• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL-2023: চেন্নাইৰ ৰাণৰ পাহাৰ দেখি আত্মসমৰ্পণ কলকাতাৰ! ইডেনত ধোনীৰ দপদপনি, নতশিৰ ৰাণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2023 7:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আইপিএলৰ এখন অতি প্ৰতীক্ষিত যুঁজৰ মধ্যমণি হৈ পৰিল ধোনী। দেওবাৰে সমগ্ৰ ইডেন গাৰ্ডেনৰ দৰ্শক যেন ধোনীৰ ‘আকৰ্ষণ’ৰ প্ৰতি মোহাৱিষ্ট হৈ পৰিল। নিজৰ অতুলনীয় ক্ৰীড়া ব্যক্তিত্বৰ বাবেই নিমিষতে ইডেন হৈ পৰিল তেওঁৰ ‘হোম গ্ৰাউণ্ড’! ধোনীয়ে অৱশ্যে হতাশ নকৰিলে ইডেনৰ দৰ্শকক।

অধিনায়ক কুলে দৰ্শকৰ হৃদয় আৰু মেচ দুয়োটাতে জয়লাভ কৰিলে। ঘৰুৱা ফেভাৰিটৰ পৰাজয় দেখিও হাঁহিমুখে খেলপথাৰ এৰি থৈ গ’ল ক্ৰিকেটপ্ৰেমীসকলে। কাৰণ দিনটোৰ শেষত প্ৰেম, আবেগ আৰু স্পৰ্টছমেন স্পিৰিটে জয়ী হৈছে।

Apply Now

প্ৰায় তিনি বছৰৰ পাছত ভৰি দি ইডেনত ৰাজত্ব কৰিলে ধোনিয়ে। ধোনিৰ চেন্নাই বুলি কোৱাই ভাল হ’ব। ক’নৱে, ৰাহানে, শিৱম ডুবেৰ দুৰ্দান্ত ইনিংছেৰে কেকেআৰৰ সন্মুখত ৰানৰ পাহাৰ গঢ়ি তোলা হয়। এই ৰাণৰ পাহাৰৰ অতিক্ৰম কৰাটো বাস্তৱিকতে অসম্ভৱ আছিল।

কিয়নো বিপৰীত দিশত যি বলাৰেই নাথাকক কিয়, আঁৰৰ মস্তিস্কপ্ৰসূত অস্ত্ৰৰ গৰাকী কিন্তু ধোনী। গতিকে ঘৰুৱা খেলপথাৰতো সম্পূৰ্ণ ‘একাষৰীয়া’ হৈ পৰিল নীতিশ ৰানাৰ নাইট ৰাইডাৰ্ছ।

চেন্নাইয়ে তেওঁলোকৰ নিৰ্দিষ্ট ২০ অভাৰত মাত্ৰ ৪ টা উইকেটৰ বিনিময়ত ২৩৫ ৰাণৰ বিশাল স্ক’ৰ গঢ়ি তোলে। চেন্নাইৰ হৈ ক’নৱেই ৫৬, ৰাহানেই ৭১ আৰু শিৱম ডুবেই ৫০ ৰাণৰ তিনিটা আক্ৰমণাত্মক ইনিংছ খেলে।

প্ৰত্যুত্তৰত কলকাতাই নিৰ্দিষ্ট অভাৰত ৮টা উইকেট হেৰুৱাই ১৮৬ ৰাণতে ইনিংছ সামৰে। কলকাতা নাইট ৰাইডাৰ্ছে ৪৯ ৰাণত পৰাজয় স্বীকাৰ কৰে।

মাত্ৰ এখন মেচতে বাংলাদেশী বেটছমেন লিটন দাসক লৈ মোহভংগ হৈছিল কেকেআৰৰ। সেয়ে তেওঁক প্ৰথম একাদ্বশত ৰখা নহ’ল। কিন্তু অ’পেনিং কৰিবলৈ নামি সুনীল নাৰিনে(০) ব্যৰ্থ হয়। আন এজন অ’পেনাৰ জগদীশনে মাত্ৰ ১ ৰান লৈ পেভিলিয়নলৈ উভতি যায়।

চেন্নাইৰ বলাৰসকলে ইনিংছৰ ৭০ ৰানৰ ভিতৰতে ভেংকটেশ আয়াৰ (২০) আৰু ৰানা (২৭)ক ঘূৰাই পঠিয়ায়। ৰিংকু সিঙে পুনৰবাৰ খেলখনৰ নিয়ন্ত্ৰণ লয়। অৱশ্যে শ্ৰেয়াছ আয়াৰৰ সলনি খেলা জেছন ৰয়ে খেলখনত দলৰ হৈ নিজৰ সৰ্বোচ্চ প্ৰদৰ্শন কৰে। চাপৰ মাজত তেওঁ ২৬টা বলত ৬১ ৰানৰ অনবদ্য ইনিংছ খেলে।

কিন্তু তেওঁলোকৰ যুঁজখন জয়ী হ’বলৈ সেয়া যথেষ্ট নাছিল৷ কিন্তু এসময়ত নাইটছক এককভাৱে জয়ৰ দিশত আগুৱাই লৈ যোৱা তাৰকা আন্দ্ৰে ৰাছেল বাৰে বাৰে বিফল হৈছে। সেইটোৱেই কেকেআৰৰ বাবে চিন্তা হৈ পৰিছে।

কেকেআৰক পৰাস্ত কৰি চিএছকে লীগৰ শীৰ্ষস্থান দখল কৰে। ইয়াৰ লগে লগে প্লে অফৰ যুঁজখন অধিক আকৰ্ষণীয় হৈ পৰিল।

খেলৰ অন্তত কেপ্তেইন কুলে কয়, “মই কলকাতাত বহু সময় কটাইছো। মই ইয়ালৈ ফুটবল খেলিবলৈ আহিছিলো। পি চেন ট্ৰফী খেলিবলৈ আহিছো। ইয়াৰ মানুহে সেইবোৰ পাহৰা নাই। সেয়ে, ইমান মৰম। কলকাতাত খেলিবলৈ আহিলে মোৰ গৃহ চহৰত খেলা যেন লাগে।”

সংক্ষিপ্ত স্ক’ৰ:

চেন্নাই ছুপাৰ কিংছ: ২৩৫/৪ (ক’নৱে-৫৬, ৰাহানে-৭১, ডুবে-৫০ কুলৱন্ত-৪৪/২)

কলকাতা নাইট ৰাইডাৰ্ছ: ১৮৬/৮ (ৰয়-৬১, ৰিংকু-৫৩*)

চেন্নাই ছুপাৰ কিংছে ৪৯ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd