পাৰিতোষিক বৃদ্ধিৰ দাবীত এমাহ ধৰি চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে ছত্তীছগড়ত দুগৰাকী মধ্যাহ্ন ভোজন ৰান্ধনীৰ মৃত্যু ঘটিছে। ডিচেম্বৰ মাহৰ পৰা চলি থকা এই ধৰ্মঘটত অংশ লৈ থকাৰ সময়তে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।
প্ৰাপ্ত তথ্য অনুসৰি, বালুড জিলাৰ ৰুক্মণি সিনহাই (৪৮) ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ নৱ ৰায়পুৰৰ প্ৰতিবাদস্থলীত উপস্থিত আছিল। ঘৰলৈ উভতি অহাৰ পিছতে তেওঁ অসুস্থ হৈ পৰে আৰু ২৬ জানুৱাৰীত ৰাজনন্দগাঁৱৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ মতে, তেওঁ উচ্চ ৰক্তচাপজনিত সমস্যাত ভুগি আছিল।
একেদৰে, বেমেতৰা জিলাৰ দুলাৰী বাই যাদৱৰ (৫৫) ২৬ জানুৱাৰীত ভিলাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদত তেওঁ মাজে মাজে অংশগ্ৰহণ কৰিছিল। ২৪ জানুৱাৰীত প্ৰতিবাদস্থলীতে তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটিছিল।
উল্লেখ্য যে অটল নগৰ-নৱ ৰায়পুৰৰ তুতা ধৰ্ণাস্থলত হাজাৰ হাজাৰ ৰান্ধনীয়ে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কৰ্মৰত এই ৰান্ধনীসকলে তেওঁলোকৰ দৈনিক মজুৰি বৰ্তমানৰ ৬৬ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছে। ২৮ জানুৱাৰীত এই প্ৰতিবাদে ৩১ সংখ্যক দিনত ভৰি দিছে।
আনহাতে, ছত্তীছগড়ৰ বিজেপি চৰকাৰে দাবী কৰিছে যে এই মৃত্যুৰ সৈতে প্ৰতিবাদৰ কোনো সম্পৰ্ক নাই। চৰকাৰে তেওঁলোকৰ মাহিলি মাননী ২৫ শতাংশ বৃদ্ধি কৰাৰ অৰ্থাৎ মাহে ৫০০ টকা বা দৈনিক প্ৰায় ১৭ টকাকৈ বৃদ্ধিস কৰাৰ প্ৰস্তাৱ দি ধৰ্মঘট সমাপ্ত কৰিবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰে লগতে উল্লেখ কৰিছে যে চৰকাৰ তেওঁলোকৰ স্বাস্থ্য আৰু কল্যাণৰ প্ৰতি সচেতন।





