• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঢেঁকীয়াখোৱা বৰনামঘৰ, শিৱদৌল ভ্ৰমণ কৰি গৃহ চহৰ ডিব্ৰুগড়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
December 8, 2018 7:34 pm
RanjanGogoi_Sivasagar

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সপত্নীক শিৱদৌল ভ্ৰমণ। ফটো : য়ু বি।

958
VIEWS
Share on FacebookShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি তেওঁৰ গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত হয়। আজি দিনৰ ২ বজাত মুখ্য ন্যায়াধীশজন সপত্নীক যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয়। বিমান বন্দৰত তেওঁক জিলাখনৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰাণী বড়ো আৰু জিলা আৰু ছেছন ন্যায়াধীশ ভি কে চন্দকে আদৰণি জনায়।

বিমান বন্দৰৰ পৰা মুখ্য ন্যায়াধীশ গগৈয়ে ডিব্ৰুগড় অভিমুখী যাত্ৰাত ঢেঁকীয়াখোৱা নামঘৰতো সোমাই যায় আৰু তাত শৰাই আগ বঢ়ায়। নামঘৰ পৰিচালনা সমিতিয়ে মুখ্য ন্যায়াধীশজনক এখন চেলেং চাদৰ আৰু সঁফুৰা আগ বঢ়াই আদৰে।

তাৰ পৰা গৈ ন্যায়াধীশজনে তেওঁৰ পত্নীৰসৈতে শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লো ভ্ৰমণ কৰে আৰু তাতো পূজা-সেৱা আগ বঢ়ায়।

মন কৰিব লগীয়া যে আজিও ন্যায়াধীশজনে ৰাজ্য চৰকাৰৰ নিৰাপত্তা নল’লে। অসম আৰক্ষীৰ পৰিৱৰ্তে আজিও তেওঁ চি আৰ পি এফৰ বেষ্টনীত ঘূৰে।

উল্লেখযোগ্য যে দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱাৰ পিছত ১৬ অক্টোবৰত অসম ভ্ৰমণ কৰিছিল ন্যায়াধীশ গগৈয়ে। ১৭ অক্টোবৰত মুখ্য ন্যায়াধীশজনে সপত্নীক কামাখ্যা দৰ্শনৰ বাবে যাওঁতে তেওঁক যথাযথ নিৰাপত্তা আগ বঢ়োৱা হোৱা নাছিল। তেওঁৰ সৈতে অসম আৰক্ষীৰ কোনো উচ্চপদস্থ আৰক্ষী বিষয়া তথা দণ্ডাধীশ উপস্থিত নাছিল। ইয়াৰ ফলত ভিৰত আবদ্ধ হৈ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অস্বস্তিত পৰাৰ লগতে তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ সন্মুখীন হৈছিল।

মুখ্য ন্যায়াধীশজনৰ প্ৰতি সঠিক দায়িত্ব পালন নকৰাৰ জগৰত পৰি ২০ অক্টোবৰত চাকৰিৰ পৰা নিলম্বিত হৈছিল প্ৰশান্ত কুমাৰ কাঠকটীয়া। প্ৰশান্ত কাঠকটীয়াৰ পিছত একেই জগৰত গুৱাহাটী (পশ্চিম) উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনাও নিলম্বিত হৈছিল।

তাৰ পিছত যোৱা ১৭ নৱেম্বৰত পুনৰ কামাখ্য ভ্ৰমণৰ সময়ত ৰাজ্য চৰকাৰৰ নিৰাপত্তা লোৱা নাছিল মুখ্য ন্যায়াধীশজনে। এইবাৰো একেই স্থিতি লৈ কেৱল চি আৰ পি এফৰ নিৰাপত্তা বেষ্টনী লৈয়ে ঘূৰে মুখ্য ন্যায়াধীশজনে।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd