল কমিছনৰ ব্যৱস্থা অনুসৰি সংৰক্ষণৰ বাবে যোগ্য নহয়। কেন্দ্ৰই এছ চি/এছ টিৰ বাবে সংৰক্ষণত ৰাষ্ট্ৰপতিৰ নিৰ্দেশৰ বিপৰীতে এই নীতি বাহাল ৰখাৰ পক্ষত নাই।