• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত ধুমুহাত ক্ষতিগ্ৰস্তসকলক শীঘ্ৰে সহায় কৰাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ    

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2020 5:08 pm
মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সোণোৱাল

1.9k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ ধুমুহা বিধ্বস্ত লেজাই অঞ্চলৰ কেইবাটাও গৃহলৈ গৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উপৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰে।

প্ৰতিকূল বতৰকো নেওচি মুখ্য মন্ত্ৰীয়ে ধুমুহা ক্ষতিগ্ৰস্ত পৰিয়ালৰ গৃহলৈ খোজকাঢ়ি গৈ চৰজমিন বুজ লয়।

পৰিদৰ্শন কালত মুখ্য মন্ত্ৰী সোণোৱালে আজি কিছুদিনৰ পৰা সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে বুলি উল্লেখ কৰি ধুমুহাৰ ফলত বহুতো পৰিয়ালৰ গৃহ বিধ্বস্ত হৈছে বুলি কয়।

গৃহৰ লগতে তেওঁলোকৰ গৃহ চৌহদত থকা তামোলবাৰী, কল বাগান ইত্যাদি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

মুখ্য মন্ত্ৰীয়ে প্ৰতিখন জিলাৰ উপায়ুক্তক এই ক্ষতিগ্ৰস্ত লোক সকলৰ ক্ষয়-ক্ষতিৰ বুজি লৈ তথা জৰজমিন পৰীক্ষা কৰি অতিশীঘ্ৰে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ  নিৰ্দেশ দিয়ে।

আনহাতে, ক্ষতিগ্ৰস্ত জনসাধাৰণে যাতে অতিশীঘ্ৰে চৰকাৰী সাহায্য লাভ কৰিব পাৰে সেই সম্বন্ধে তৎকালীন পদক্ষেপ লোৱাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে বুলিও সোণোৱালে লগত কয়।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্যৰ জনসাধাৰণে ল’কডাউন কাৰ্য্যসূচী নিষ্ঠাৰে পালন কৰি আছে বুলি মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰি ধুমুহাত ক্ষতিগ্ৰস্ত তথা দুৰ্দশাগ্ৰস্ত ৰাইজক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলিও সোণোৱালে মত প্ৰকাশ কৰে।

ৰাজ্যখনৰ সাম্ভাব্য বানপৰিস্থিতি প্ৰতিৰোধ কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি মেৰামতি তথা নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি মথাউৰি নিৰ্মাণৰ লগত জড়িত থকা বিষয়া-কৰ্মচাৰী তথা শ্ৰমিকসকলে এই কাম কৰি আছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

সোণোৱালে মথাউৰি নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ, অভিযন্তা, বিষয়া-কৰ্মচাৰী তথা শ্ৰমিকসকলক স্বাস্থ্য বিভাগে প্ৰদান কৰা নিৰ্দেশনাৱলী তথা সামাজিক দূৰত্ব সঠিকভাৱে মানি চলি এই কাম আগুৱাই নিয়াৰ বাবেও আহ্বান জনায়।

আজিৰ এই পৰিদৰ্শনৰ সময়ত মৰান সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd