• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱৰ্তন!! মুখ্য মন্ত্ৰীৰ সমষ্টিত কণ কণ শিশু বিদ্যালয়লৈ যায় একাঁঠু বোকাৰ ওপৰেৰে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
September 14, 2019 3:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথাকথিত পৰিৱৰ্তনৰ ঢৌৱে স্পৰ্শ নকৰা মুখ্য মন্ত্ৰীৰ নিজা সমষ্টি মাজুলীৰ বাট-পথৰ দুৰৱস্থাক লৈ বাতৰি পৰিৱেশিত হৈ আহিছে যদিও চৰকাৰৰ সুদৃষ্টি এতিয়াও পৰা নাই।

বাট-পথৰ শোচনীয় অৱস্থাত ৰোগীৰ পৰা, কণ কণ ছাত্ৰ-ছাত্ৰীয়ে নৈমিত্তিক দুৰ্ভোগ ভুগি থাকিব লগীয়া হৈছে।

Apply Now

কেইদিন মানৰ পূৰ্বে ঠেলাত গৰ্ভৱতী মহিলাক নিয়াৰ এটা দৃশ্যই বাতৰিৰ শিৰোনাম দখল কৰাৰ পিছত মুখ্য মন্ত্ৰীৰ সমষ্টিটোৰে এক নং বৰ নলনি নামৰ গাঁওখনত দেখা গৈছে কণ কণ শিশুৱে একাঁঠু বোকাৰে ভৰা পথৰ ওপৰেৰে বিদ্যালয়লৈ যোৱা দৃশ্য।

গাঁওখন ৰঙাচাঁহী গাঁও পঞ্চায়তৰ আন্তর্গত আৰু বিদ্যালয়খনৰ নাম ভোলাচুক নলনি প্ৰাথমিক বিদ্যালয়।

একাঁঠু বোকা গচকি দৈনিক কণ কণ ছাত্ৰ-ছাত্ৰীসকল বিদ্যা আহৰণৰ বাবে যাব লগীয়া হয় যদিও চৰকাৰ আৰু প্ৰশাসনৰ কোনো পৰিকল্পনা নাই পথটো আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাক লৈ।

বৃহৎ অঞ্চলটোৰ আন আন লোকসকলেও একেই দুৰ্ভোগৰ মাজেৰে আহ-যাহ কৰিব লগীয়া হয়।

২০১৮ চনৰ ২ জুলাইত বিজেপিৰ সকলো বিধায়কৰ সৈতে গড়কাপ্টানী বিভাগ আৰু বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্বৰ এখন পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল, য’ত মুখ্য মন্ত্ৰীও উপস্থিত আছিল।

উক্ত বৈঠকত গড়কাপ্টানী বিভাগে সকলো বিধায়কক তেওঁলোকৰ সমষ্টিত নিৰ্মাণ আৰু মেৰামতি কৰিব লগীয়া বাট-পথবোৰৰ তালিকা দিবলৈ নিৰ্দেশ দিছিল।

Majuli Children way to School
মুখ্য মন্ত্ৰীৰ সমষ্টিৰ এক নং বৰ নলনী গাঁৱত কণ কণ শিশুৱে একাঁঠু বোকাৰ ওপৰেৰে বিদ্যলায়লৈ যোৱা ৰ দৃশ্য। ফটো : মিটু খাটনিয়াৰ।

পৰ্যালোচনা বৈঠকৰ অন্তত তাত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৩৩খন জিলাৰ প্ৰতিটো সমষ্টিৰ ৰাস্তা-পদূলি আধুনিক ৰূপত নিৰ্মাণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছিল।

মুখ্য মন্ত্ৰীৰ ভাষ্যটো আছিল,- “যাতায়াত আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী ৰূপত গঢ় দিয়াটো এইখন চৰকাৰৰ মূল উদ্দেশ্য। কাৰণ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী হ’লেহে অৰ্থনীতি, শিক্ষা, বাণিজ্য আদি সকলো দিশত এখন সমাজ আগবাঢ়ি যাব পাৰে।” তেওঁ লগতে কয়, “২০২০ চনৰ ভিতৰত ৰাজ্যখনৰ সকলো প্ৰধান পথ পকী কৰা হ’ব। এই ক্ষেত্ৰত বিধায়কসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব।”

উক্ত বৈঠকত বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্বই কৰা ঘোষণামতে, যোৱা বছৰৰ বাৰিষাৰ পিছতে সকলো বাট-পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম কৰাৰ কথা আছিল।

কিন্তু এই সকলোবোৰ কেৱল ঘোষণা আৰু ৰাজনৈতিক চমক হৈয়ে যে থাকিল ৰাজ্যখনৰ বাট-পথৰ অৱস্থাই প্ৰমাণ কৰে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd