• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনবদ্য ৰাচিন-ঋতুৰাজ যুটী; আই পি এলৰ ‘দুই চেম্পিয়নৰ’ যুঁজত চেন্নাইৰ হাতত পৰাস্ত মুম্বাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2025 7:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলৰ সফল দল দুটাৰ মাজত যুঁজ। এক কথাত ক’বলৈ গ’লে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ আকৰ্ষণীয় যুঁজৰ খেলখন। কিন্তু সেই যুঁজখনে  প্ৰত্যাশা পূৰণ কৰিব পাৰিলেনে? অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু বলিং বিভাগত দলৰ মূল অস্ত্ৰ যশপ্ৰীত বুমৰাহৰ অবিহনে মহেন্দ্ৰ সিং ধোনী আৰু ঋতুৰাজ গায়কোৱাডৰ চেন্নাই ছুপাৰ কিংছে শিথিল মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰিবলৈ বিশেষ কষ্ট কৰিবলগীয়াই নহ’ল।

খেলৰ ফলাফলত চেন্নাইয়ে ৪ উইকেটত জয়লাভ কৰে। মাত্ৰ ৫ টা বল বাকী থাকিল। কিন্তু বাস্তৱত মেচখনৰ বেছিভাগ সময়তে চেন্নাইয়ে আধিপত্য বিস্তাৰ কৰিছিল। প্ৰথম ইনিংছত কিছু সময়ৰ বাহিৰে মুম্বাই খেলখনত নিষ্প্ৰভ আছিল।

Apply Now

আশা কৰা মতেই দেওবাৰে চেন্নাইৰ স্পিনৰ ফান্দত আবদ্ধ হৈ পৰে মুম্বাই। অৱশ্যে ইনিংছৰ আৰম্ভণিতে মুম্বাইৰ হৈ পেচাৰ খলিল আহমেদে আঘাত হানে। আৰম্ভণিতে দ্ৰুত একেৰাহে উইকেট হেৰুৱাই চাপত পৰে মুম্বাই। তাৰ পৰাই অধিনায়ক সূৰ্যকুমাৰ যাদৱে তিলক ভাৰ্মাৰ সৈতে যুটী বান্ধি মুম্বাইক পুনৰ মেচলৈ অনাৰ চেষ্টা কৰে।

কিন্তু মুম্বাইৰ ইনিংছৰ একাদশ অভাৰত মহেন্দ্ৰ সিং ধোনীয়ে সূৰ্য্যকুমাৰ যাদৱক ক্ষিপ্ৰতাৰে ষ্টাম্প কৰি বাস্তৱতে মুম্বাইক মেচখনৰ পৰা বাহিৰ কৰি দিয়ে। সূৰ্যৰ উইকেটৰ পিছত ইটোৰ পিছত সিটোকৈ উইকেট হেৰুৱাই থাকিল মুম্বাইয়ে। শেষত ১৫৫ ৰানত ৰোহিতৰ ইনিংছ সমাপ্ত হয়। সূৰ্য্যই ২৯ ৰান সংগ্ৰহ কৰে। তিলক ভাৰ্মাই ৩১ ৰান সংগ্ৰহ কৰে। শেষত ২৮ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলি দলৰ ৰান সন্মানজনক স্থানলৈ লৈ যায় দীপক চাহাৰে। মুম্বাইৰ এই দুৰ্দশাৰ মূল নায়ক নূৰ আহমেদ। তেওঁ ৪ অভাৰত ১৮ ৰানত ৪ টা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত চেন্নাইয়ে বেটিং কৰিবলৈ নামি ভাল আৰম্ভণি কৰা নাছিল। দ্বিতীয় অভাৰতে ৰাহুল ত্ৰিপাঠীয়ে পেভিলিয়নলৈ উভতি যায়। কিন্তু প্রথম উইকেটৰ পাছত ৰাচিন ৰবিন্দ্র আৰু ঋতুৰাজ গাইকোৱাডে যুটী বান্ধি চেন্নাইৰ ইনিংছটো নিয়ন্ত্ৰণ কৰিবলৈ লয়। এই যুটিটোৱে ৬৭ ৰান সংযোজন কৰে। মাত্ৰ ২৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰি পুনৰ পেভিলিয়নলৈ উভতি আহে অধিনায়ক ঋতুৰাজে। তেওঁক ঘূৰাই পঠায় মুম্বাইৰ যুৱ স্পিনাৰ ভিগনেশ পুথুৰে। তাৰ পিছত মুম্বাইয়ে সেই যুৱ স্পিনাৰৰ সহায়ত অলপ যুঁজখনলৈ ঘুৰি আহে। এজন এজনকৈ শিৱম ডুবে, দীপক হুদা, আৰু ছেম কাৰানে পেভিলিয়নলৈ উভতি যায়।

অৱশ্যে ৰচিন ৰবিন্দ্ৰ আৰু ৰবীন্দ্ৰ জাদেজাই শেষত নিজৰ শীতল মস্তিষ্কেৰে দলটোক সহজে জয়ৰ দিশে আগুৱাই লৈ যায়। ৰাচিনে অকলেই ৬৫ ৰান সংগ্ৰহ কৰে। শেষত মহেন্দ্ৰ সিং ধোনিও দুটা বলৰ বাবে খেলপথাৰলৈ আহিব লগা হয়।

এই সহজ জয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে চেন্নাই ছুপাৰ কিংছ এই ছিজনতো ঘৰুৱা খেলপথাৰত অনবদ্য হ’ব। চিপকত চেন্নাইক পৰাস্ত কৰিবলৈ বিপক্ষই যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। অৱশ্যে পৰাস্ত হ’লেও মুম্বাই বেছি হতাশ নহ’ব৷ কিয়নো প্ৰথমে দলৰ দুই মূল শক্তি অবিহনে খেলিব লগা হৈছিল। তদুপৰি বিগত দশক ধৰি প্ৰথমখন মেচত মুম্বাইয়ে পৰাস্ত হোৱাৰ অভ্যাস যেন কৰি তুলিছে। সেয়ে প্ৰথমখন মেচত পৰাস্ত হোৱাটো ৰোহিতৰ দলৰ বাবে নতুন কথা নহয়। তদুপৰি, এই খেলখনত যুৱ স্পীনাৰ ভিগনেশ পুথুৰে যি ধৰণে প্ৰদৰ্শন আগবঢ়াইছে, সেইটোৱেও মুম্বাইৰ মেনেজমেন্টক ভৰসা দিব।

সংক্ষিপ্ত স্কোৰঃ

মুম্বাই ইণ্ডিয়ানছঃ ১৫৫-৯ (তিলক ৩১, সূৰ্য্য ২৯, নূৰ ৪-১৮)

চেন্নাই ছুপাৰ কিংছঃ ১৫৮-৬ (ৰচিন ৰবীন্দ্ৰ ৬৫, ঋতুৰাজ গাইকোৱাড ৫৩)

চেন্নাই ছুপাৰ কিংছে ৪ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd