• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসত ৰাজ্যবাসীলৈ মুখ্য মন্ত্ৰী সর্বানন্দ সোণোৱালৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 15, 2020 11:16 am
WhatsApp Image 2020-08-15 at 10.58.04 AM

স্বাধীনতা দিৱস উপলক্ষে জজ খেলপথাৰত মুখ্য মন্ত্ৰী সোণোৱালে ভাষণ দিয়া মুহূৰ্ত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭৪ তম স্বাধীনতা দিৱসত ৰাজ্যবাসীক সম্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

জজ খেলপথাৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

Apply Now

বিশেষকৈ ৰাজ্যৰ কৃষিক্ষেত্ৰৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘বায়’গিক প্ৰযোজনা হিচাপে ধেমাজি আৰু বাস্কা জিলাত ৰাইচ ক্লাষ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।‘

ৰাজ্যৰ কৃষক উৎপাদিত সামগ্ৰীৰ বিপৰীতে ৰাজ্য চৰকাৰৰ পৰা নূন্যতম মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ জিলা পৰ্য্যায়ত ধান ক্ৰয় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

পথাৰৰ ধান কৃষকৰ পৰা গ্ৰাহকৰ হাতলৈ লৈ যাব পৰাকৈ সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে ২২০ টা ধান বনা কল স্থাপন কৰিবলৈ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰি মুখ্য মন্ত্ৰীয়ে লগতে কল সমূহ স্থাপনৰ বাবে ইচ্ছুক উদ্যোগ, সমবায় গোটক চৰকাৰে ৩০ শতাংশ ৰাজ সাহায্য আগবঢ়াব বুলিও উল্লেখ কৰে।

আনহাতে, পথাৰ আৰু বজাৰৰ মাজত সংযোগ অতি সুদৃঢ় কৰিবলৈ থলুৱা যুৱক আৰু আত্ম সহায়ক গোটক ৰাজ সাহায্যযুক্ত ১০০০ খন মিনি ট্ৰাক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে মুখ্য মন্ত্ৰীয়ে।

জৈৱিক হাব গঠনৰ বাবে প্ৰধান মন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে ৭৫ বিঘা ভুমি চিনাক্ত কৰিছে বুলি জনাই তেওঁ লগতে কয়, ‘ৰাজ্য চৰকাৰে বিশ্বনাথ জিলাত এটা চেন্টাৰ অৱ এক্সিলেঞ্চ ফৰ অ’ৰগেনিক এগ্রিকালচাৰ স্থাপন কৰিব।‘

ইপিনে, ৰাজ্যৰ  জিলা দুগ্ধ সমবায় সমূহত শক্তিশালীভাৱে গঢ় দিবলৈ পদক্ষেপ হাতত লৈছে বুলি দাবী জনাই তেওঁ লগতে কয়, ‘ৰাজ্যৰ সকলো জিলাত একোটাকৈ দুগ্ধ সংসাধন উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্য্যায়ত প্ৰায়োগিক পৰিযোজনা হিচাপে মৰিগাঁও, শোণিতপুৰ আৰু বজালী জিলাত দুগ্ধ সংসাধন স্থাপন কৰা হব।‘

ইয়াৰ লগতে প্ৰতিখন জিলাতে কৃষি সামগ্ৰী বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিবলৈ শীতলীকৰণ ভঁৰালো আৰু প্ৰতিখন জিলাতে পশুখাদ্য মিল স্থাপন হ’ব বুলি মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰে।

ৰাজ্যত মাকৈ খেতি অধিক জনপ্ৰিয় কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত শীঘ্ৰে এখন নতুন কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে।

ৰাজ্যৰ সকলো বিল-জলাশয় চিনাক্তকৰণ আৰু জৰীপ কৰি আত্ম সহায়ক গোটখিনিক মৎস পালনৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনায়।

তদুপৰি, গোলাঘাটত আসাম বেম্ব’ এণ্ড কেন পলিচি প্ৰণয়ন আৰু লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

তদুপৰি, ৰাজ্যৰ ১৩৭ খন সত্ৰ দেৱালয়ক বছৰি ৩৬০ লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে সৰ্বানন্দ সোণোৱালে।

ইপিনে, গোৱালপাৰা জিলাত বসবাস কৰা কোচ-ৰাজবংশী লোকসকলৰ বাবেও কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মৰান আৰু মটক জনগোষ্ঠীৰ বাবেও দুখন সুকীয়া স্বায়ত্ব শাসিত পৰিষদ গঠনৰ কথা ঘোষণা।

লগতে টাই আহোম মৰাণ মটক আৰু চুতীয়া জনগোষ্ঠীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে এককালীন পুজিঁ আবন্টনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

তাৎপৰ্যপূৰ্ণভাৱে মুখ্য মন্ত্ৰীয়ে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়নেৰে বিদেশী মুক্ত অসম গঢ়াৰ বাবে চৰকাৰে আন্তৰিকতাৰে কাম কৰি অহা বুলিও দোহাৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd