NORTHEAST NOW (Assamese)

পুৱাৰ আহাৰৰ অচিলাৰে ৭ বৰ্ষীয় শিশুক ধৰ্ষণ: অভিযুক্তক গ্ৰেপ্তাৰ

December 12, 2022 5:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 12, 2022 6:09 pm

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা। বিগত কিছুদিনত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডই দেশজুৰি উদ্বেগৰ সৃষ্টি কৰাৰ মাজতে এইবাৰ বিলাসপুৰত সংঘটিত হৈছে শিশু ধৰ্ষণৰ দৰে ঘৃণনীয় কাণ্ড।

বিলাসপুৰত এটি ৭ বছৰীয়া শিশুক পুৱাৰ আহাৰ দিয়াৰ চলেৰে মাতি নি ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী লোক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তই শিশুটিক এখন ফাৰ্মলৈ নিয়াৰ পিছতে যৌন নিৰ্যাতন চলাইছিল।

ঘটনাৰ বিষয়ে জানিব পৰাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু অৱশেষত পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত বিলাসপুৰৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে অভিযুক্তই শিশুটিক পুৱাৰ আহাৰ দিয়াৰ প্ৰলোভন দি লগত লৈ যায়।

“এই ঘটনা সংঘটিত হৈছে চকৰভাথা থানা এলেকাত। এগৰাকী সুৰাপায়ী লোকে এটি সাত বছৰীয়া শিশুক যৌন নিৰ্যাতন চলায়। শিশুটিক পুৱাৰ আহাৰ দিয়াৰ প্ৰলোভন দি বাইকত তেওঁ বাইকত উঠাই নিয়ে আৰু তাৰ পিছতে এখন ফাৰ্মলৈ নি যৌন নিৰ্যাতন চলায়।’- বিষয়াগৰাকীয়ে কয়।

আৰক্ষীয়ে ঘটনাস্থলীৰ চি চি টি ভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তক বিচাৰি উলিয়াবলৈ সক্ষম হয়। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ধৰ্ষণৰ অভিযুক্ত ব্যক্তিগৰাকী বিবাহিত।

“আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাস্থলীৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছিল। প্ৰথমে আমি তেওঁৰ বাইকখন পাইছিলো আৰু পিছত অভিযুক্তক বিচাৰি উলিয়াইছিলো। অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত চলাই থকা হৈছে।”- আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

Related News