উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

USA-TIKTOK/BYTEDANCE

প্ৰতিনিধিত্বমূলক ফটো।

ভাৰত চৰকাৰে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰত সন্তুষ্ট নোহোৱাৰ পাছত টিকটককে ধৰি ৫৯টা চীনৰ এপ চিৰদিনৰ বাবে নিষিদ্ধ কৰাৰ বাবে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

যোৱা বছৰ ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা বাবে এপসমূহক চৰাকেৰ সাময়িকভাৱে নিষিদ্ধ কৰিছিল।

চৰকাৰে এপ কৰ্তৃপক্ষৰ পৰা এলানি প্ৰশ্নৰ উত্তৰ বিচাৰি বহুদিন সময়ো দিছিল। এপ কৰ্তৃপক্ষই তাৰ উত্তৰসমূহ সময়ত প্ৰেৰণ কৰিছে।

কিন্তু তেওঁলোকৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰ সন্তুষ্ট নহয় বুলি জানিব পৰা গৈছে। সেয়ে এইবাৰ চিৰদিনৰ বাবে ভাৰতত টিকটিককে ধৰি এই এপসমূহ বন্ধ হোৱাৰ আশংকা কৰা হৈছে।

নিৰাপত্তা সংস্থাসমূহে অভিযোগ কৰিছিল যে একাধিক এপে ভাৰতীয়সকলৰ তথ্য চুৰি কৰিছে। তেওঁলোকৰ গোপণীয়তা ভংগ কৰিছে।

ইয়াৰ পাছতে চৰকাৰে বিষয়টোৰ তদন্ত আৰম্ভ কৰে। চীনৰ এপসমূহে নিৰাপত্তাৰ দিশত শংকাৰ সৃষ্টি কৰা লগতে সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি কোৱা হৈছিল।

চৰকাৰেতাৰপাছত ৫৯টা এপ নিষিদ্ধ কৰে। সেইদৰে এপসমূহক কেন্দ্ৰই জাননী জাৰি কৰে। তেওঁলোকক মুঠ ৭৯টা প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছিল।

এপ কৰ্তপক্ষৰ দ্বাৰা প্ৰেৰণ কৰা উত্তৰসমূহত কেন্দ্ৰীয় চৰকাৰ সন্তুষ্ট নহয় বুলি জানিব পৰা গৈছে। সেয়ে ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে কেন্দ্ৰ।

যোৱা বছৰ গালৱান সংঘৰ্ষৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ষ্ট্ৰাইক চলাই Helo, UC Browser, Shareit ৰ দৰে বহুকেইটা এপ নিষিদ্ধ কৰিছিল।