NORTHEAST NOW (Assamese)

যোৰহাটত ক’ভিডত স্বামীহাৰা হোৱা মহিলাক দুই লাখ পঞ্চাৰ হাজাৰ টকাৰ চেক প্ৰদান মন্ত্ৰী ৰণোজ পেগুৰ

July 17, 2021 4:33 pm · নিৰ্মলেন্দু পাঠক

যোৰহাটত ক’ভিডত স্বামীহাৰা হোৱা মহিলাক দুই লাখ পঞ্চাৰ হাজাৰ টকাৰ এককালীন সাহায্যৰ  চেক প্ৰদান কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে l

যোৰহাটত  আজি  শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে  বিধৱা মহিলসকলৰ হাতত সাহায্যৰ চেকসমূহ অৰ্পন কৰে।

এই উপলক্ষ্যে যোৰহাট আৱৰ্ত ভৱনত আজি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

৫৩ গৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাকৈ এককালীন সাহায্য হিচাবে চেক প্ৰদান কৰে ৷

অনুষ্ঠানত  উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাচা,যোৰহাটৰ উপায়ুক্ত ,খন্ড উন্নয়ন বিষয়াসকলৰ লগতে  প্ৰশাসনৰ মুৰব্বী বিষয়া সকল ৷

Related News