ভয়াৱহ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল কাঙ্কে: আৰক্ষীয়ে উদ্ধাৰ কৰিলে শক্তিশালী পাইপ বোমা

Pipe Bomb recovered

এক ভয়াৱহ বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পৰিছে আৰক্ষীয়ে ছত্তীশগড়ৰ কাঙ্কেৰ জিলা। জিলাখনৰ এক মাওবাদী অধ্যুষিত অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা শক্তিশালী ‘ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ’, চমুকৈ আই.ই.ডি.।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই শক্তিশালী বোমাটো ১০ কিলোগ্ৰাম ওজনৰ লোহাৰ পাইপত ‘পাইপ বোমা’ আকাৰে থোৱা হৈছিল। জিলাখনৰ কোৱালিবেদা আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত টেকাপাৰ এখন গাঁৱৰ ওচৰত এই বোমাটো জব্দ কৰা হৈছিল।

জিলা ৰিজাৰ্ভ গাৰ্ডৰ এটা দল নিয়মীয়া তালাচী অভিযানত ওলাই যোৱাৰ সময়তে এই শক্তিশালী বোমাটো উদ্ধাৰ কৰে বুলি জেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।

বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে স্থানীয় এখন বনাঞ্চলৰ কাষেৰে যোৱা পথৰ কাষত জোপোহাৰ মাজত লুকুৱাই থোৱা অৱস্থাত টহলদাৰী দলটোৱে বোমাটো চিনাক্ত কৰে।

পিছত বোমা বিশেষজ্ঞ দলৰ দ্বাৰা বোমাটো নিষ্ক্ৰিয় কৰা হয় বুলি তেওঁ লগতে কয়। এই বোমাটো মাওবাদীৰ দ্বাৰাই লুকুৱাই ৰখা হৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।