• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালৰ সদস্যসকলে কোটি কোটি টকা খৰচ কৰি বৃহৎ পৰিমাণৰ মাটি ক্ৰয় কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছ দলে এই সমগ্ৰ ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 7:34 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালৰ সদস্যসকলে কোটি কোটি টকা খৰচ কৰি বৃহৎ পৰিমাণৰ মাটি ক্ৰয় কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছ দলে এই সমগ্ৰ ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। এক ইংৰাজী দৈনিক কাকতৰ প্ৰতিবেদনত চৰকাৰী ভূমি নথি-পত্ৰৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী, পুত্ৰ, বোৱাৰী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে পঁয়তাল্লিশ কোটি টকা খৰচ কৰি এশ আঠষষ্ঠি একৰ ভূমি ক্ৰয় কৰিছে। আশ্চৰ্যজনক কথাটো হ’ল যে যিবোৰ ঠাইত এই মাতিসমূহ ক্ৰয় কৰা হৈছিল, পৰৱৰ্তী সময়ত সেইবোৰ অঞ্চলতে চৰকাৰী আন্তঃগাঁথনিমূলক উন্নয়নমূলক প্ৰকল্পসমূহ ঘোষণা কৰা হৈছিল।

প্ৰতিবেদনখনৰ তথ্য অনুসৰি ২০২৩ চনৰ ডিচেম্বৰ মাহত মোহন যাদৱে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে এই ভূমিসমূহ ক্ৰয় কৰা হৈছিল। এই সকলোবোৰ ভূমি ক্ৰয় পোনপটীয়াকৈ বা তেওঁলোকৰ মালিকানাধীন চাৰিখন গৃহ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে কৰা হৈছিল। অভিযোগ উঠিছে যে এই মাটিসমূহ বিশেষকৈ সেইবোৰ অঞ্চলত ক্ৰয় কৰা হৈছে য’ত চৰকাৰী পথ প্ৰকল্প বা চহৰৰ মাষ্টাৰ প্লেন অনুসৰি কৃষিভূমিক আৱাসিক বা ব্যৱসায়িক স্থানলৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ আছিল। ২০২১ চনৰ পৰা হিচাপ কৰিলে তেөঁলোকৰ পৰিয়ালে মুঠ দুশ তিপন্ন একৰ মাটি নিজৰ অধীনলৈ আনিছে বুলি জানিব পৰা গৈছে। মোহন যাদৱ পূৰ্বতেও দীৰ্ঘদিন ধৰি উজ্জয়িনীৰ উন্নয়ন কৰ্তৃপক্ষ আৰু পৰ্যটন উন্নয়ন নিগমৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল।

Apply Now

এই সন্দৰ্ভত ভোপালত এখন সংবাদমেল সম্বোধন কৰি বিধানসভাৰ বিৰোধী দলপতি উমাং সিংহাৰে কয় যে এক সুপৰিকল্পিত নীতিৰে চৰকাৰী প্ৰকল্পসমূহ ঘোষণা কৰাৰ পূৰ্বে সেইবোৰ অঞ্চলৰ মাটি ক্ৰয় কৰা হৈছিল যাতে পিছত মাটিৰ মূল্য বহু পৰিমাণে বৃদ্ধি পায়। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এই সকলোবোৰ নিয়ম অনুসৰি হোৱা বুলি দাবী কৰিব পাৰে কিন্তু প্ৰকৃত সত্যটো উলিয়াবলৈ এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তদন্ত কমিটি গঠন কৰাটো অতি জৰুৰী। ইয়াৰ উপৰিও ২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া কুম্ভ মেলাৰ নামতো চৰকাৰখনে কোটি কোটি টকাৰ দুৰ্নীতি কৰা বুলি বিৰোধী দলপতিগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ৰাজ্যিক কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়েও চৰকাৰক প্ৰশ্ন কৰি কয় যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাটি কিনা অঞ্চলসমূহৰ ভূমি ব্যৱহাৰ পৰিৱৰ্তনৰ চৰকাৰী অনুমতিৰ তালিকা ৰাজহুৱা কৰা হ’বনে নাই। ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই ঘটনাক লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে মধ্যপ্ৰদেশৰ চৰকাৰখন এতিয়া লুণ্ঠনৰ ইঞ্জিনলৈ পৰিণত হৈছে আৰু স্বয়ং মুখ্যমন্ত্ৰী ইয়াৰ মূল চালক। ইয়াৰ লগতে তেওঁ ইংগিত দিয়ে যে বিজেপি দলৰ আভ্যন্তৰীণ সংঘাতৰ বাবেই এই গোপন চৰকাৰী তথ্যসমূহ এতিয়া ৰাজহুৱা হৈ পৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd