• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-মিজোৰাম সীমাস্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বেঠক

অসম-মিজোৰাম সীমাস্তৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 8:01 pm
PSX_20201107_152714
1.9k
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম-মিজোৰাম সীমাস্তৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ সীমান্তৰ পৰিস্থিতি সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্য দুখনৰ মাজত শান্তিপূৰ্ণ পৰিস্থিতি অটুট ৰখাৰ বাবে কেন্দ্ৰীয় গৃহমস্ত্ৰীগৰাকীক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও অনুৰোধ জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই সম্পৰ্কত ভাৰত চৰকাৰে যি নীতি-নিৰ্দেশনা জাৰি কৰিব অসম চৰকাৰে সেই অনুসৰি কাম কৰিব যাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীক আশ্বাস প্রদান কৰে।

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অসম-মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ পৰ্যালোচনা কৰে।

বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱাই শেহতীয়া পৰিস্থিতি সম্পৰ্কে মুখ্যমন্ত্ৰীক সবিশেষ অৱগত কৰে। আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই আইন-শৃংখলা পৰিস্থিতি সঠিক কৰি ৰখাৰ বাবে আৰক্ষী বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম-মিজোৰাম সীমান্তত শান্তিপূৰ্ণ পৰিৱেশ আৰু ভাতৃত্ববোধৰ বান্ধোন অটুট ৰখাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিং, গৃহ বিভাগৰ আয়ুক্ত-সচিব জি ডি ত্ৰিপাঠী প্ৰমুখ্যে আৰক্ষী আৰু অসামৰিক প্রশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd