• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খোৱা পানীৰ সংকটে আগুৰিছে বিশ্ব : ChatGPT এ খাই লিটাৰে লিটাৰে পানী। কিন্তু কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2023 7:05 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাইক্ৰ’চফ্ট কোম্পানীয়ে তৈয়াৰ কৰি উলিওৱা কৃত্ৰিম বুদ্ধিমত্তা ChatGPT আপুনি হয়তো নিশ্চয় ব্যৱহাৰ কৰিছে। ব্যৱহাৰ নকৰিলেও হয়তো ChatGPT ৰ কথা শুনিছে। 

ChatGPT হৈছে ইণ্টাৰনেটত উপলব্ধ এক কৃত্ৰিম বুদ্ধিমত্তা। যাৰ দ্বাৰা আপুনি যিকোনো প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি বিভিন্ন ৰচনা বা প্ৰৱন্ধ তৈয়াৰ কৰিব পাৰে, তথ্যৰ সন্ধান কৰিব পাৰে, অনুবাদ কৰিব পাৰে। 

Apply Now

কিন্তু ইন্টাৰনেটত উপলদ্ধ এই ব্যৱস্থাটো বা ৱেবচাইটটোৱে দৈনিক গ্ৰহণ কৰে শ শ লিটাৰ পানী। শেহতীয়া খবৰ অনুসৰি ২০ পৰা ৫০ টা প্ৰশ্নৰ উত্তৰ দিবলৈ ChatGPT এ সেৱন কৰে আধা লিটাৰ পানী। সেই হিচাপত দৈনিক লাখ লাখ প্ৰশ্নৰ উত্তৰ দিবলৈ চিষ্টেমটোৱে কেইবা হাজাৰ লিটাৰো পানী সেৱন কৰে।

শুনি আচৰিত হৈছে নেকি? এটা কৃত্ৰিম বুদ্ধিমত্তা, সিও আকৌ পানী খায়! হয় শেহতীয়াকৈ তেনে এটা তথ্য ওলাইছে, যিয়ে আপোনাক আচৰিত কৰি তুলিব।

যোৱা কেইদিনমানৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা হৈ পৰিছে এক চৰ্চিত বিষয়। ২০২২ চনৰ নৱেম্বৰ মাহত Open AI এ ChatGPT আৰম্ভ কৰিছিল। এই চেটবটবোৰৰ আবিৰ্ভাৱৰ পিছৰে পৰা সহজ হই পৰিছে মানুহৰ কাম। আনকি টেলিভিছনৰ নিউজ চেনেলসমূহেও কৃত্ৰিম বুদ্ধিমান এংকৰ প্ৰস্তুত কৰিছে। 

লগতে কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ চাকৰি কাঢ়ি নিয়াৰ কথাও ব্যাপক চৰ্চা চলিছে। ইয়াৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তাক লৈ চৰকাৰ কিম্বা বিশেষজ্ঞ সকল চিন্তিত হৈ পৰিছে। কাৰণ কিছুমান ক্ষেত্ৰত ইয়াৰ অপব্যৱহাৰ হোৱাৰ আশংকা থাকে। 

কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ দৰে কথা কয়, মানুহৰ দৰে কাম কৰে, আনকি মানুহৰ দৰেই যথেষ্ট পানীও খায় যাতে প্ৰতিদিনে শৰীৰৰ যত্ন ল’ব পাৰে। 

আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ChatGPT এ যথেষ্ট পানী খোৱাৰ প্ৰয়োজন হয়। এই জনপ্ৰিয় কৃত্ৰিম বুদ্ধিমত্তাই প্ৰতি ২০ৰ পৰা ৫০ টা প্ৰশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে প্ৰায় ৫০০ মিলিলিটাৰ পানী খায়। 

শেহতীয়াকৈ ক’লৰাডো ৰিভাৰছাইড বিশ্ববিদ্যালয় আৰু টেক্সাছ আৰ্লিংটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰকাশ কৰিছে যে কৃত্ৰিম বুদ্ধিমত্তা(এআই) সমূহে নিজৰ ব্যৱস্থা শীতল কৰি ৰাখিবলৈ লাখ লাখ লিটাৰ পানী খাব লাগে। 

গৱেষকসকলৰ মতে, মাইক্ৰ’ছফ্টৰ ডাটা চেণ্টাৰত জিপিটি-৩ প্ৰশিক্ষণৰ বাবে ৭,০০,০০০ লিটাৰ বিশুদ্ধ পানীৰ প্ৰয়োজন। এই পৰিমাণৰ পানীৰে প্ৰায় ৩৫০খন বিএমডব্লিউ আৰু ৩২০খন টেছলা ইলেক্ট্ৰিক গাড়ী উৎপাদন কৰিব পাৰি। 

গৱেষকসকলে কয়, এছিয়াৰ ডাটা চেণ্টাৰত যদি জিপিটি-৩ক প্ৰশিক্ষণ দিয়া হয় তেন্তে এই পানীৰ ব্যৱহাৰ তিনিগুণলৈ বৃদ্ধি পাব। 

ক’লৰাডো আৰু টেক্সাছৰ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি এই চেটবটত এটা শিক্ষণ মেচিন আছে। য’ত সকলো তথ্য সংৰক্ষণ কৰা হয়। আৰু সেই তথ্যৰ ভিত্তিত চেট জিপিটিয়ে আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়ে। যাক ডাটা চেণ্টাৰ বুলিও কোৱা হয়। এই ডাটা চেণ্টাৰে প্ৰতি ছেকেণ্ডত লাখ লাখ প্ৰশ্ন প্ৰক্ৰিয়াকৰণ কৰে। সেইবাবেই ডাটা চেণ্টাৰৰ উষ্ণতা বৃদ্ধি পায়। ডাটা চেণ্টাৰত উষ্ণতা কম হোৱাটো কোনো সমস্যা নহয়। কিন্তু যেতিয়াই গৰম হয় তেতিয়াই ই উত্তৰ দিবলৈ অপাৰগ হয়। সেইবাবেই সময়ে সময়ে ডাটা চেণ্টাৰটো পানীৰে শীতল কৰা হয়।

কেৱল চেট জিপিটিয়েই  নহয় , গুগলৰ বাৰ্ডেও নিজৰ ডাটা চেণ্টাৰ শীতল কৰি ৰাখিবলৈ যথেষ্ট পানী খৰচ কৰে। দ্য অৰেগনিয়ান নামৰ এটা ৱেবছাইটৰ মতে, গুগলৰ গ্ল’বেল ডাটা চেণ্টাৰসমূহে ২০২২ চনত ৬৭,৫০০ মিলিয়ন লিটাৰ পানী ব্যৱহাৰ কৰিছিল। 

আন এক অনুসন্ধানত দেখা গৈছে যে গুগলে ২০২১ চনত  প্ৰায় ১২৫ কোটি লিটাৰ পানী ব্যৱহাৰ কৰিছিল। 

উল্লেখ্য যে পানী আৰু পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত গৱেষকসকলে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত পানী অপচয় কৰিব নোৱাৰি। যি হাৰত পৃথিৱীৰ পানী শেষ হৈ গৈছে, এনে কাৰ্য্যই কঢ়িয়াই আনিব ভয়ানক দিন। ইতিমধ্যেই জনসাধাৰণে ভয়াৱহ জল সংকটৰ সন্মুখীন হৈছে।

আনহাতে, পৰিবেশ সুস্থ কৰি ৰখাৰ লগতে প্ৰযুক্তিক আগুৱাই নিয়াৰ বাবে বিজ্ঞানীসকলে বিশেষ ব্যৱস্থাৰ কথা চিন্তা কৰিছে। এআই কোম্পানীসমূহে শীতল স্থানত নিজৰ ডাটা চেণ্টাৰ নিৰ্মাণৰ কথা চিন্তা কৰিছে। শীতল স্থানত ডাটা চেন্টাৰ স্থাপন কৰিলে মেচিনটো শীতল কৰি ৰাখিবলৈ ইমান বৃহৎ পৰিমাণৰ পানীৰ প্ৰয়োজন নহ’ব। 

ইতিমধ্যে এটা কোম্পানীয়ে এই ব্যৱস্থা ৰূপায়ণৰ বাবে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে। বৰ্তমান মাইক্ৰ’ছফ্ট হৈছে একমাত্ৰ কোম্পানী যিয়ে নিজৰ ডাটা চেণ্টাৰৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছে। ফলত কৃত্ৰিম বুদ্ধিমত্তাৰ কাম বাঢ়িব, কিন্তু পৰিৱেশ সুস্থ কৰি ৰাখিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd